Gajari: the Best of Indian Jokes: চাহ খাই যাবা বুলিহে ভাবিছিলোঁ

September 30, 2016

চাহ খাই যাবা বুলিহে ভাবিছিলোঁ

ননমিনে বিয়া মাতিবলৈ চচাক লৈ গাজাৰীৰ বেলতলা ফালে থকা মণিধা্ৰীৰ ঘৰলৈ গ'ল। বিয়াৰ চিঠিও  দিলে।

ডাইনিং টেবুলত ঢাকি থোৱা মাংসৰ বাচনটোৰ পৰা মিহি মিহিকৈ ওলাই থকা গোন্ধ পাই ননই ভাবিলে: "আজি কপালেই ভাল| (খোৱা বস্তুৰ গোন্ধ লোৱাত সি বোলে আৰ্মীৰ স্নিফাৰ কিটাতকৈও চাৰ!) পোলাও মাংস নোখোৱাকৈ মনিধাৰী বাইদেৱে যাবলৈ নিদিয়ে।"


ইফালে বাইদেউ ড্ৰয়িংৰুমৰ পৰা নুঠেহে নুঠে। বহুত দেৰি কথা পতাৰ পাছত দুপৰীয়াই যোৱা ল'ৰাকেইটাৰ ডিঙি শুকাই যোৱাত চচাই পানী এগিলাচ পাম নেকি সুধিলে।

জিলিকি উঠা মণিধাৰীয়ে লাহেকৈ ক'লে:  "ইচ্, চাহ খুৱাম বুলিহে ভাবিছিলোঁ। তোমালোকে পানীয়েই খাই যাবলৈ ওলালা। নেক্সট্ টাইম আহিলে কিন্তু চাহ নোখোৱাকৈ যাব নোৱাৰা কৈ দিছোঁ। যাম দিয়া বিয়ালৈ দেই...ভাল লাগিল মতাৰ কাৰণে ......"

নন আৰু চচাই আধা আধা গিলাচ পানী খাই উভতি আহিল|

- Utpala Kaur

No comments:

Post a Comment

Liked it? Please share with your friends.