আবেলি দত্ত মমো খাবলৈ চান্দমাৰীৰ ফালে ওলাই গৈছিল। ফুটপাথত বহা মমোৱালাটোৰ পৰা দম দি দি সদায়েই দত্তই ২ টা মমো বেছিকৈ খায়। আজিও মমো খাবলৈ যাওঁতে দেখিলে চেংমাই মস্ত ডাঙৰ কুকুৰ এটাৰ সতে খোজ কাঢ়ি আহি আছে। মিচিকিয়া হাঁহি এটাৰে চেংমাৰ পৰা মমো একপ্লেট সৰকোৱাৰ বুদ্ধি কৰি দত্ত আগবাঢ়ি গ’ল।
দত্ত: হে হে, ভালে আছ’?
চেংমা: আছোঁ...
দত্ত: তোৰ কুকুৰটোৱে কামোৰে নেকি?
চেংমা: নাকামোৰে..
দত্ত: হে হে...
এই বুলি দত্তই কুকুৰটোৰ মূৰত হাত ফুৰাই দিবলৈ ধৰিলে....
ঘেংকৈ শব্দ এটা কৰি কুকুৰে দিলে নহয় কামুৰি হাততে।
দত্ত: আয়াহ... তই দেখোন কৈছিলি তোৰ কুকুৰটোৱে নাকামোৰে
চেংমা: অ’ নাকামোৰে তো...
দত্ত: তেন্তে ই কেলেই কামুৰিলে? 😡😠
চেংমা: এইটো মোৰ কুকুৰ নহয় নহয়, এইটো কলিতাৰ হে কুকুৰ। মোৰ কুকুৰটো ত’ ঘৰত চিৰিয়েল চাই বহি আছে মস্তিত। হে হে.... 😁😂😁😁
দত্তই তাৰ পিছত চেংমাক দুদিন, কলিতাক তিনিদিন আৰু কুকুৰটোক দহ দিন মাতবোল নকৰিলে।
___________________________
No comments:
Post a Comment
Liked it? Please share with your friends.