ডেকাই কোৱা সঁচা কাহিনী। বিশ্বাস কৰিলে কৰিব, নকৰিলে নো মোৰ কি ডাল আহে যায়। ;)
Gajari Blog is a collection of the best Indian New Jokes from Facebook, Google and others. Edited, maintained and updated by Santanu Changmai. Spread the laughter! Keep smiling.
October 14, 2022
এবটল বীয়েৰ, এডাল সাপ, এডাল কেঁচু...
আ-কাৰ, ই-কাৰ নোহোৱা কবিতা
Funny Assamese Jokes |
ভাস্কৰ: -
কৰতল কমল
মদৰ বতল
লগত মটৰ
কতৰ কতৰ
গমন কৰয়
ধলং পলং
(ৰাইজ বেয়া নাপাব এই অভাজনে তেৰাক চেৰাই যাব নোৱাৰো৷ ভুল পথে গলে যেন এই অভাজনক পোন বাট দেখোৱায় )
চেংমা: -
এয়া মাথোন ধেমালিৰ বাবে কৰা প্ৰয়াস, কোনেও দোষ নধৰে যেন
______________________________________________________
Facebook, Assamese poem, Poetry Funny, Jokes
গুৱাহাটী- শ্বপিং মল
এজন বৃদ্ধ আৰু তেওঁৰ নাতিয়েক প্ৰথম বাৰৰ বাবে গাঁৱৰ পৰা গুৱাহাটী ফুৰিবলৈ গ’ল। এটা শ্বপিং মলত সোমাই তেওঁলোক থৰ লাগিল- ইমান ধুনীয়া ধুনীয়া বস্তু চাৰিওফালে, ইমান চাফ-চিকুণ, ইমান ৰঙীণ লাইট।
তেনেতে তেওঁলোকে দেখিলে এজনী বুঢ়ী লাখুটি ডালত ভৰ দি দি বেৰ এখনৰ কাষলৈ গ’ল, তাত ৰঙা বুটাম এটা টিপিলে আৰু দুৱাৰ খন খোল খাই গ’ল | হতবাক হৈ দুয়ো চাই থাকোঁতেই বুঢ়ীজনী ভিতৰলৈ সোমাই গ’ল আৰু বেৰখনে বুঢ়ীক খাই পেলালে |
বৃদ্ধ আৰু নাতিয়েক এক্কেবাৰে অবাক।
চকু কপালত তুলি সেইফালে চাই থাকোঁতেই বেৰখন খোল খালে- আৰু তাৰ পৰা "কঁকাল খামুচীয়া, গাল গুলপীয়া" ষোড়শী গাভৰু এজনী ওলাই আহিল |
দুই মিনিট মান থৰ লাগি থকাৰ পিছত বৃদ্ধই নাতিয়েকক চাই ক’লে- " যা সোণাই, জল্দি জল্দি আইতাৰক গাঁৱৰ পৰা লৈ আহ গৈ যা, দেৰি নকৰিবি"
স্পিৰিচুৱেল ট্ৰেইনিং কেম্প
স্পিৰিচুৱেল ট্ৰেইনিং কেম্প-
সাধু: নিজৰ চৰিত্ৰৰ ওপৰত কন্ট্ৰ’ল ৰখাটো খুবেই জৰুৰী | চৰিত্ৰ নিকা হ’লে হে মন ভাল হ’ব, মন ভাল থাকিলেহে সকলো ভালে থাকিব। যেতিয়াই মন পিচলে, ভগৱানৰ নাম লৈ " হৰি ওঁম হৰি ওঁম " জপিব লাগে। যেতিয়াই কোনো ষোড়শীক দেখি মনে থৰকাচুটি হেৰুৱায়, ক’ব লাগে- হৰি ওঁম হৰি ওঁম।শিষ্যগণ: অ’ কে বাবা।
সাধু: এতিয়া আমি গভীৰ ধ্যানত লিপ্ত হ’মহঁক, সকলোৱে চকু মুদি নিবিষ্ট চিত্তেৰে ধ্যান কৰাহঁক।
সকলো শিষ্য ধ্যানত মগ্নবিভোৰ। আনন্দত ধ্যানৰ লেভেল টু পাই থুলুকে বিৰবিৰাবলৈ ধৰিলে |
থুলুক:- হৰি ওঁম হৰি ওঁম।
বাকী শিষ্যগণ সমস্বৰে:- ক’ত ক’ত ?
লটাৰী- একলাখ টকা
থুলুকে লটাৰীত ১ লাখ টকা জিকি খুচ | লটাৰীৰ দোকানলৈ গৈ টকাখিনি ডিমাণ্ড কৰিলে |
দোকানী:- দাদা, এতিয়া আপোনাক ২০,০০০ টকা হে দিব পাৰিম, বাকী খিনি টকা আহিবলৈ এসপ্তাহমান লাগিব |
থুলুক:- মই সেই চব নাজানোঁ, মোক টকা এতিয়াই লাগে | দিলে পূৰা একলাখ টকা দে, নহ’লে লটাৰী টিকেটৰ দাম- পঞ্চাশ টকাটো উভোতাই দে |
ভেকোলা আৰু এজনী ধুনীয়া ছোৱালী
Funny Jokes in Assamese |
এবাৰ আমাৰ ভেকোলা চহৰলৈ গৈছিল ! চহৰত সি এজনী খুব ধুনীয়া ছোৱালী দেখিলে....!
ছোৱালীজনীয়ে চুটি গাউন এটা পিন্ধি আছিল ! ভেকোলাই ভাবিলে যে তাৰ ঘৈণীয়েকলৈ তেনেকুৱা কিবা এটা লৈ যাব আৰু তাৰ ঘৈণীয়েক পুতলীকো ধুনীয়া দেখা হব !
লাহে লাহে সি ছোৱালীজনীক সুধিলে....
“ ভন্টি, কি নাম তোমাৰ ?”
“ কিয় লাগে ?”(ঘোপাকৈ চাই... )
“ নাই মানে এনেই সুধিছো ...!”
“ ভন্টি, এইটো কত পায় ?” (গাউনটোলৈ আঙুলিয়াই)
“ গছত লাগে...” (খঙেৰে ...)
“ ভন্টি.... বৰ কলিতে ছিঙিলা দেই!"
___________________________________
Funny Assamese Jokes, New Jokes