Gajari: the Best of Indian Jokes

March 04, 2013

গোন্ধোৱা মুখ


স্ত্ৰী: আপোনাৰ মুখখন ৰাতি ইমান বেয়া গোন্ধায় ।
স্বামী: সেইবাবেতো সোণজনী অকণমান সন্ধিয়া মদ খাই আহো যাতে তুমি অশান্তি নোপোৱা |

by Rajprotim Gogoi

Thuluk and his Car


মাক: বেটা থুলুক, ডিগবৈৰ পৰা গুৱাহাটী আহিবলৈ মাত্ৰ ১২ ঘন্টা লাগিল আৰু উভতি যাওঁতে ৫৬ ঘন্টা!!! কিয় ?

থুলুক: কি কৰিম মা, গাড়ীখনেই এনেকুৱা... আহিবলৈ ৫ টা গিয়েৰ আৰু উভতি যাবলৈ মাত্ৰ এটা ৰিভাৰ্ছ গিয়েৰ; দেৰি হোৱা টো ত’ স্বাভাৱিকেই, নহয় জানো ?

by Changmai

ভোলা এণ্ড ভাড়া ঘৰ


ভোলাই লোৱা নতুন ভাড়া ঘৰটোত ধেৰ মহ |

মহৰ কামোৰ খাই খাই সি অতীষ্ঠ হৈ গ’ল | পিছদিনা গধূলি সি এক বটল ফেনাইল কিনি গটগটকৈ গিলি ক’লে: ওঁ বেটা, আহ, এতিয়া কামোৰ হি... চব এটা এটা কৈ মৰিবি |

by Changmai

kalita the eesmart daddy


কলিতাৰ পোৱালিটোৱে থেন থেনাই আছে |

একো বুজি নাপাই কলিতাই ৰেকৰ্ডাৰ এটা আনি ৰেকৰ্ড কৰিবলৈ ধৰিলে |
অলপ পিছত কলিতানী আহিল, " হেৰি, কি নো কৰি আছে হয় ?"

কলিতা: আমাৰ পোণাকণে কি কৈছে একো বুজিকে পোৱা নাই নহয়... সেই কাৰণে ৰেকৰ্ড কৰি থৈছোঁ |

কলিতানী: ৰেকৰ্ড কৰি নো কি হ’ব হয়?

কলিতা: ই যেতিয়া ডাঙৰ হ’ব... বজাই শুনাম আৰু সুধিম, ইয়াৰ অৰ্থ নো কি ?

by Changmai

দত্ত আৰু কলিতা


দত্তই কলিতাক ১২০০ টকা উভোতাই দিবলৈ আছে | যোৱা ছমাহৰ পৰা কলিতাই খুজি খুজি হায়ৰাণ হৈ গ’ল | দত্ত‍ই সদায় বাহানা দেখুৱাই মানা কৰি দিয়ে |

এদিন দুই বন্ধু বিয়া খাবলৈ মটৰচাইকেলত দূৰ গাওঁ এখনলৈ গ’ল | উভতি আহোঁতে সন্ধিয়া লাগো লাগোঁ | বাটতে এখন হাবি | হঠাত্‍ দুয়োকে চাৰি -পাঁচটা ডকাইতে ঘেৰি ধৰিলে |

দত্ত‍ই লগা লগ পকেট খুচৰি অলপ টকা উলিয়াই কলিতাৰ হাতত দি ক’লে: "হোঁ ল’ এইয়া ১০০০ টকা, এতিয়া ২০০ হে বাকী থাকিল দেই, সেইখিনি পিছত উভোতাই দিম" !

by Changmai

February 08, 2013

ইটোতকৈ সিটো চাৰ

বৰুৱা: ও দোষ্টী, জান' মোৰ দেউতা বৰ ডাঙৰ সাতোঁৰবিদ আছিল !
দত্ত: কচোন বাৰু তোৰ দেউতাৰা কি ধৰনৰ সাতোঁৰবিদ ?
বৰুৱা: এবাৰ মোৰ দেউতা ভৰলুত ডুব মাৰি ব্রহ্মপুত্রত ওলাইছিল
গৈ !!
দত্ত: ধেই ইমানখিনি কথা !!!…..তোৰ দেউতাৰা মোৰ দেউতাৰ আগত
একো নহয় ৷ বুজিছ’ ৷
এবাৰ মোৰ দেউতা জালুকবাৰীত থকা আমাৰ ঘৰৰ পানী টেংকিত ডুব
মাৰি AIDC ৰ ফুটপাথৰ Man hole ৰে গৈ ওলাইছিল !!
 
by Marylene D
http://ads.cpxcenter.com/cpxcenter/s_landing.php?nid=4&pid=18083&sid=18238&cid=8692&cuid=k2rit6d&ad=9317&subid=&opt1=&opt2=

ওজন জোখা মেচিন

ভিখাৰী:- অ’ দাদা, এটকা দিয়ক না, তিনি দিনৰ পৰা একো এটা খোৱা নাই
কলিতা:- তিনি দিনৰ পৰা একো খোৱা নাই যদি নো কি কৰিবি মাত্ৰ "এটকা" টোৰে হুঁ ?

ভিখাৰী: - [ মূৰটো কৰিম ] চান্দমাৰী ফাৰ্মাচীৰ আগত ওজন জোখা মেচিন এটা আছে, তাতে এটকা টো ভৰাই দি যোৱা তিনি দিনত কিমান ওজন হ্ৰাস পালে চাম আক’

 

by Changmai