Gajari: the Best of Indian Jokes: Internet Jokes Assamese
Showing posts with label Internet Jokes Assamese. Show all posts
Showing posts with label Internet Jokes Assamese. Show all posts

October 14, 2022

গিৰিজাই মাষ্টৰ- Assamese Joke

 কেৰকনৰ বৰ ভয়... ঘৰৰ পৰা বাহিৰ হলেই গিৰিজাই মাষ্টৰে বাট আগুচি ধৰে!কথা একো নাই.. মানুহৰ উচচাৰণত ভুল ধৰি ভাল পায় গিৰিজাই মাষ্টৰে.... মানে একেবাৰে শুদ্ধ উচ্চাৰণৰ মানুহ! (কেৰকনৰ আকৌ এনেই অলপ অসুবিধা হয়..... যেনে... আৰু টো আও.... প্ৰথম টো পথম ... ইত্যাদি.. ) 

আজি ৰাতিপুৱা কেৰকন ঘৰৰ বাহিৰলৈ ওলাল..! ওলায়েই দেখিলে যে মাষ্টৰ ৰৈ আছে.. বাহিৰত....! 
মাষ্টৰ : কলৈ যাৱ কেৰকন ?
কেৰকন : পতাপৰ দোকানলৈ যাও !
মাষ্টৰ  : (মুখ বিকটাই... ) হেৰৌ.. পতাপ নহয়... ঔ.. "প্ৰতাপ" হে..... ৰ কাৰ এডাল .. থাকে নহয়...! কিবা কাম আছিল নেকি ?
কেৰকন : (সাৱধান হৈ ...) নহয় মানে ছাৰ্.. পথমতে পতাপৰ দোকানৰ পৰা চাকি দুগছ লৈ স্কুল যাম !আজি শধান্জলি পাতিছে নহয় ! 
মাষ্টৰ  : (খঙেৰে...গালি পাৰি... ) তহত.. মূৰ্খবোৰে .. অসমীয়াৰ জাত মাৰিলি....! ৰ কাৰ যোগ দিবলৈ কিমান শিকাব লাগে ? পতাপ নহয় প্ৰতাপ্.... পথম নহয় প্ৰথম্.... আৰু মাৰিলি.. ঐ মাৰিলি.... ! শধান্জলি ... নহয় ... ঐ ..গৰু .. শ্ৰদ্ধাঞ্জলি.. হে ......!
এইবাৰ কেৰকনৰ সচাই ভয় লাগিল.... ! পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ... সি ভাবিলে.... যে মাষ্টৰক  মাফ খুজি ইয়াৰ পৰা পলাব পাৰিলেই হল আৰু ....! 
কেৰকন : (অলপ চিন্তা কৰি...) ত্ৰেত্ৰিয়া হ্ৰলে ছ্ৰাৰ, আজ্ৰিৰে প্ৰৰা ম্ৰই স্ৰব্ৰত্ৰে ৰ্ৰক্ৰাৰ যোগ্ৰ দ্ৰিম্ৰেই দ্ৰিম ...!আপ্ৰুনি চ্ৰিন্ত্ৰা নক্ৰৰ্ৰিব!

 
গিৰিজাই মাষ্টৰ  খঙতে মূৰ্ছা গল... !

______________________________________________

Google Assamese blog, Facebook Assamese jokes

কোনে কিমান ফেঁকিব পাৰে

 এখন ৰেস্তোৰাত... তিনিজন বন্ধুৱে কথা পাতি আছিল্..! তাৰে এজন আমেৰিকান, এজন জাপানিজ আৰু এজন অসমীয়া ...! কথাই কথাই.. তেওলোকৰ মাজত নিজ নিজ দেশৰ টেকনলজিৰ ফুটনি আৰম্ভ হল !


আমেৰিকান : আমাৰ এমেৰিকাত এইবাৰ এখন এৰোপ্লেন বনাইছে যে, একেবাৰে মুনৰ (চন্দ্ৰ) লগে লগে উৰে ! 
জাপানিজ + অসমীয়া : কি ??? ইমান ওপৰেৰে উৰে ?
আমেৰিকান : (অলপ ভ কৰি) ... নহ মানে ... অলপ তলেদি উৰে .....
জাপানিজ : আমাৰ জাপানে আকৌ এতি এখন ছাবমেৰিন উলিযাইছে.... যিখন.. একেবাৰে সাগৰৰ তলৰ মাটিত লাগি চলিব পাৰে...!
অসমীয়া + আমেৰিকান: কি ??? সচাই নে ?
জাপানিজ : (লাজ পাই) ... নহ.... মানে ... অলপ ওপৰেদি চলে !
অসমীয়া : (অলপ ভাবি) এইবাৰ আমাৰ দেশত এনেকুৱা মানুহ আমি জন্ম দিছোঁ .... 
যে .... সেই মানুহবোৰে...... নাকেৰে ভাত খা !
জাপানিজ + আমেৰিকান : কি ??? ( আচৰিত হৈ .... )


অসমীয়া: ( বুকু ফিন্দাই ... ) নাই... মানে... অলপ তলেদি খা .....! হি হি হি

____________________________________

Assamese Jokes, Google Jokes, Latest jokes

July 18, 2013

Biscuit: Assamese JOKE

প্ৰথমতে হাঁহি নুঠিলে অলপ চিন্তা কৰি লৈ হাঁহিব৷
----------------------------------

গ্ৰাহক: হেৰি, কুকুৰক খুউৱা বিস্কুট আছে নেকি?
দোকানী: আছে আছে, বান্ধি দিম নে ইয়াতে খাব?

by Makhal Lal Das

June 06, 2013

অসমীয়া কৌতুক: কামকৰা বাই

ঘৰৰ মালিকনীক মন মাৰি থকা দেখি ঘৰৰ কামকৰা বাইজনীয়ে সুধিলে -

বাই :- বাইদেউ, আপুনি আজি কিয় ইমান মনমাৰি আছে ?

মালিকনী :- কি কবি, মই আজিহে গ'ম পালো, তোৰ মালিকৰ অ'ফিচৰ কোনোবা ছোৱালীৰ

লগত লিলিমাই আছে । মই আৰু জীয়াই থকাৰ একো লাভ নাই বুজিলি ......।

বাই :- কি..ই..ই, এইটো কেতিয়াও হ'ব নোৱাৰে । মালিক কেতিয়াও ইমান নিষ্ঠুৰ হ'ব নোৱাৰে ।

মালিকে মোক কেতিয়াও ধৌকা দিব নোৱাৰে .......। (শেষ )

-- পালে গ'ম?
 যদি গাজাৰীত কোনোবা কামকৰা বাই আছে তেনেহ'লে সাৱধান ---


********** আপোনাৰ আজিৰ দিনতো বিন্দাছ হওঁক ***********

by Kandarpa Borthakur

May 27, 2013

Assamese Jokes: Google best funny jokes

Google: Assamese Jokes



Best Assamese jokes on internet
Facebook jokes, Google jokes, new jokes, latest jokes
Indian jokes, laughing jokes, Funny jokes, fresh jokes
অসমীয়া কৌতুক, অসমীয়া লিখনি, অসমীয়া ব্ল’গ
Blog in assamese, blogs in assamese, blogs from assam

May 04, 2013

ডাক্তৰী বিদ্যাৰ কিটিপ [Assamese jokes]


একেবাৰে Clean গাজা:

মেডিকেল কলেজত নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ-ছাত্ৰীসোপাক লৈ চেংমাই ডাক্তৰ লে’বলৈ গ’ল|
চেংমাই: - ল’ৰা ছোৱালীহঁত, ম‍ই আজি তোমালোকক এজন সফল ডাক্তৰ হোৱাৰ ৰহস্য ক’ম|
প্ৰথমটো ৰহস্য- ডাক্তৰে একো বস্তুকে ঘিণ নকৰে! এইয়া মোক চোৱা...

এই বুলি কৈ চেংমাইয়ে এক বাটি বমিত আঙুলি এটা ডুবাই আঙুলিটো উলিয়াই চুপিবলৈ ধৰিলে|
ছাত্ৰ-ছাত্ৰীবোৰৰ অৱস্থা কাহিল...

চেংমাই: - এতিয়া তোমালোকেও ট্ৰাই কৰা... ঘিণ নকৰিবা

যেন তেন চেষ্টা কৰি ৪-৫ টা আহি বমি আঙুলিত লগাই চুহিবলৈ ধৰিলে| আধা ঘন্টাত প্ৰায় খিনি ছাত্ৰ-ছাত্ৰীয়েই আঙুলি বমিত ডুবাই ডুবাই কামফেৰা কৰিলে| কেইজনীমানে তো হকহকাই বমিয়েই কৰি দিলে|

চেংমাই: - অলৰাইট, এতিয়া ৰহস্য নম্বৰ দুই:
একাগ্ৰতা! নহ’লে ডাক্তৰ হোৱাটো বৃথা...| খুব ধ্যান দি কাম কৰিব লাগিব|
তোমালোকে চাগে মন কৰা নাছিলা. ম‍ই বমিৰ বাটিত ডুবাইছিলোঁ তৰ্জনী আঙুলিটো আৰু চুপিছিলোঁ অনামিকা আঙুলিটো হে| হি হি হি হি|

by Changmai

দত্তৰ ডায়েৰী (Assamese funny jokes)


১৮+

দত্তৰ ডায়েৰীৰ পাতৰ পৰা চুৰি কৰি অনা কাহিনী: -

এদিন তেওঁ পলাশবাৰীৰ পৰা দেৰগাঁৱলৈ বাইকত বহি হেডফোনত গান শুনি শুনি গৈ আছিল| খালী ৰাস্তা|
তেনেতে এখন ফ্লাই-অ’ভাৰ আহিল| দত্ত‍ই দেখিলে এজনী ছোৱালীয়ে ফ্লাইঅ’ভাৰৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ উদ্যত হৈছে|

ততাতৈয়াকৈ দৌৰি গৈ দত্ত‍ই তাইৰ হাতত ধৰিলেগৈ|
দত্ত: কি কৰা কি কৰা?
তাই: মোক মৰিবলৈ দিয়া, জীয়াই থাকিবলৈ মোৰ অকণ্ণো ইচ্ছা নাই

দত্ত: (অলপ ভাবি) ঠিক আছে, কিন্তু মৰিবাই যেতিয়া মৰাৰ আগতে মোক "চুম" এটি খাই যোৱা না
তাই: (অলপ ভাবি) ঠিক আছে...

"......................"

দত্ত: ৱাহ, কি অপৰূপ| ইমান সৌন্দৰ্য আৰু গুণৰ অধিকাৰী হৈও তুমি কিয় মৰিবলৈ ওলাইছা?
তাই: বহুত ট্ৰেজেদি| ল’ৰা হৈ জন্ম লৈছিলোঁ, কিন্তু ছোৱালীৰ নিচিনাকৈ মেক-আপ কৰি ছোৱালীৰ ড্ৰেছ পিন্ধি থাকিবলৈ ভাল পাওঁ| তাকে ঘৰৰ মানুহে বুজি নাপায়... মোক ল’ৰাৰ লগত হলি-গলি কৰিবলৈকো নিদিয়ে, সেই কাৰণেই মৰিবলৈ ওলাইছোঁ| থেংকছ ফ’ৰ দা কিছ চুইটো...

by Changmai

February 08, 2013

ওজন জোখা মেচিন

ভিখাৰী:- অ’ দাদা, এটকা দিয়ক না, তিনি দিনৰ পৰা একো এটা খোৱা নাই
কলিতা:- তিনি দিনৰ পৰা একো খোৱা নাই যদি নো কি কৰিবি মাত্ৰ "এটকা" টোৰে হুঁ ?

ভিখাৰী: - [ মূৰটো কৰিম ] চান্দমাৰী ফাৰ্মাচীৰ আগত ওজন জোখা মেচিন এটা আছে, তাতে এটকা টো ভৰাই দি যোৱা তিনি দিনত কিমান ওজন হ্ৰাস পালে চাম আক’

 

by Changmai