Gajari: the Best of Indian Jokes

November 16, 2014

পানীৰে লিক চেকিং

মিছেছ ধীমান:- জানু পানী এগিলাছ দিবাচোন !
মিষ্টাৰ ধীমান:- হা... এই মাত্ৰ খালা চোন আকৌ পিয়াহ লাগিলেই নেকি...?
মিছেছ ধীমান:- (খং) নাই লগা পিয়াহ চিয়াহ!  চেকহে কৰিম... ক’ৰবাত লিকচিক হ'ল নেকি!

~ জয় দীপ

শহাৰ তিনিটা বৰ আৰু কলিতানী (Assamese Jokes)

কইলতাৰ ঘৈণীয়েকে হাবিত অৰ্কিড বিছাৰি আছিল অকলে, হঠাতে দেখিলে শহা এটা ফান্দত লাগি আছে। শহাটোৱে ক’লে- তুমি যদি মোক ফান্দৰ পৰা এৰুৱাই দিয়া, মই তোমাক তিনিটা বৰ দিম,

কইলতানীয়ে শহাটোক ফান্দৰ পৰা এৰুৱাই ক’লে ..
প:- বাপু, বৰ নেলেগে ঔ, এটাই পাইছেগৈ!! তই যা!
শ:- সেইটো বৰ, মানে পতি নহয়, জধাবাঈ, বৰ দিম মানে ৱিছ গ্ৰাণ্ট কৰিম আকৌ।
প:- হয়নি? ইংলিছত কবি আক’ .....মই এচমিজ ভালকে নেজানোং নহয়!! সৰুৰে পৰা ইংলিছ মিডিয়ামত পঢ়া যে।
শ:- লেভেল নিদিবি! বৰ লাগে নে নাই ক?
প:- দে দে, জল্ডি দে,
শ:- এটা কথা কবলে পাহৰিছো দেই, তোক যি বৰ দিম, তোৰ মানুহটোৱে তাতকে দহগুণ বেছিকে পাব।মঞ্জুৰ হেঁ??

প:- হমম... মঞ্জুৰ হেঁ!!পিচত চাম বাৰু কি হয়!! প্ৰথমতে বৰ দেচোন!! ফাৰ্ষ্ট ফাৰ্ষ্ট ....তই মোক পৃথিৱীৰ সকলোতকে ধুনীয়া আপী বনাই দে।

শ:- দিম বাৰু, চাবি আকৌ, তোৰ মৰদটো পৃথিৱীৰ চবতকে বেছি হেণ্ডচাম মানুহ হৈ যাব। মাইকীবিলাক তাক দেখি পাগল হৈ যাব।

প:- ন’ প্ৰব্লেম। ধান খাকে মূৰ্গী কাহাঁ ভাগেগা? বাৰু শুন !!! নেক্‌ষ্ট মোক পৃথিৱীৰ সকলোতকে ধনী মানুহ কৰি দে!!
শ:- অকে, কিন্তু মনত ৰাখিবি, তোৰ মানুহটো তোতকৈ দহগুণ ধনী হৈ যাব। আৰু ধনী মানুহৰ কাৰণেতো চব হাতৰ মুঠিত !!
প:- এহ তাৰ মানেই মোৰেই আৰু! ন’ চিন্তা, জলদি কৰ।
শ:- অকে, লাষ্ট ৱিছ?
প:- মোক এই লোহাৰ লাঠিডালেৰে লাহেকৈ মূৰতে মাৰ মাৰি দে, মানে ইমান লাহেকৈয়ো নহয়, মূৰ ফাটি তেজ ওলাই যোৱাকে মাৰ।

মৰেল : প্যাৰ কিয়া ত’ ডৰনা জৰুৰী হেঁ!!

~ অভি কলিতা

বাঘ চাবলৈ গৈ...

কৰবেট দাৰ লগৰ এটাই এদিন হাবিলৈ বাঘ চাবলৈ গ’ল|
পিছদিনা কৰবেট দাই সুধিলে, "কি কি দেখিলি? কি কি শিকিলি ভাই?"

মানুহটো: শিকিলোঁ যে বাঘক সুৰসুৰাই দিলেও নাহাঁহে...
কৰবেট: আৰু কি শিকিলি?
মানুহটো: আৰু শিকা নাই, শিকিম হে কাইলৈ... এখন হাতেৰে কেনেকৈ জোতাৰ লেছ বান্ধিব লাগে, তাক শিকিম|

~ Changmai

অসমীয়া কাৰ্টুন: ফেচবুক আৰু ইনবক্স

Gajari Dot Com Jokes
জয় দীপৰ অসমীয়া কাৰ্টুন

নাই চলাইৰ জুই; আহ থাকোঁ শুই...

কালি নিশা লগ দুটাৰ লগত অধিকাৰী বাবুৱে বহুত দেৰিলৈকে পাৰ্টী কৰিলে|
কাৰেন্টো নাই, মমৰ পোহৰতে পেপছি আৰু চিকেন দকচি খালে|

নিশা ১১ মান বজাত চিগাৰেট এডাল জ্বলাবলৈ লৈ সিঁহতে দেখে, জুইশলাই খতম!
গোটেই ঘৰ ওপৰ তল কৰি বিচাৰিলে- নাপালে|
বাহিৰলৈকো গৈ চালে- কিন্তু দোকান চব বন্ধ|

শেষত উপায় নাপাই মমডাল নুমুৱাই তিনিও শুই পৰিল|

~ Changmai

হাতী নে জোঁৱাই হুঁ? [অসমীয়া কৌতুক]

সৌকাধৰাৰ কথা ক’বলৈ লৈছো |
প্ৰথমবাৰৰ বাবে অকলে সৌকাধৰা শহুৰেকৰ ঘৰলৈ গ’ল |
গধূলি হৈছিল | শহুৰেক ঘৰত নাই | বিশেষ সকামত চহৰলৈ গৈছে |
ঘৰত শাহুয়েক আৰু খুলশালী ল’ৰা তীখৰ | শাহুয়েকে ৰাতিনো আৰু ক’ৰ বজাৰলৈ তীখৰক পঠিয়াব বুলি ভাবি বাৰীৰ পৰা কল-পচলা কাটি আনি যত্নৰে ৰান্ধি বাঢ়ি জোঁৱায়েকক ভাত খাবলৈ মাতিলে |

সৌকাধৰা তামাম খুচ |চহৰতনো ক’ত এইবোৰ খাবলৈ পায় | জীয়েকেও হেনো এইবোৰ ৰান্ধিব নাজানে | এনে খাদ্য খাবলৈ পালে হেনো সৌকাধৰাক মাছ-মাংস-কণী একোয়েই নালাগে |

শাহুয়েকে সকাহ পালে | যা হওঁক, তেওঁৰ চিন্তা গুছিল | পিছদিনা দিনতো তেওঁ কল-পছলা ৰান্ধিলে | সৌকাধৰাই ভালেই পালে | শাহুয়েকৰ ৰন্ধন শৈলীৰ প্ৰশংসা নকৰাকৈ থাকিব নোৱাৰিলে তেওঁ | গধূলিও শহুৰেক আহি নাপালে |

শাহুয়েকে আকৌ পছলা ৰান্ধিলে| লগত কলডিলৰ শুকান ভাজি, মচুৰ দাইলৰ বটাৰে লেটিয়াই কলডিলৰ বৰ আৰু কলডিলৰ কোমল অংশৰ নহৰু দিয়া জ্বলা চাটনী | সৌকাধৰাই আপত্তি নকৰাকৈ ভাত খালে |

পিছদিনা পুৱাও শহুৰেক আহি নোপোৱা দেখি শাহুয়েকে তীখৰক কলপুলি কাটিবলৈ বাৰীলৈ পঠিয়ালে | সৌকাধৰাই মাক-পুতেকৰ গতিবিধি চাই আছিল | তেৱোঁ তীখৰৰ পিছে পিছে গ’ল | তীখৰ কলপুলি কটাত লাগিল |

সৌকাধৰাই যথেষ্ট উষ্মাৰে তীখৰক ক’লে, " সদায়, সদায় প্ৰতি সাঁজতে  কলগছ খুৱাবলৈ বাপেৰে বায়েৰক মানুহৰ লগত নে হাতীৰ লগত বিয়া দিছিল হাঁ?"

~ Sushmita Das

অসমীয়া কৌতুক পঢ়াৰ মজা

Gajari Dot Com Cartoon
গাজাৰীৰ গাজা পঢ়িলে তো এডিকশ্যন হোৱাটো স্বাভাৱিক!