Gajari: the Best of Indian Jokes

August 22, 2016

লাইক মাতাই কৈ গৈছে....

 লাইক মাতাই কৈ গৈছে....

বিবেক অবেৰয়ৰ উপাধিটো প্ৰথমে "ৰয় " আছিল।তেওঁ যেতিয়া স্কুলত পঢ়ি আছিল তেতিয়া লগৰবোৰে অবে ৰয়,অবে ৰয় বুলি মাতি মাতি উপাধিটো অবেৰয় কৰি পেলালে।

জোঁৱাইৰ উপস্থিত উত্তৰ

বহুতদিন পিছত চহৰীয়া জোঁৱাই শহুৰেকৰ ঘৰলৈ গ’ল|
শাহুৱেকে আথে-বেথে বহিবলৈ দিলে|

দুপৰীয়া ভাত-পানী খোৱাৰ পিছত-

শহুৰেক: জোঁৱাই, তুমি হেনো মদো খোৱা| মই কালিহে গম পালো| বেয়া কথা দেই....

জোঁৱাই: আপোনাৰ জীয়েকেও তেজ খায়| কেতিয়াবা কৈছিল জানো? বিয়াৰ পিছত হে গম পালোঁ|


Assamese Jokes 2016

হিমুদাৰ বিয়াৰ কাহিনী

বহু জল্পনা কল্পনাৰ পিছত হিমুদাই সিদ্ধান্ত ললে যে অতি হিচাপী আৰু কৰাইচ ছোৱালী আনিলেহে এইটো যুগত চলিব পৰা যাব৷
সকলোকে কৃপণ ছোৱালী বিচাৰিবলৈ লগাই দিয়া হ’ল আৰু এদিন ৰিণ্টুদাই শুভবাৰ্তাটো আনিলে- এজনী অতি কৰাইচ ছোৱালী পোৱা গৈছে এখন গাৱঁত ।

হিমুদাক লগত লৈ ৰিণ্টুদা, অভিদা আৰু চাৰিজন সাংগো-পাংগো ওলালগৈ মানুহ ঘৰত ।

লিভিং ৰুমত সোমায়েই হিমুদাৰ দিল খুচ । পীৰা ৫ খনৰ বাদে একোৱেই নাই৷
অলপ পিচত কইনা আহিল হাতত চাহ লৈ ।
উৰি বাবা, এইয়া কি -- ? ভীমকল এটা তিনিডোখৰ কৰি দিছপ’জেবল গ্লাছত ৰঙা চাহ ।

হিমুদাই মনে মনে ভাবিলে --- এক্কেবাৰে সঠিক জেগালৈকেই আহিছো ।

চাহৰ পৰ্বৰ পিছত এইবাৰ ভাত খোৱাৰ নিমন্ত্ৰণ আহিল ।

আটাইকেইটা হাত চাত ধুই সাজু--- ভাত আহিল৷ কাষতে দালিৰ নামত কেৱল পানী । হিমুদাই পানীৰ লগত তিনিটামান দালি ঢালি অনা বাতিটোৰ ফালে চাই ৰ’ল । কইনাৰ মাকে মাত লগালে --- বোপাই খোৱা দেই । দাইলৰ যিহে দাম৷ এনেকৈয়ে আৰু ।

হিমুদাও কম নহয় -- মইতো কেতিয়াবা এটা জলকীয়া দিয়েই ভাত খাই দিওঁ । বজাৰত পাচলিৰ যিহে জুই চাই দাম৷ (Assamese Jokes from গাজাৰী ডট কম)

জলকীয়াৰ কথা ওলোৱাৰ লগে লগে ছোৱালীৰ মাকে কলে --- "আইজনী পাকঘৰত কালি বাৰীৰ পৰা আনি থোৱা জলকীয়া তিনিটা আছে তাৰে এটা তিনিফাল কৰি লৈ আহ৷"
কথা মতেই কাম ।
কইনা গ’ল জলকীয়া ফালিবলৈ৷ কিন্তু বহু সময় ধৰি ওলাই নহাত মাকে মাত লগালে -- কি হ’ল ঔ আইজনী ?

আইজনীয়ে লাজ লাজকৈ ওলাই আহিল --- মানে জলকীয়াটো ফালোতে জলকীয়াৰ গুটি তিনিটা
তলত পৰিলে৷ দুটা পালো । আনটো বিচাৰি আছিলো ।


হিমুদাই লগে লগে বিয়াৰ তাৰিখ ফিক্স কৰি থৈ গুচি আহিল৷

January 29, 2016

একচেন্স অফাৰ

গাজাৰী ডট কমত চাখৰী কৰি থখাৰ কথা। 
বৰ্ণালী ঘাণ্টা আৰু ঠৰালী জিতুল পাঠা নলে গলে লগা শত্ৰু। থীফিন সময়ত বাৰ & ৰেষ্টোৰেন্ত এখনত চুমাল। টেবুলত বহি কিনে সৰু থিফিন বাকচৰ পৰা দুয়ো দুটা পিয়াজ উলিয়াই খাবা ধৰলাক। 
বাৰৰ মালিক আহি কলাক " এতে নিজৰ বস্তু আনি খাবা নৰে। নহলি আমাৰ কি লাভ ? "

ঘান্টা আৰু পাঠাই নিজৰ পিয়াজ কেইটা একচেন্স কৰি খালাক। 
নিজৰ নাখলাক।

by Apurba K in Latest Assamese Jokes

আশাকৰো তোমালোক ফিটিং হৈ আছা (New Episode)

মৰমৰ মইনাহঁত,

কিছুদিন তোমালোকৰ লগত কথা পতা হোৱা নাই, আচলতে তোমালোকে আজিকালি ইমান বেছি কথা জানা যে আমি একো কোৱাৰ প্ৰয়োজনেই নাই। তথাপি আজি এজন ত্ৰিকালজ্ঞ পণ্ডিতৰ কিছুমান উপদেশ তোমালোৰ বাবে আগবঢ়ালো, আশাকৰো তোমালোকৰ কামত আহিব।

কিছুদিনৰ আগতে তামিলনাডুৰ এজন জ্ঞানী ব্ৰাহ্মণ পণ্ডিতে আহি গাজাৰীত বসবাস কৰা আৰম্ভ কৰিলেহি। সৰ্বশাস্ত্ৰবিশাৰদ সেই পণ্ডিতৰ উপস্থিতিয়ে গাজাৰীক মহিয়ান কৰি তুলিলে। স্বনামধন্য সেই পণ্ডিতজনাৰ নাম হল ননমংগলম ভণ্ডস্বামী চিৰকুমাৰণ। কথিত আছে সেইজনা পণ্ডিতে নজনা-নুশুনা কথা একোৱেই নাছিল আৰু সকলো বিষয়তে তেওৰ অগাধ পাণ্ডিত্যৰ পৰিচয় দিছিল। তেখেতে পৰীক্ষাৰ বহীত একো নিলিখিছিল, কাৰণ তেওৰ মতে সেই নিম্নস্তৰৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তেওৰ ‘শান কি খিলাফ’ আছিল, আৰু তেওৰ শিক্ষক সকলেও তেওৰ প্ৰতিভাৰ কথা উপলব্ধি কৰি তেওক পৰীক্ষাৰ বহীত মিঠা-সোৱাদ ৰসগোল্লা একোটাহঁতেৰে পুৰষ্কৃত কৰিছিল। আজি মই তোমালোকক সেই মহান পণ্ডিতজনে দি যোৱা কেইটিমান সাৰুৱা উপদেশৰ বিষয়ে কম। তোমালোকে ইয়াৰ অৰ্থবোৰ হৃদয়ংগম কৰিবলে চেষ্টা কৰিবা, আৰু নুবুজিলে ডাঙৰক সুধি লবা।

১।“মা-মছলা বেছিকে ঢালিবা, ভিনেগাৰেৰে মেৰিনেট কৰিবা, 
তাপ কমাবা, সময় বঢ়াবা, চিকেন তন্দুৰীৰ তেহে সোৱাদ পাবা।”
২। প্ৰেচাৰ বুলি নেখায় লোণ, চাকনাত যায় তিনিগুণ
৩। মোবাইল চাবা গধুলি, লেপটপ চাবা পূৱা, ফেচবুকতে ছোৱালী চাবা, কোন কেনেকুৱা
৪। ইনবক্সত ৰিপ্লাই দিলে “নাং এঞ্জেলিনা জলী”ও ধুনীয়া ছোৱালী।
৫। প্ৰফাইল পিকচাৰ দেখিয়েই নিদিবা ধ্যান, গুগল ইমেজত আপলোডাই লবা তিনি প্ৰমাণ।
৬। দহজনী মানক একেলগে দিবা খেপ, আগতে গৰম কৰিবা জেপ।
৭। ছেংমাত আশ, বনত বাস।
৮। চচালৈ বোৱাৰী চাওঁ , ঘূৰি ঘূৰি মোলৈহে পাওঁ ।
৯। পেপছি খাই ৰিণ্টু কুৱেইট গমিল, চাকনা খাই ভাষ্কো খালত পৰিল।
১০। মূৰ্খ পত্নী হয় যদি এশ বা হেজাৰ, সিহঁতৰ পৰা নাই কোনো অপকাৰ।
১১। গৰু আনিবা পেট সৰু চাই, ছোৱালী আনিবা যাৰ বয়ফ্ৰেণ্ড নাই।
১২। মহন্তৰ চিন মাহনিত, বিজুইৰ চিন ঘাঁহনিত
১৩। ফেচবুক, হোৱাটচ এপত এবছৰ লাগি পতালোগৈ যাক,
ডেটিং মাৰোতেহে গম পালো দুটা ল’ৰাৰ মাক।
১৪। ৰহাৰ ৰহদৈ, তিপামৰ ভাদৈ, শলগুৰিৰ আঘোনী বাই
সকলোকে ৰিকুয়েষ্ট দিবা ভাল দিনবাৰ চাই।
১৫। একেদিনাই সাতজনী পতালো, লোকক নকলো লাজে,
ফে’ক একাউণ্টে ‘হাই’ বুলি ক’লে, তাতে জয়ঢোল বাজে।

এই জ্ঞানগৰ্ভ বাণীসমূহৰ তাৎপৰ্য উপলব্ধি কৰিব পাৰিলে তোমালোকৰ জীৱনো এগাল মান গাৰ্লফ্ৰেণ্ড/ বয়ফ্ৰেণ্ডে ৰূপী চেলাপটি জোকেৰে লেওলওৱাই থাকিব।

ইতি 
মৰমেৰে তোমালোকৰ
হৃত্ত্বিক ৰৌছন খুৰা।

~ by Abhijit

ভৱিষ্যতৰ কাহিনী...

ৰিণ্টুদাৰ ভালেমান বয়স হ’ল| লগতে বৌৰো| বৌৱে অকণমান লৰি-চৰি খাব পাৰে যদিও ৰিণ্টুদাই একেবাৰে নোৱাৰে|

কথাটো গম পোৱাত চচাই ৰিণ্টুদাৰ চোৱা-চিতাৰ কাৰণে ফেয়াৰ এণ্ড লাভলী নাৰ্ছ এজনী থিক কৰিলে| সদায় ৰাতিপুৱা নাৰ্ছজনীয়ে ৰিণ্টুদাক গা ধুৱাই দিয়ে, ব্ৰেকফাষ্ট খুৱাই দিয়ে, গাৰ্ডেনত ফুৰাবলৈ নিয়ে| একো অসুবিধাই পাবলৈ দিয়া নাই| ৰিণ্টুদাইহে মাজে সময়ে চকীখনত একাষৰীয়া হৈ বহিবলৈ বিছাৰে|

ইপিনে ৰিণ্টু বুঢ়া পৰে বুলি নাৰ্ছজনীয়ে ৰিণ্টুদাক আকৌ চকীখনৰ মাজলৈ আনি বহুৱাই দিয়ে| পৰি গ’লে চচাৰ পৰা গালি নেখাব জানো?

পিছদিনা আকৌ নাৰ্ছজনীয়ে ৰিণ্টুদাক গা ধুৱাই দিয়ে, ব্ৰেকফাষ্ট খুৱাই দিয়ে, গাৰ্ডেনত ফুৰাবলৈ নিয়ে| একো অসুবিধাই পাবলৈ দিয়া নাই| ৰিণ্টুদাইহে মাজে সময়ে চকীখনত একাষৰীয়া হৈ বহিবলৈ বিচাৰে|

ইপিনে ৰিণ্টু বুঢ়াই পৰে বুলি নাৰ্ছজনীয়ে ৰিণ্টুদাক আকৌ চকীখনৰ মাজলৈ আনি বহুৱাই দিয়ে|
এনেকৈ কাৰবাৰটো চলি আছে| ৰিণ্টুদাই আল-হাবিবিৰ পৰা চাই দিয়া ছোৱালীজনীৰ লগত ফুৰি চাকি এসপ্তাহ পিছত চচাই ৰিণ্টু বুঢ়াৰ খবৰ লবলৈ গ’ল|

চচা: দাদা গা ভালে আছে নহয়?
ৰিণ্টু: এহ! কিনো কবা আৰু| প্ৰমাদ গণি আছো|
চচা: নাৰ্ছজনীয়ে কেয়াৰ লৈছে নে ভালকৈ? আমাৰ উজানবাজাৰ হস্পিটেলৰ নাৰ্ছ| বেয়া হ’ব নেলাগে|
ৰিণ্টু: খুউব ভাল| টাৰিফ-পে-টাৰিফ কৰিব লগা নাৰ্ছ| এ-টু-জেদ কেয়াৰ লৈছে| মাত্ৰ মোক পাদিবলৈহে নিদিয়ে|

By Shasanka in Assamese Jokes 2016