Gajari: the Best of Indian Jokes

June 03, 2020

মেট্ৰিক পৰীক্ষা

ৰস ৰচনা:-"আমাৰ দিনৰ মেট্ৰিকৰ ৰিজাল্ট।"

ৰাতিপুৱাৰ পৰা ঘৰখনত গোমা পৰিবেশ এটা বিৰাজ কৰিছে। আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। প্ৰাৰ্থী এই অভাজন।

অপেক্ষা মাথো কিছু সময়ৰ। তাৰপিছত ইমানদিনে সকলোৰে চকুত ধুলি মাৰি বাছি থকা মোৰ সমস্ত অহংকাৰ জলজল পটপটকৈ ওলাই পৰিব।

এই পঢ়া-শুনাৰ বাবেই জীৱনত বহুত দুখ-কষ্ট সহ্য কৰিছো। আজি কেইদিনমানৰপৰা কলৈকো মুক্ত মনে ওলাব নোৱাৰা হৈছো। আনকি ঘৰতো শান্তিৰে থাকিব নোৱাৰা হৈছো। সকলোতে কেৱল ৰিজাল্টৰ কথা।

:-"অই, সেইটো ৰঞ্জন নহয়নে। আও,তোক লগেই নোপোৱা হলো যে, এইফালে আহঁ।"--চাইকেলখন লৈ গাওঁৰ তিনিআলিটোৰ ফালে ওলাই গৈছিলোহে,হেমধৰ বৰদেউতাই দেখা পাই মাতিলেই নহয়।

:-"কওকছোন বৰদেউতা।"--সোঁ-ভৰিখনেৰে মাটিত ভৰিখন দি চাইকেলৰ ওপৰৰপৰাই মাত লগালো।

:-"পৰীক্ষা কেনেকুৱা হ'ল?"

:-"পৰীক্ষা ভালেই হৈছে । ফাষ্ট ডিভিজনটো পাব লাগে।"- মই কলো।

:-"পাবি পাবি । এনেও আজিকালি পৰীক্ষা ইমান টান নহয়। আমাৰ দিনৰ মেট্ৰিক পৰীক্ষা কিমান টান আছিল। তিনিবাৰৰ মূৰতহে মই পাছ কৰিলো। তাৰপিছত আৰু চাকৰি পালোৱেই।"-বৰদেউতাৰ মূখৰপৰা আত্মসন্তুষ্টিৰ হাঁহি এটা নিজে নিজেই ওলাই গ'ল।

মই একো নামাতিলো। মনতে ভাবিলো,আমিও ছাগৈ এটা সময়ত পো-নাতিবোৰৰ আগত এনেকৈয়ে কম।

"আমাৰ দিনৰ মেট্ৰিক পৰীক্ষা কিমান টান আছিল। এবাৰতেই মই পাছ কৰিছিলো।" তাৰপিছত ছাগৈ গৰ্বত মোৰ বুকুখন ফুলি যাব। মূখেৰে হাঁহি এটা নিগৰি আহিব।

সৌ সিদিনা মোৰ দেউতাৰ লগৰ নৰেন খুড়া আহিছিল। আলহীয়ে চাহ-তামোল খোৱাৰ পিছত সদায় মতাৰ দৰে সেইদিনাও মোক মতা হ'ল।

:-"বাবু, চাওঁ এইফালে আহাঁছোন। এই খুড়াই মাতিছে।"-মা নতুবা দেউতাই মোক মৰমেৰে মাতে। একেকোবে "তই" পৰা গৈ "তুমি" বুলি সন্মোধন কৰে।

ন-কন্যা অহাৰ দৰে মই লাহে লাহে ৰুমটোলৈ সোমাই আহোঁ। তাৰপিছত কোঠাটোৰ নিদিষ্ট এটা চুকত মই ৰৈ যাওঁ।

:-"এইটোৱেই আমাৰ ল'ৰা। এইবাৰ মেট্ৰিক দিছে। পঢ়া-শুনাত বৰ এটা ভাল নহয়। জানো কি কৰে আৰু ।"-মোক লৈ মা নতুবা দেউতাই হুমুনিয়াহ কাঢ়ে ।

তামোল চোবাই চোবাই অতপৰে মোৰ আপাত দৃষ্টিক নিৰীক্ষণ কৰি থকা আলহীয়ে মত বিনিময় কৰে।

:-"নামটো কি তোমাৰ?"

:-"নমস্কাৰ, মোৰ নাম ৰঞ্জন বৰা।"

:-"ভালকৈ পঢ়া-শুনা কৰিবা।মোৰ ছোৱালীয়ে যোৱাবছৰ মেট্ৰিক পৰীক্ষাত চাৰিখনত লেটাৰ পাই পাছ কৰিছে। এতিয়া বিজ্ঞান বিভাগত পঢ়ি আছে।"-এইবুলি কৈ আত্মসন্তুষ্টিৰ হাঁহি এটা ওঠৰ ফাকেদি নিগৰি আহে।

মই নখকেইটাকে লিৰিকি-বিদাৰি ইফালে-সিফালে চাই প্ৰমাদ গনো।

এনেকুৱা অনেক জীয়া কাহিনীৰ মাজেদি পাৰ হৈ আহি আজি মই এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হবলৈ ওলাইছো। আৰু বেছি পৰ নাই।

ইতিমধ্যে ঘৰখনৰ পৰিবেশটো সলনি হ'ল। দুই-এজন গাওঁৰে মানুহ আহিল। দূৰৈৰ গাওঁৰপৰা মামী আৰু মাহী আহি ওলালহি। লগতে পাকঘৰৰ পৰা মিঠাইৰ গোন্ধ এটা ভাঁহি আহি মোৰ নাকত লাগিলহি। খংঙ উঠি গল। ৰিজাল্টেই পোৱা নাই,এইবোৰ কিহৰ আগতীয়া যোগাৰ। কিহৰ? খঙতে মই নিজৰ ৰুমলৈ সোমাই গলো।

মই ৰুমৰ ভিতৰতে নিজকে আবদ্ধ কৰিলো। এবাৰ পৰীক্ষাৰ প্ৰশ্নকাকত কেইখন উলিয়াই ওপৰে ওপৰে শেষবাৰৰ বাবে হিচাপ এটা কৰি চালো। নাই নহব, মই খাটাং ফেইল। থঠীৰাম বৰদেউতাক এনেইহে কৈছিলো ফাষ্ট ডিভিজন পাম বুলি।আজি মোৰ সকলো আত্মসন্মান পানীৰ লগত মিলি যাব।তেনেতে বাহিৰত কাৰোবাৰ চিঞৰ শুনা পালো। একেজাপে আহি চোতাল পালোহি।

:-"ঐ, আমাৰ বকুলনী হাইস্কুলৰ ৰিজাল্ট ভাল। হেডমাষ্টৰক ওপৰৰপৰা জনাইছে।"-গাওঁৰ বলো বৰদেউতাই আমাৰ ঘৰৰ পদূলিত চিঞৰি কৈ গ'ল।

:-"ডিভিজন কেইটাই পাইছে? লেটাৰ?"-দেউতাই চিঞৰি সোধালৈ বলো বৰদেউতাৰ চাইকেল বহু দূৰ পালেগৈ। ছেহ।

তাৰ অলপ পিছতে সৰুমামা কোবাকোবিকৈ আমাৰ ঘৰ ওলালহি।

:-"ভিনদেও, বাবুয়ে ডিভিজন পাই পাছ কৰিছে। গাওঁৰ তিনিআলিত শুনি আহিছো।"

:-"কি ডিভিজন পালে??"-আমি সবেই মামাৰ মূখলৈ চালো।

:-"সেইটো নাজানো। মই ডিভিজন পাইছে বুলি শুনিয়েই দৌৰা-দৌৰিকৈ আহিছো।"

অন্তত মই পাছ কৰিছো বুলি মনত সাহস এটা পালো। গতিকে ৰিজাল্ট লবলৈ নিজে স্কুললৈ যাবলৈ থিৰাং কৰিলো। চাইকেলখন লৈ স্কুল ওলালোগৈ।

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। কি দেখিছো এইবোৰ। স্কুলৰ গেটতে সকলোৱে মোক ঘেৰি ধৰিলে। জুনিয়ৰ কেইটামানে আহি আনন্দতে মোক ডাঙি গোটেই খেলপথাৰখনত এপাক ঘুৰাই দিলে। তাৰপিছত অফিচৰ দুজনমানে যেনে-তেনে সিহঁতৰ মাজৰপৰা মোক টানি আনি হেড ছাৰৰ অফিচলৈ লৈ গলহি।

:-"বহুত বহুত শুভেচ্ছা, ৰঞ্জন। আমি ভাবিবই পৰা নাছিলো তুমিযে ইমান ভাল ৰিজাল্ট কৰিবা। তুমি চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ষ্টাৰ মাৰ্ক লাভ কৰিছা।"-এইবুলি কৈ হেডছাৰে গামোছাখন ডিঙিত পিন্ধাই দিলে।

নিজৰ ওপৰতে বিশ্বাস হেৰাই গল। এইয়া কেনেকৈ সম্ভব। কাকো একো কবলৈ সুবিধাই নিদি এইবাৰ মোক দুজনমান ছাৰে টানি বাহিৰলৈ লৈ আহিলে। সকলো ছাত্ৰ-ছাত্ৰীৰ আগত মই দুআষাৰ কব লাগে।

কি কম!! বুকুখন চিৰিংকৈ মাৰিলে। নিজে ভাবি তত পোৱা নাই, মই ইমান ভাল ৰিজাল্ট কেনেকৈ কৰিলো। তথাপি সঁচাই মিছাই কিবা অলপ কবলৈ চেষ্টা কৰিলো।

তেনেতে ভিতৰৰ পৰা হেডছাৰ ওলাই আহিল। ছাৰে কিবা এষাৰ কয় হেনো।

"ছাত্ৰ-ছাত্ৰীসকল, ৰিজাল্টৰ খবৰটোত আমাৰ সৰু ভুল এটা হৈই গল। আচলতে ৰঞ্জন বৰা নামৰ আমাৰ দুজন প্ৰাৰ্থী আছিল। গতিকে ভদ্ৰকান্ত বৰাৰ পুতেক ৰঞ্জন বৰাইহে চাৰিখনত লেটাৰ ৰ্মাকসহ ষ্টাৰ নম্বৰ লাভ কৰিছে। আৰু চন্দ্ৰকান্ত বৰাৰ পুতেক ৰঞ্জন বৰাই এইবাৰ পৰীক্ষাত ফেইল কৰিছে।"

সকলোৰে মাজত হাঁহিৰ ৰোল উঠিল । ফেইল !! এতিয়া আৰু মোক লৈ কোনেও আনন্দ নকৰে। লাজতে তলমূৰ কৰিলো। মনতে ভাবিলো,আগলৈ ছাগে পো-নাতিকহে গৌৰবেৰে কব পাৰিম-"আমাৰ দিনৰ মেট্ৰিক পৰীক্ষা কিমান টান আছিল। প্ৰথমবাৰ মই ফেইল কৰিছিলো।"

তাৰপিছত নিজকে লুকুৱাবলৈ প্ৰাণটাকি দৌৰিছো।



- By Sujit Bhuyan



Assamese Jokes

Lockdown Jokes- Assamese

লকডাউন ১০ দিন চলাৰ পাছত ডিম্পীৰ হাজবেণ্ডে ক’লে: হৌৰা, ম‍ই বজাৰলৈ যাই আছো... কি কি লাগিব লিষ্টখন দিয়া! ভিতৰৰ পৰা মাত আহিল: লিষ্টখন ফ্ৰিজৰ ওপৰতে আছে, লৈ আনাগৈ লিষ্টখন চাই হাজবেণ্ড থতমত খাই গ'ল- ১) লিপষ্টিক: ৰেড এক কিলো, পিংক ডেৰকিলো ২) আইলাইনাৰ: এক পোৱা ৩) কাজল: এক কিলো (ভাল কোৱালিটিৰ) ৪) ফাউণ্ডেশ্যন (টপ নেচাৰেলটো ডেৰ/দুই কিলো; আৰু এয়াৰফ্লাশ্বটো দুইকিলো) ৫) ফেচ প্ৰাইমাৰ: তিনি লিটাৰ ৬) ব্লাশ্ব: ভাল চাই আনিবা ৭) পাউডাৰ: ৫-৬ কিলো (নাইচিলটো নানিবা) ৮) মাস্কাৰা: ১০ টেমামান আনিলেই হ’ব সদ্যহতে ৯) লিপ বাম: বেছি নালাগে, এপোৱা ১০) ব্ৰাশ্ব ছেট: দুটা (ব্ৰেণ্ডেড আনিবা... সস্তীয়া নহয়) #Corona #Lockdown - By Admin

"মাত্ৰ"

Lockdown Jokes- Assamese

লিপষ্টিক: এনেকৈ পৰি পৰি আমনি লাগি গৈছে দেই..

কাজল: হয় দেই.. ঠিকেই কৈছ.. বৈদ্য কামোৰ পাইছো আৰু..

ছানস্ক্ৰীণ লোচন: তহঁতক যে মাজে মাজে ছেলফি উঠোতে ব্যৱহাৰ কৰিছেই .. মোৰ কথা ভাবি চাচোন..

ফেয়াৰ এণ্ড হেণ্ডচাম ক্ৰীম : হ'ব ঐ... তোক দেখোন কাপোৰ মেলিবলৈ ৰদত ওলাই যাওঁতে অলপ লগাইয়েই .. মোকহে একেবাৰে এলাগী কৰিলে মানুহটোৱে.. এনেকৈ থাকিলে মোৰ ম্যাদ উকলিব আৰু..

মূৰত মৰা ৰবৰবেণ্ড : এহ মনে মনে থাক দেই.. ইমান আৰামত আছ তহঁত .. তথাপি হাল্লা.. মোৰ কি অৱস্থা হৈছে তঁহতে কি বুজিবি.. লকডাউন বুলি গিৰিয়েক ঘৈনীয়েক দুয়োটাৰে চুলি সমান হল বুজিলি.. বেণী গাঁঠিব পৰা.. এতিয়া মোক কোনে ব্যৱহাৰ কৰিব তাকে লৈ হালৰে কাজিয়া .. চাচোন দুভাগ কৰি পেলালে মোক.. এভাগ গিৰিয়েকৰ মুৰত আৰু এভাগ মই ৰৈ আছো বাইদেউ গা ধুই অহালৈ .. কম কষ্টকৰ এই যন্ত্ৰণা .. উফ...

By Jitu Sarmah

April 12, 2018

Jorhat Meet, 2018, April 8

GAJARI Dot Com Jorhat Meet, 8th April 2018

Munmi Hazarikaৰ অনুভৱ: -

একান্তই ব্যক্তিগত অনুভৱঃ যোৰহাট গাজাৰী মিট।

ফেব্ৰুৱাৰীতেই বিদ্যুৎ ফুকনে ঘোষনা কৰিছিল এক এপ্ৰিলত যোৰহাট মিট হ'ব বুলি। তাৰপাছত সকলোৰে সা সুবিধা মিলাই মিটৰ তাৰিখ স্থিৰ কৰা হ'ল ৮ এপ্ৰিল। হোৱাটচ এপ গ্ৰুপটোত যোৱা দুটা মাহে বহু আলোচনা,উপদেশ, সিদ্ধান্ত। শেষত নিৰ্দিষ্ট ,বহু আকাংক্ষাৰ,অপেক্ষাৰ সেই বিশেষ দিনটো।

আপোনালোকক কি দিব পাৰিলোঁ‌,কি নোৱাৰিলো নাজানো কিন্তু যত্নৰ ক্ৰুটি কৰা নাছিলো। দুটামান কথাত আমিবোৰে গুৰুত্ব দিছিলোঁ। দুটামান কথাই অন্যৰ লগতে মোৰো হৃদয় চুইছিল। 
এয়া আত্মপ্ৰচাৰ বা আত্মগৌৰৱ নহয়। এয়া এক আত্ম সন্তুষ্টি।

১। যোৰহাটৰ অন্যতম সক্ৰিয় সদস্য সুৰেশ বৰাৰ অনন্য ,একক সৃষ্টিশীল মনটোক হাজাৰবাৰ লাল চালাম। গাজাৰীৰ পতাকা খন ৰ প্ৰয়োজনীতাক উপলব্ধি কৰি ,সকলোকে চাৰপ্ৰাইজ দি ,সকলোৰে আগত,সকলোকে লগত লৈ উত্তোলন কৰি এক অভিনৱ চমক দিলে।

২। অতিথি সকলক সম্বৰ্দ্ধনা জনোৱা গামোচা কেইখনত গাজাৰীৰ ল'গ' খোদিত কৰোৱা। এয়া অতিথি সকলৰ কাৰণেও স্মৰণীয় হৈ ৰ'ব।

৩। মিটৰ মাজৰ কাৰ্যসূচী সমুহত অসমীয়া কৃষ্টি সংস্কৃতি প্ৰতিফলিত হোৱাতো ত গুৰুত্ব দিয়া হৈছিল। বৰগীত, সত্ৰীয়া নৃত্য, জ্যোতিসংগীতৰ ভায়োলিন বাদন ক বাচনি কৰা হৈছিল। হেম বৰুৱা দেৱৰ মমতাৰ চিঠি"য়েও সভাৰ মান ৰাখিছিল।
সমবেত সংগীততো গাজাৰীৰ আদৰ্শ প্ৰতিফলিত হৈছিল। 
"আমাক এখন সমাজ লাগে সাম্য মৈত্ৰী একতাৰ,"

৪। শৃংখলাবদ্ধতাৰ অন্যতম নিদৰ্শন আছিল এই যোৰহাট মিট। সকলো গাজাৰীয়ানে এই নিয়ম মানি চলিছিল। কিয়নো মঞ্চত অতিথি লৈ কোনেও শৃংখল নাভাঙে। গাজাৰীয়ানৰ অন্তৰংগ আলাপত অতিথি সকলো মঞ্চৰ পৰা নামি আহি গাজাৰীয়ানৰ লগত একাকাৰ হৈ পৰিছিল। সেয়া আছিল আমাৰ নিজৰ ক্ষণ।

৫।গাজাৰী মিট চলি থকাৰ মাজতে জয়া ভৱনৰ সন্মুখত এটা এক্সিডেণ্ট হৈছিল। আঘাতপ্ৰাপ্ত অচিনাকী যুৱক জনক সহায় কৰিবলৈ কোনো আগবাঢ়ি অহা নাছিল। সুদূৰ ৰাজগড়ৰ পৰা অহা ৰিয়ানে নিজে ভাড়া কৰি অহা গাড়ীখনেৰে আঘাতপ্ৰাপ্ত অচিনাকী যুৱক জনক যোৰহাট মেডিকেল কলেজত থৈ আহিছিলগৈ। এয়াই আমাৰ গাজাৰীয়ান। মানৱতাবোধেৰে মহীয়ান।

৬।সদৌশেষৰ ভাল লগা কথাটো হ'ল খানা। ৰাইজে তৃপ্তিৰে খাইছিল বুলি গম পাইছিলো। আমাৰ যথেষ্ট খাদ্য থাকি গৈছিল। ইমান সুন্দৰ আৰু সুমিষ্ট খাদ্যখিনি নষ্ট হ'ব বুলি বেয়া লাগিছিল। কিন্তু জয়া আৰু সুৰেশৰ প্ৰচেষ্টাত খাদ্যখিনি দ'গাওঁ‌ ৰ অনাথ আশ্ৰমৰ শিশু সকলৰ কাৰণে পঠিয়াই দিয়া হ'ল।
তেওঁলোকেও আমাৰ লগতে তৃপ্তিৰে এসাঁজ খালে।

এয়াই আমাৰ কথা,আমাৰ চিন্তা,আমাৰ কৰ্ম। আমি গাজাৰীয়ান। 
কিহৰ তাড়নাত তপন সুৰেশহঁ‌তে বৰষুণত ৰাতি ৰাতি তিতি বুৰি কাম কৰে ,কিহৰ কাৰণে মৌচুম,ৰাজা,অনুৰাগ হঁ‌তে পেটত ভোক লৈও গাজাৰীৰ কামত দৌৰি ফুৰে,অমৰে বাইক দৌৰাই দৌৰাই আহি দেহেকেহে খাটে। আশাই ৰাতি দুই বজালৈকে কাক খুৱাম বুলি পিঠা ভাজে।পিংকিয়ে ৰাজগড়ৰ পৰা কেকৰ টোপোলা কঢ়িয়ায়। জয়াই পদিনা নৰসিংহৰ চাটনি ঘৰতে পিচি আনে। বৰ্ষাৰ ছোৱালীয়ে হাতত বটা লৈ চফ দিয়ে।কলিজাই কিহৰ ফুৰ্তিত মৰ্টন বিলায়। প'গ',মুন,পল্লবী,মৌবা হঁ‌তে কিয় ককাল বিষাই যোৱাকৈ কষ্ট কৰে। আৰু মই নিজেও ডাক্তৰে দিনে দুটাকৈ খাবলৈ দিয়া এণ্টিবায়োটিক সোনকালে ভাল হওক বুলি তিনিটাকৈ খাইছিলো।
মিট হৈ গ'ল। কিন্তু কবিয়ে কোৱাৰ দৰেই "ৰৈ গ'ল অৱশেষ অমিয়া জোকাৰ"।
কিবা এক দুখবোধে মনটোক আছ্ন্ন কৰি আছে।
এয়া যেন পাই হেৰুৱাৰ অচিন বেদনা।
কিন্তূ লগটোতো আমি পায়েই থাকিম নহয়জানো!!
সকলোলৈকে মৰমেৰে ...


আমাৰ ফেচবুক লিংক: https://www.facebook.com/groups/gajaridotcom/ 


>> অসমীয়া কৌতুক, Assamese Jokes, Gajari Dot Com >>