Gajari: the Best of Indian Jokes: অসমীয়া কৌতুক: নাকৰ বিষ

September 23, 2022

অসমীয়া কৌতুক: নাকৰ বিষ

ঘটনাটো শুনিলে হাঁহি হাঁহি পগলা হৈ যাব, সেয়ে খুঁটা এটাত ধৰি লওক- 

ডাঃ বিনুজনীঃ হেৰা। শুনিছানে? মোৰ নাকটো বৰ বিষাইছে।
ডাঃ বিনুজঃ অস হ'। ভিতৰত বিষাইছে নে বাহিৰত?
ডাঃ বিনুজনীঃ এক মিনিট, মই কৈ আছোঁ।
তেওঁ ঘৰৰ বাহিৰলৈ ওলাই চোতালত এক মিনিট থিয় হৈ চালে।
উভতি আহি বিনুজক ক'লেঃ ঘৰৰ ভিতৰত থাকোঁতেও বিষাইছে, বাহিৰলৈ যাওঁতেও বিষাইছে। আচৰিত বুইছা নে?

- অসমীয়া কৌতুক ২০২২, গাজাৰী ডট কম

No comments:

Post a Comment

Liked it? Please share with your friends.