এখন ৰেস্তোৰাত... তিনিজন বন্ধুৱে কথা পাতি আছিল্..! তাৰে এজন আমেৰিকান, এজন জাপানিজ আৰু এজন অসমীয়া ...! কথাই কথাই.. তেওলোকৰ মাজত নিজ নিজ দেশৰ টেকনলজিৰ ফুটনি আৰম্ভ হল !
আমেৰিকান : আমাৰ এমেৰিকাত এইবাৰ এখন এৰোপ্লেন বনাইছে যে, একেবাৰে মুনৰ (চন্দ্ৰ) লগে লগে উৰে !
জাপানিজ + অসমীয়া : কি ??? ইমান ওপৰেৰে উৰে ?
আমেৰিকান : (অলপ ভয় কৰি) ... নহয় মানে ... অলপ তলেদি উৰে .....
জাপানিজ : আমাৰ জাপানে আকৌ এতিয় এখন ছাবমেৰিন উলিযাইছে.... যিখন.. একেবাৰে সাগৰৰ তলৰ মাটিত লাগি চলিব পাৰে...!
অসমীয়া + আমেৰিকান: কি ??? সচাই নে ?
জাপানিজ : (লাজ পাই) ... নহয়.... মানে ... অলপ ওপৰেদি চলে !
অসমীয়া : (অলপ ভাবি) এইবাৰ আমাৰ দেশত এনেকুৱা মানুহ আমি জন্ম দিছোঁ ....
যে .... সেই মানুহবোৰে...... নাকেৰে ভাত খায় !
জাপানিজ + আমেৰিকান : কি ??? ( আচৰিত হৈ .... )
অসমীয়া: ( বুকু ফিন্দাই ... ) নাই... মানে... অলপ তলেদি খায় .....! হি হি হি
____________________________________
Assamese Jokes, Google Jokes, Latest jokes
No comments:
Post a Comment
Liked it? Please share with your friends.