Gajari Blog is a collection of the best Indian New Jokes from Facebook, Google and others. Edited, maintained and updated by Santanu Changmai. Spread the laughter! Keep smiling.
May 24, 2021
নেমু গছৰ চেণ্ডেল ফল (অসমীয়া কৌতুক)
মাগুৰ মেকুৰীয়ে খালে... নে?
সৰুকালৰ কথা৷
এবাৰ দেউতাই মাছ ধৰিবলৈ গৈছিল! তেখেতে মাছ ধৰি বৰ ভাল পাইছিল; খোৱাতকৈ ধৰি বেছি আনন্দিত হৈছিল৷
সেইদিনা আছিল দেওবাৰ- স্কুল বন্ধ। দেউতাই সহকাৰীজনক লগত লৈ মাছ ধৰিবলৈ গ’ল৷ সহকাৰী শিক্ষকজনো মাছ ধৰাত পাকৈত৷
ইমানেই পাকৈত যে সেইদিনা দুয়ো মাগুৰ মাছ এটাৰ বাহিৰে একো মাছেই নাপালে৷
আমাৰ মায়ে মাগুৰ মাছ নাখাইছিল৷
ছাৰক ক’লে- "আপুনিয়ে মাছটো কিবা এটা কৰক শইকীয়া৷ আপোনালোক অহা দেৰি হোৱা বাবে আমি ভাত খালোৱেই, আপোনালোক দুইজনে মাছটো কিবা এটা কৰি খাওক৷"
শইকীয়া ছাৰে ঢেঁকীঘৰত জুই ধৰি মাছটো কাটি ঘন ঘনকৈ কছি নিমখ হালধি লগাই বাঁহৰ খৰিকা এডালত সেকি মাছটো মচমচীয়া কৰি অলপ চেঁচা হ’বলৈ থৈ দিছিল৷
মাছটো দেখাত তেল দি ভজাৰ দৰে হৈছিল যদিও তেল দিয়া নাছিল৷ মাছটোত সানিবলৈ মিঠাতেল অলপ ভিতৰৰ পৰা আনোগৈ বুলি যাওঁতেই মাছটো নাইকিয়া হ’ল৷
মোৰ এতিয়াও মনত আছে- ছাৰে মাছটো খাবলৈ নাপাই খঙতে মেকুৰীজনীৰ গাত উতলা পানী ঢালিম ৰ’হ- বুলি গালি পৰা কথাষাৰ৷
পিছে মেকুৰীয়ে মাছটো নিয়া নাছিল ভাইটিয়ে ময়ে বিছনা তলত সোমাই মাছটো মুৰুক মুৰুককৈ চো খাই এনে তৃপ্তি পাইছিলো এতিয়াও মনত পৰিলে জিভাৰ পানী পৰে৷
-পুষ্পাঞ্জলি বৰা
অ’ দাদা
মোৰ ভাল লগা ছোৱালী এজনীৰ মেছেজ আহিল। মই উলাহেৰে টপাটপ মেছেজটো অপেন কৰিলোঁ।
তাত লিখা আছিল, "দাদা, আপোনাৰ গাৰ্লফ্ৰেণ্ড কিয় নাই?"
ৰিপ্লাই দিলোঁ, "এই কাৰণেই নাই। চবেই দাদা বুলি মাতে যে!"
- মোজাম্মিল হক
June 03, 2020
"দোপাট্টা" আখ্যান
১) ছোৱালীবোৰে দোপাট্টা খন দুই বাউসীৰ ওপৰেৰে তললৈ দুভাগ কৰি ওলমাই লৈছিল গতিকে তাৰ নাম "দোপাট্টা" ঠিকেই আছিল।
২) সময়ৰ লগে লগে দোপাট্টা অকল এটা বাউসীৰ ওপৰত ওলমি থকা হ'ল গতিকে নাম হ'ব লাগিছিল "একপাট্টা"।
৩) আকৌ দিন বাগৰিল সময় সলনি হ'ল। একপাট্টা এতিয়া অকল ডিঙিত যেনেতেনে লাগিহে থকা হ'ল। মানে সি তাৰ যি কাম তাৰ পৰা ফালৰি কাটি অকল ডিঙিটোহে ক'ভাৰ কৰিব ল'লে। গতিকে, নাম হ'ব লাগিছিল "গলপাট্টা"।
৪) অ খা বাপ্পেকে!!!! এতিয়া একেবাৰেই সময়ৰ দাবীত, জেং জেলেও বুলি সৈখন কোনেও নোলোৱাই হ'ল!! গতিকে এতিয়া সৈখনক "নাপাট্টা" বুলিব পাৰি নে বাউ?
By- Moromi Devi Borah
in Assamese Jokes
মেট্ৰিক পৰীক্ষা
ৰাতিপুৱাৰ পৰা ঘৰখনত গোমা পৰিবেশ এটা বিৰাজ কৰিছে। আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব। প্ৰাৰ্থী এই অভাজন।
অপেক্ষা মাথো কিছু সময়ৰ। তাৰপিছত ইমানদিনে সকলোৰে চকুত ধুলি মাৰি বাছি থকা মোৰ সমস্ত অহংকাৰ জলজল পটপটকৈ ওলাই পৰিব।
এই পঢ়া-শুনাৰ বাবেই জীৱনত বহুত দুখ-কষ্ট সহ্য কৰিছো। আজি কেইদিনমানৰপৰা কলৈকো মুক্ত মনে ওলাব নোৱাৰা হৈছো। আনকি ঘৰতো শান্তিৰে থাকিব নোৱাৰা হৈছো। সকলোতে কেৱল ৰিজাল্টৰ কথা।
:-"অই, সেইটো ৰঞ্জন নহয়নে। আও,তোক লগেই নোপোৱা হলো যে, এইফালে আহঁ।"--চাইকেলখন লৈ গাওঁৰ তিনিআলিটোৰ ফালে ওলাই গৈছিলোহে,হেমধৰ বৰদেউতাই দেখা পাই মাতিলেই নহয়।
:-"কওকছোন বৰদেউতা।"--সোঁ-ভৰিখনেৰে মাটিত ভৰিখন দি চাইকেলৰ ওপৰৰপৰাই মাত লগালো।
:-"পৰীক্ষা কেনেকুৱা হ'ল?"
:-"পৰীক্ষা ভালেই হৈছে । ফাষ্ট ডিভিজনটো পাব লাগে।"- মই কলো।
:-"পাবি পাবি । এনেও আজিকালি পৰীক্ষা ইমান টান নহয়। আমাৰ দিনৰ মেট্ৰিক পৰীক্ষা কিমান টান আছিল। তিনিবাৰৰ মূৰতহে মই পাছ কৰিলো। তাৰপিছত আৰু চাকৰি পালোৱেই।"-বৰদেউতাৰ মূখৰপৰা আত্মসন্তুষ্টিৰ হাঁহি এটা নিজে নিজেই ওলাই গ'ল।
মই একো নামাতিলো। মনতে ভাবিলো,আমিও ছাগৈ এটা সময়ত পো-নাতিবোৰৰ আগত এনেকৈয়ে কম।
"আমাৰ দিনৰ মেট্ৰিক পৰীক্ষা কিমান টান আছিল। এবাৰতেই মই পাছ কৰিছিলো।" তাৰপিছত ছাগৈ গৰ্বত মোৰ বুকুখন ফুলি যাব। মূখেৰে হাঁহি এটা নিগৰি আহিব।
সৌ সিদিনা মোৰ দেউতাৰ লগৰ নৰেন খুড়া আহিছিল। আলহীয়ে চাহ-তামোল খোৱাৰ পিছত সদায় মতাৰ দৰে সেইদিনাও মোক মতা হ'ল।
:-"বাবু, চাওঁ এইফালে আহাঁছোন। এই খুড়াই মাতিছে।"-মা নতুবা দেউতাই মোক মৰমেৰে মাতে। একেকোবে "তই" পৰা গৈ "তুমি" বুলি সন্মোধন কৰে।
ন-কন্যা অহাৰ দৰে মই লাহে লাহে ৰুমটোলৈ সোমাই আহোঁ। তাৰপিছত কোঠাটোৰ নিদিষ্ট এটা চুকত মই ৰৈ যাওঁ।
:-"এইটোৱেই আমাৰ ল'ৰা। এইবাৰ মেট্ৰিক দিছে। পঢ়া-শুনাত বৰ এটা ভাল নহয়। জানো কি কৰে আৰু ।"-মোক লৈ মা নতুবা দেউতাই হুমুনিয়াহ কাঢ়ে ।
তামোল চোবাই চোবাই অতপৰে মোৰ আপাত দৃষ্টিক নিৰীক্ষণ কৰি থকা আলহীয়ে মত বিনিময় কৰে।
:-"নামটো কি তোমাৰ?"
:-"নমস্কাৰ, মোৰ নাম ৰঞ্জন বৰা।"
:-"ভালকৈ পঢ়া-শুনা কৰিবা।মোৰ ছোৱালীয়ে যোৱাবছৰ মেট্ৰিক পৰীক্ষাত চাৰিখনত লেটাৰ পাই পাছ কৰিছে। এতিয়া বিজ্ঞান বিভাগত পঢ়ি আছে।"-এইবুলি কৈ আত্মসন্তুষ্টিৰ হাঁহি এটা ওঠৰ ফাকেদি নিগৰি আহে।
মই নখকেইটাকে লিৰিকি-বিদাৰি ইফালে-সিফালে চাই প্ৰমাদ গনো।
এনেকুৱা অনেক জীয়া কাহিনীৰ মাজেদি পাৰ হৈ আহি আজি মই এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হবলৈ ওলাইছো। আৰু বেছি পৰ নাই।
ইতিমধ্যে ঘৰখনৰ পৰিবেশটো সলনি হ'ল। দুই-এজন গাওঁৰে মানুহ আহিল। দূৰৈৰ গাওঁৰপৰা মামী আৰু মাহী আহি ওলালহি। লগতে পাকঘৰৰ পৰা মিঠাইৰ গোন্ধ এটা ভাঁহি আহি মোৰ নাকত লাগিলহি। খংঙ উঠি গল। ৰিজাল্টেই পোৱা নাই,এইবোৰ কিহৰ আগতীয়া যোগাৰ। কিহৰ? খঙতে মই নিজৰ ৰুমলৈ সোমাই গলো।
মই ৰুমৰ ভিতৰতে নিজকে আবদ্ধ কৰিলো। এবাৰ পৰীক্ষাৰ প্ৰশ্নকাকত কেইখন উলিয়াই ওপৰে ওপৰে শেষবাৰৰ বাবে হিচাপ এটা কৰি চালো। নাই নহব, মই খাটাং ফেইল। থঠীৰাম বৰদেউতাক এনেইহে কৈছিলো ফাষ্ট ডিভিজন পাম বুলি।আজি মোৰ সকলো আত্মসন্মান পানীৰ লগত মিলি যাব।তেনেতে বাহিৰত কাৰোবাৰ চিঞৰ শুনা পালো। একেজাপে আহি চোতাল পালোহি।
:-"ঐ, আমাৰ বকুলনী হাইস্কুলৰ ৰিজাল্ট ভাল। হেডমাষ্টৰক ওপৰৰপৰা জনাইছে।"-গাওঁৰ বলো বৰদেউতাই আমাৰ ঘৰৰ পদূলিত চিঞৰি কৈ গ'ল।
:-"ডিভিজন কেইটাই পাইছে? লেটাৰ?"-দেউতাই চিঞৰি সোধালৈ বলো বৰদেউতাৰ চাইকেল বহু দূৰ পালেগৈ। ছেহ।
তাৰ অলপ পিছতে সৰুমামা কোবাকোবিকৈ আমাৰ ঘৰ ওলালহি।
:-"ভিনদেও, বাবুয়ে ডিভিজন পাই পাছ কৰিছে। গাওঁৰ তিনিআলিত শুনি আহিছো।"
:-"কি ডিভিজন পালে??"-আমি সবেই মামাৰ মূখলৈ চালো।
:-"সেইটো নাজানো। মই ডিভিজন পাইছে বুলি শুনিয়েই দৌৰা-দৌৰিকৈ আহিছো।"
অন্তত মই পাছ কৰিছো বুলি মনত সাহস এটা পালো। গতিকে ৰিজাল্ট লবলৈ নিজে স্কুললৈ যাবলৈ থিৰাং কৰিলো। চাইকেলখন লৈ স্কুল ওলালোগৈ।
এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। কি দেখিছো এইবোৰ। স্কুলৰ গেটতে সকলোৱে মোক ঘেৰি ধৰিলে। জুনিয়ৰ কেইটামানে আহি আনন্দতে মোক ডাঙি গোটেই খেলপথাৰখনত এপাক ঘুৰাই দিলে। তাৰপিছত অফিচৰ দুজনমানে যেনে-তেনে সিহঁতৰ মাজৰপৰা মোক টানি আনি হেড ছাৰৰ অফিচলৈ লৈ গলহি।
:-"বহুত বহুত শুভেচ্ছা, ৰঞ্জন। আমি ভাবিবই পৰা নাছিলো তুমিযে ইমান ভাল ৰিজাল্ট কৰিবা। তুমি চাৰিটা বিষয়ত লেটাৰ নম্বৰসহ ষ্টাৰ মাৰ্ক লাভ কৰিছা।"-এইবুলি কৈ হেডছাৰে গামোছাখন ডিঙিত পিন্ধাই দিলে।
নিজৰ ওপৰতে বিশ্বাস হেৰাই গল। এইয়া কেনেকৈ সম্ভব। কাকো একো কবলৈ সুবিধাই নিদি এইবাৰ মোক দুজনমান ছাৰে টানি বাহিৰলৈ লৈ আহিলে। সকলো ছাত্ৰ-ছাত্ৰীৰ আগত মই দুআষাৰ কব লাগে।
কি কম!! বুকুখন চিৰিংকৈ মাৰিলে। নিজে ভাবি তত পোৱা নাই, মই ইমান ভাল ৰিজাল্ট কেনেকৈ কৰিলো। তথাপি সঁচাই মিছাই কিবা অলপ কবলৈ চেষ্টা কৰিলো।
তেনেতে ভিতৰৰ পৰা হেডছাৰ ওলাই আহিল। ছাৰে কিবা এষাৰ কয় হেনো।
"ছাত্ৰ-ছাত্ৰীসকল, ৰিজাল্টৰ খবৰটোত আমাৰ সৰু ভুল এটা হৈই গল। আচলতে ৰঞ্জন বৰা নামৰ আমাৰ দুজন প্ৰাৰ্থী আছিল। গতিকে ভদ্ৰকান্ত বৰাৰ পুতেক ৰঞ্জন বৰাইহে চাৰিখনত লেটাৰ ৰ্মাকসহ ষ্টাৰ নম্বৰ লাভ কৰিছে। আৰু চন্দ্ৰকান্ত বৰাৰ পুতেক ৰঞ্জন বৰাই এইবাৰ পৰীক্ষাত ফেইল কৰিছে।"
সকলোৰে মাজত হাঁহিৰ ৰোল উঠিল । ফেইল !! এতিয়া আৰু মোক লৈ কোনেও আনন্দ নকৰে। লাজতে তলমূৰ কৰিলো। মনতে ভাবিলো,আগলৈ ছাগে পো-নাতিকহে গৌৰবেৰে কব পাৰিম-"আমাৰ দিনৰ মেট্ৰিক পৰীক্ষা কিমান টান আছিল। প্ৰথমবাৰ মই ফেইল কৰিছিলো।"
তাৰপিছত নিজকে লুকুৱাবলৈ প্ৰাণটাকি দৌৰিছো।
- By Sujit Bhuyan
Assamese Jokes