Gajari: the Best of Indian Jokes

October 13, 2022

Karwa Chauth jokes, करवा चौथ

"যেতিয়া মোৰ পত্নীয়ে গান গাবলৈ আৰম্ভ কৰে মই সদায় বাহিৰলৈ ওলাই যাওঁ আৰু বাগিচাত কিবাকিবি কৰি থাকো যাতে আমাৰ চুবুৰীয়াসকলে দেখে যে কোনো কোনো মাৰ-পিট বা কান্দোন থকা নাই।"


ইতি,

সুখী পতি


_________________________________

Karwa Chauth Jokes, Assamese, New Jokes, Google Karwa Chauth, Funny. करवा चौथ

New Assamese Jokes

Assamese jokes Facebook
Funny Assamese Joke, Facebook Jokes, Google Jokes

এখন দেৱালে আনখনক কি ক'লে?

"চুকলৈ আহ, তোক তাত চাই ল'ম।" 

লোল...

___________________________________________
 

October 05, 2022

ইংৰাজী ক্লাছত এদিন

 ইংৰাজী ক্লাছত

মাষ্টৰ: ল’ৰাহঁত, ইংৰাজীত বানান লিখাচোন: ছাহীদ আৰু শ্বহীদ
ছাত্ৰহঁত: Shahid and Shahid, চাৰ
মাষ্টৰ: হীৰক, তুমি কোৱা
হীৰক: ছাহীদ=Sahid শ্বহীদ= Sohid
মাষ্টৰ: ভুল হৈছে হীৰক
হীৰক: চাৰ, আমাৰ ঘৰলৈ পূজা চাবলৈ নাহে নেকি? আজি অষ্টমী বুলি পাঠাৰ মাংস আনি থৈছোঁ|
মাষ্টৰ: অ’.... বানানটো চালোঁ| তোমাৰটো শুদ্ধ হৈছে হীৰক|
হীৰক: আজি ন টা বজাত পোৱাকৈ আহি যাব চাৰ|
ইয়ালৈকে যাৰ হাঁহি নুঠিল, তেওঁ নিজৰ কপালত ভিক্স ঘঁহিব পাৰে|
________________________
নিশা ন বজাত,
মাষ্টৰ হীৰকহঁতৰ ঘৰৰ দুৱাৰত|
হীৰক: আহিল চাৰ? পাঠাটোৰ বানান ইংৰাজীত কওকচোন
মাষ্টৰ: এম ইউ টি টি অ’ এন.... বৰ ধুনীয়া গন্ধ ওলাইছে অ’
হীৰক: বানানটো ভুল হৈছে চাৰ, শুদ্ধটো হৈছে পি এ টি এইচ এ! আপোনাক মাংস নিদিওঁ... অকল জোল হে দিম
মাষ্টৰ: ধেত, কি যে কোৱা| ইমান হেঁপাহত আহিছো....
হীৰক: ঠিক আছে, আৰু এটা চান্স... জোলটো ইংৰাজীত বানান কওক....
মাষ্টৰ: জে ইউ ল.... জোল
হীৰক: আকৌ ভুল হৈছে চাৰ| ভুল হৈছে| শুদ্ধটো হৈছে C U R R Y.....
ইয়ালৈকে যাৰ হাঁহি নুঠিল, তেওঁ নিজৰ কপালত চপৰিয়াব পাৰে!
________________________

Durga Puja Jokes, facebook jokes, Google Jokes, New Jokes 2022

ছোৱালীৰ দেউতাক

 ছোৱালীৰ দেউতাকক প্ৰথমবাৰ লগ কৰিবলৈ গৈছিল হীৰক!

দেউতাক: কি কৰা?
হীৰক: নিজৰ বিজনেছ আছে!
দেউতাক: বিজনেছ কৰি কি লাভ! চাকৰি নাপালা নেকি? বাৰু, কি গাড়ী আছে তোমাৰ?
হীৰক: দুখন ট্ৰেক্টৰ, তিনিখন নাইট ছুপাৰ আৰু ৫ খন টাটা মেজিক আছে!
দেউতাক: কি? এখনো গাড়ী নাই? এতিয়া মোৰ ছোৱালীয়ে গৈ টাটা মেজিক, ট্ৰেক্টৰত ফুৰিব লাগিব নেকি?
হীৰক: 🙁
ম’ৰেল:- এইটো একেবাৰে সঁচা ঘটনা! এতিয়াও ছোৱালীজনীয়ে মাজে মাজে হীৰকক মেছেজ দি থাকে
_______________________________________
অসমীয়া কৌতুক
Google Jokes
Funny Jokes 2022, Facebook New Jokes

সত্য নাৰায়ণৰ পূজা

অপৰাজিতাৰ ঘৰত সত্য নাৰায়ণৰ পূজা পাতিছিল শনিবাৰে। তাইৰ মৰমৰ বান্ধৱী জপৰাজিতা আৰু আন দুজনীমানকো মাতিলে।

পূজা শেষ হোৱাৰ পিছত প্ৰসাদ বিতৰণ চলি আছে।
অপৰা: জপৰা এটা কাম কৰাচোন, পুৰোহিতে মাহ প্রসাদ বিলাব তুমি উপহাৰ খিনি বিলাই দিয়া।
জপৰা: ঠিক আছে দিয়া।
জপৰাই পূজা থলীত চাৰিওফালে বিচাৰিও উপহাৰৰ খৰাহীটো বিচাৰি নাপালে।
জপৰা: ঐ অপৰা উপহাৰ কত থৈছা?
অপৰা: কেলে সৌ ষ্টীলৰ চৰিয়াটোতেই আছে দেখোন।
জপৰা: সেইটোত দেখোন ৰঙা ৰঙা কিবা লিকটীয়া বস্তু এসোপা হে আছে।
অপৰা: উৱা সেইয়াই উপহাৰ। বজাৰলৈ গৈ 5 বিধ ফলমূল বিচাৰি নাপালোঁ সেইকাৰণে মই উপহাৰৰ কাৰণে মিক্সড ফ্ৰুইট জে'ম (mixed fruit jam) চাৰিবটল লৈ আহিছো।
শুনামতে জপৰা তিনিদিন তাতেই ঢাপলাং হৈ পৰি আছিল।"

____________________________

দুৰ্গা পূজা- অসমীয়া কৌতুক

 হীৰক: মা মা, মই দুৰ্গা পূজা চাবলৈ যাওঁ নে?

মাক: যা, দেৰি নকৰিবি ৰাতি
.
ঘন্টা পিছত...
.
ঘৰৰ বাহিৰত হাল্লা!
মাকে ওলাই গৈ দেখে বাগানৰ পৰা ধেৰ মানুহ আহিছে জুম বান্ধি, হীৰকক গাধ এটাৰ ওপৰত উঠাই আনিছে
মাক: কি হ’ল ঔ?
বাগান ১: এইটো তোৰ ল’ৰা নেকি?
বাগান ২: মহা চয়তান আছে তোৰ ল’ৰাটো মাই...
বাগান ৩: হ’ ৰে... লুকাই কিনে আমাৰ ঘৰৰ ভিতৰত মোৰ ছোৱালী দুটা দুৰ্গা আৰু পূজাক চাই আছিল হি... আন্ধাৰতে দেখি ভূত বুলি ভয় খাই গ’লো
মাক: কিছন! কি হ’ব এতিয়া?
বাগান ৩: কি আৰো হ’ব... তোৰ ল’ৰাটো আজিৰ পৰা আমাৰ জঁৱাই হ’ল...
________________________________________________________________________

Google Assamese Jokes, Facebook Jokes

Durga Puja Jokes

 হীৰক: ছেংদা, পূজা ক'ত চাব ন?

ছেং: মোবাইল আৰু টিভিত। দুখীয়া যে...

_____________________________________

Assamese Jokes from Facebook, Best Jokes in Google.