নবীনৰ মনিলতা নামৰ এজনী ভনীয়েক আছে যে , কেলেই লাজকুৰীয়াকৈ, কম কথা কৈছিল, মেডিকেল পঢ়িছিল যে পাহৰিলে নেকি ?? ধেত কেলেই অসমীয়াতে হিন্দী কয় যে?
সেই মনিলতা গুৱাহাটী মেডিকেলত পঢ়ি থকাৰ সময়ৰ কাহিনী এইটো। নবীনেহে কোৱা কথা দেই ,ডাক্তৰ বোৰে ৰোগী চাওঁতে বোলে family history taking বুলি এটা কথা আছে, মানে ধৰক কোনো ৰোগীৰ যদি ডায়েবেটিচ আছে তেখেত সুধিব লাগে তেওঁৰ ঘৰৰ আন কোনোৱাৰো তেনে ৰোগ আছে নেকি ইত্যাদি, ইত্যাদি ।
মনিলতায়েও নতুনকৈ ৰোগীচোৱা আৰম্ভ কৰিছে নিতৌ নতুন কথা শিকি আছে । এজন ৰোগীক আন দুজনে দাঙি লৈ আহিল মনিলতাৰ ওচৰলৈ!
মনিলতাই শুধিলে " কি হৈছে এখেতৰ ?"
ৰোগীজনে বিষত সেহাইঁ সেহাইঁ "ক'লে বাইদেউ গছৰ পৰা পৰিলো, ভৰিখন ভাঙিল যেন পাইছো, আহ! কিবা এটা সোনকালে কৰক "
মনিলতাই অলপ গহীনহৈ ক'লে "অ fracture হ'ব পাৰে , বাৰু কওঁকছোন আপোনাৰ ঘৰৰ আন মানুহৰো এনেদৰে গছৰ পৰা পৰি fracture হৈছে নেকি আগতে?"
ৰোগীজনে কি ক'লে সেইটো গ'ম নাপালো।