Gajari: the Best of Indian Jokes

November 11, 2022

টুডে ইলেভেন নৱেম্বৰ ১১/১১/২২

 নয়নজিত: আজি দিনটোৰ বিশেষত্ব কি? 


অনিতা: আজি ১১ নৱেম্বৰ


নয়নজিত: তেনেকে নহয়, ইংৰাজীত কোৱা


অনিতা: টুডে ইলেভেন নৱেম্বৰ


নয়নজিত: "টুডে ইলেভেন নৱেম্বৰ" নহয় ঔ, "টুডে ইজ ইলেভেন নৱেম্বৰ" হ’ব। মাজৰ ইজ-টো খাই দিলা নেকি?


অনিতা: ইচ, ইজটো কিয় বাৰু খাম? অলপ আগতে একাঁহী ভাত খাইছো কিবা।  


নয়নজিত: হ’ব হ’ব।  "টুডে ইজ ইলেভেন নৱেম্বৰ"। নৱেম্বৰ মাহটো কেইনম্বৰ মাহ?


অনিতা: কেইনম্বৰ মানে? হয় আৰু ৭-৮ নম্বৰ কিবা এটা।


নয়নজিত: নৱেম্বৰটো ১১ নম্বৰ মাহ আঁকৰী। গতিকে, আজি চোৱা- তাৰিখ ১১, মাহো ১১। এতিয়া কোৱাচোন, ১১ যোগ ১১ কিমান হয়?


অনিতা: ১১ + ১১.... হমম ... ২১?


নয়নজিত: ধেত....  ১১ + ১১= ২২ আক’। তো আজি ১১ তাৰিখ ১১ মাহ ২২ চন হয় নে নাই? মানে ১১/১১/২২ হয় নে নাই?


অনিতা: অঁ হয়। কিন্তু তাতে কি হ’ল? 

নয়নজিত: একো নাই হোৱা। মোক আমনি নকৰিবা এঘণ্টা। ম‍ই গাজাৰীৰ ব্ল’গটোলৈ গৈ দুটামান জ’কছ পঢ়ি আঁহো।

অনিতা: মোকো লিংকটো দিয়া, ময়ো পঢ়োঁ

নয়নজিত: https://gajari.blogspot.com/

November 05, 2022

Desi Cricket- Dhyaan se dekho

Watch the video with proper attention-  

মন দি চাওক ভিডিঅ’টো!







Funny Hindi video

 

hindi funny video, funny video, new funny videos, trending funny videos, indian female video

November 04, 2022

আদালতত এদিন

আদালতত এদিন লাগিল নহয় জেং-


উকীল: আপুনি কিয় পুলিচ আংকুলৰ পেণ্টৰ জেপত জ্বলি থকা জুইশলাৰ কাঠি ভৰাইছিল?

অপৰাধী: উৱা! কাৰণ তেওঁৱেই মোক কৈছিল, জামিন লাগে যদি মোৰ জেপ সোনকালে গৰম কৰ। সেয়ে কৰি দিলোঁ...
_________________________________

অসমীয়া কৌতুক
অসমীয়া ব্ল’গ
ফুচুৰি, ৰগৰ, হাঁহি উঠা কৌতুক, funny jokes

হাত মূৰ বাহিৰলৈ নুলিয়াব

Elon Muskএ Twitter কিনিলে কি হ’ব? আমি হাঁহিবলৈ বন্ধ কৰি দিম নেকি? ব্ল’গ দেখোন চলিয়েই আছে

মিঃ বৰা বাছত গৈ আছে, দুয়োখন হাত পকেটত ভৰাই লৈছে। আনকি Facebook চাবলৈ, Mobile পিটিকাৰো উপায় নাই...

কণ্ডাক্টৰে আহি তেওঁক ভাড়া খুজিলে: " দাদা, আপোনাৰ ভাড়াটো দিয়কছোন"

মিঃ বৰা: ভাড়া? মই এতিয়া কেনেকৈ ভাড়া দিম ?
কণ্ডাক্টৰ: মানে? কিয় দিব নোৱাৰে?
মিঃ বৰা: আপোনাৰ বাছতেই দেখোন লিখা আছে - বাহিৰলৈ হাত মূৰ নুলিয়াব বুলি। বাছ ৰ’লে মই নামি গৈ বাহিৰত ভাড়াটো দি যাম। এতিয়া নোৱাৰিম।
__________________________________________________________________
Meta jokes, Facebook jokes, Indian jokes, Assamese, funny, very funny

মোৰ লগতেই কিয় হয় এনেকুৱা?

 কাহিনীৰ নাম: মোৰ লগতেই এনেকুৱা কিয় হয়?

___________________________________________________
বাপ্পা ঐ, AQI Delhi, Rafael Nadal, Fed rate hike, Cricket score বিচাৰিব নালাগে; 2022 যাবৰেই হ’ল, এইটো ঘটনা শুনক:

লুতফা বহুতদিন ধৰি চিংগল। বহুত দিন মানে এই ৬-৮ দিনেই হ’ল বয়ফ্ৰেণ্ড এটা নাই- কম দুখৰ কথানে?

কিটিং... কিটিং।
Facebook মেছেঞ্জাৰত জিলিকি উঠিল নতুনকৈ ফ্ৰেণ্ড যোগ হোৱা এজন ল’ৰাৰ মেছেজ: "হাই, কি খবৰ?"
লুতফাৰ চেহেৰাটো ২৫ ৱাট LED bulb ৰ নিচিনাকৈ জিলিকি উঠিল।

তাই ল’ৰাটোৰ লগত ৪৫ মিনিট চাট কৰিলে। Facebook Chat কৰি বেয়া নালাগিল দেখোন!

ল’ৰাটোৱে অৱশেষত সুধিলে: "তুমি মোৰ লগত কফি খাবলৈ যাবানে?"
লুতফা: "না, নাযাওঁ..."

ল’ৰাটো: "তেন্তে, চাহ খাবা নে? মোৰ লগত?"
লুতফা: "না, চাহো নাখাওঁ মই..."

ল’ৰাটো: "অস, টাটা বাই বাই! এনেই মোক টাইম পাছ কৰালা।"
লুতফাই আচলতে টাইপ কৰি আছিল: "মই চাহ কফি ভাল নাপাওঁ। শুনা না, মোক ভাল ৰেষ্টুৰেণ্ট এখনত ভাত খুৱাবা নেকি?"

কিন্তু দুখৰ কথা, তেতিয়ালৈকে ল’ৰাটোৱে তাইক ব্লকাই দিছিল।
লুতফাই ফেচবুকত ষ্টেটাছ লিখিলে: মোৰ লগতেই এনেকুৱা কিয় হয়? ফিলিঙ চেড চেড....
_____________________________________________________________________
Assamese jokes, very funny jokes, latest jokes 2022, short funny jokes, Facebook jokes.





October 30, 2022

Nipon Goswami, you are still there.

Rest in Peace Nipon Goswami sir.
You will be remembered forever.
We hope, your son siddharth nipon goswami will soon perform in movies like you did. 


Nipon Goswami
Nipon Goswami
নিপন গোস্ৱামী