Gajari: the Best of Indian Jokes

June 12, 2014

অসমীয়া কৌতুকৰ কিতাপৰ বাবে বৰঙণি আগবঢ়াওক

Assamese jokes Book













- গোহাৰি -

মৰমৰ গাজাৰীয়ান ৰাইজ,

এই গোটৰ মূল লক্ষ্যৰ ফালে যদি আমি পুনৰবাৰ উভতি চাওঁ, তেন্তে দেখিবলৈ পাম যে আনৰ মুখত হাঁহি বিৰিঙোৱাটোৱেই আমাৰ প্ৰধান ঊদ্দেশ্য আছিল| আজি আমি সেই লক্ষ্যক অধিক মজবুত কৰি বিশ্বৰ ৫০-৬০ খন দেশৰ অসমীয়াৰ মাজৰ আমাৰ ব্ল’গৰ যোগেৰে হাঁহিৰ ভাইৰাছ বিয়পাবলৈ সক্ষম হৈছোঁ| লগতে আপোনালোকৰ আৰু আমাৰ মাজত বন্ধু ভাৱাপন্ন, পৰিয়ালৰ দৰেই এক আত্মীয়তা গঢ় লৈ উঠিছে| তাজমহল, গ্ৰে’ট ৱাল অব চাইনাৰ দৰেই এই সম্পৰ্ক যাতে অক্ষুণ্ণ হৈ থাকে, সেইয়াই আমাৰ আন্তৰিক কামনা|

আজি আপোনালোকৰ মাজলৈ এটি সপোনৰ কুঁহিপাত আগবঢ়াব খুজিছোঁ| বহুদিনৰে সপোন আছিল, যেনেকৈ ইন্টাৰনেট জগতলৈ আমি ৫০০ ৰো অধিক অদ্বিতীয় ৰসৰ কৌতুক/ গাজা আগবঢ়াবলৈ সক্ষম হৈছোঁ; তেনেদৰে অসমীয়া সাহিত্যলৈকো এখন নিৰ্বাচিত কৌতুকৰ পুথি আমি আগবঢ়াব লাগে- বোলোঁ, ইন্টাৰনেট ব্যৱহাৰ নকৰা মানুহসকলেও হাঁহক| এতিয়া যিকেইখন পুথি আছে, সেইকেইখনত গাজাবোৰ ঘিচা-পিটা; আলোচনীত যিবোৰ কৌতুক প্ৰকাশ হয়- সেইবোৰ ১০-১৫ বছৰ আগতেই শুনা মামৰে ধৰা কৌতুক|

আমাতকৈ ভালকৈ এই কাম কোনে কৰিব পাৰিব, নহয় জানো গাজাৰীয়ান ভাই-ভনীসকল?
পিছে, এইয়া সপোনৰ আধাৰশিলা হে| আপোনালোকে এটি দুটি কৈ ইটা, এমুঠি চিমেন্ট, বালি নিদিলে এই পঁজাৰ নিৰ্মাণ হোৱাটো অতি কঠিন হ’ব| কেইবা মাহৰে পৰা আৰম্ভ কৰি আমি আগবাঢ়িব খুজিছোঁৱেই- আজি আপোনালোকৰ মাজত বাতৰিটো এৰি দিলোঁ| এই সপোনক বাস্তৱায়িত কৰিবলৈ সহায় কৰক|

অহা গ্ৰন্থমেলাৰ আগতে আমি ৫০-৭০ পৃষ্ঠাৰ এখনি উত্কৃষ্ট মানদণ্ডৰ কিতাপ প্ৰকাশ কৰিব খুজিছোঁ| আপোনালোকৰ কৌতুক, নাম, বৰঙণিৰ কথা কিতাপত নিশ্চয়েই উল্লেখ কৰা হ’ব| সম্পাদনাৰ কামো ইতিমধ্যে আগুৱাইছে; আপোনালোকৰ কোনোৱে সহায় কৰিব খুজিলে যোগাযোগ কৰিব| প্ৰকাশকে জনোৱাৰ মতে বাজেট হেনো প্ৰায় ২০-২৫,০০০ টকা| আমি বিচাৰোঁ- আপোনালোকৰ প্ৰত্যেকেই এই শুভযাত্ৰাৰ সমভাগী হওক| নিজৰ সুবিধা আৰু সামৰ্থ্য অনুসৰি এই কাৰ্যৰ বাবে অলপ বৰঙণি প্ৰদান কৰক| গোটেই হিচাপ নিকাচ ৰাইজক পিছত দিয়া হ’ব| ধীমান অধিকাৰী দেৱ আৰু মোৰ একাউন্ট নাম্বাৰ তলত দিয়া হ’ল:
একাউন্ট নং:
১/ Dhiman Adhikary
A/c no. 31056981282
State Bank of India
Bongaigaon Branch:
IFSC CODE- SBIN OOO 1684
Phone: 09953091916

২/ Santanu Changmai
State Bank of India
Savings ac no. 31628442992
Bakulani Chariali

# অনুগ্ৰহ কৰি আপোনালোকৰ Good Willৰ বৰঙণি হে প্ৰদান কৰে যেন| যি বৰঙণিত মৰম নাই, সেই বৰঙণি আমি গ্ৰহণ কৰিবলৈ অপাৰগ|
# আপোনালোকৰ পৰামৰ্শ তথা ইচ্ছা-অনিচ্ছাৰ কথা ক’মেন্ট আকাৰে লিখক (অযথা পাতলীয়া কথা নিদিয়ে যেন- মোহাৰি দিয়া হ’ব|)
# এইখন আপোনালোকৰেই কিতাপ| ইয়াত ব্যৱসায়ৰ স্বাৰ্থ জড়িত হৈ থকা নাই| কিবা প্ৰশ্ন থাকিলে আপুনি কৰিব পাৰে|

Please contact us at santanu.changmai@gmail.com for more details.

April 28, 2014

Anytime Facebook? Assamese Funny Meme

Assamese Toon by Joydeep






















বৰালি মাষ্টৰৰ বাৰু বিলেগ কাম নাই নেকি?
এনিটাইম খালি ফেচবুক ফেচবুক ।


~ Joydeep

Assamese joke: মুৰুলুন ৰেস্টুৰেন্ট


কুলিতা: মুৰুলুন য়াৰ! তই ৰেস্টুৰেন্ট এখন খুলিছিলি নহয়? কেনে চলিছে?
মুৰুলুন: নাই ৰে দোস্টি| ভাল নহয়| বিক্ৰী-বাৰ্তা নাই|
কুলিতা: মই গাৰ্লফ্ৰেন্ডজনীক লৈ দুদিন গৈছিলো| বন্ধ পাই ঘুৰি আহিলোঁ| 
মুৰুলুন: তই ডিনাৰ বা লান্ছ টাইমত গৈছিলি ছাগে|
কুলিতা: অ’ গৈছিলো|
মুৰুলুন: সেইখিনি সময়ত মই ৰেস্টুৰেন্ট বন্ধ কৰি ঘৰত ভাত খাব যাওঁ|


~ Shasanka Medhi

Assamese Cartoon

Assamese jokes: Gajari Dot Com


















এনি টাইম ফেচবুক কৰিলে ফচফৰাছ ডেফিছিয়েন্সি ৰোগ হব পাৰে... তপুৰ হলেই নহয়... গাজাৰীৰ ৰাইজ চিন্তা কৰিব নালাগে ড৹ আশীষে তেখেতৰ তিৰিতমেন কৰি আছে ।

- By Joydeep

Assamese joke - "এটি কৰুণ সাধু"


এজনী বৰ ধুনীয়া গাভৰু গছ আছিল।  তাই শব্দ বৰ ভাল পাইছিল।  সেয়েহে গাভৰু গছজোপায়ে কেইবাহালো চৰাইক আশ্ৰয় দিছিল l কুলি, ভাটো, শালিকা, ফেঁচা।  

কুউ, কুউ , নিউ নিউ ইত্যাদি শব্দৰে চৰাইবোৰে ইটো ডালৰ পৰা সিটো ডাললৈ জপিয়াই ফুৰিছিল ! সিহতঁৰ কোলাহলত তাই বৰ আনন্দ পাইছিল ! এনেকৈয়ে দিনবোৰ গৈ থাকিল। 
এদিন খৰাং আহিল। 

গছৰ পাতবোৰ শুকাবলৈ ধৰিলে। 
চৰাইবোৰ এটা দুটাকৈ গছজোপাৰ গুছি গ'ল। 

গাভৰু গছজোপা দিন ৰাতি দুখী হৈ থাকিল। অৱশেষত তাই সিদ্ধান্ত ল'লে তাই ইচ্ছামৃত্যু কৰিব।  অন্ততঃ তাইৰ মৃত্যুৰ পাছত তাইৰ শৰীৰটোৰে কাঠ ফালি মানুহে বিচনা, চোফা বনাব l আৰু তাত সৰু সৰু ল'ৰা-ছোৱালীয়ে, পুৰুষ মহিলায়ে বহি কথা পাতিব l আৰু তাইৰ আত্মাটো সুখত থাকিব l

গাভৰু গছজোপায়ে আত্মহত্যা কৰিলে। 
দিনবোৰ বাগৰিল। 
গাভৰু গছজোপাৰ ধুনীয়া শৰীৰটো এদিন কাঠৰ মিলত সোমাল। 
কিন্তু তাইৰ মৃত্যুৰ পাছতো তাইৰ আত্মায়ে শান্তি নাপালে। 
কিয় জানেনে ?
তাইৰ শৰীৰটোৰে এজন ডাঙৰ মানুহৰ বাবে এখন ব্যয়বহল চকী বনোৱা হ'ল। 
আৰু যোৱা দহবছৰে সেই বিলাসী চকীখনত এজন অঁকৰা মানুহ বহি আছে। আৰু তেওঁ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী মদমোহন সিং !

সাংবাদিক মৰালিনৰ অকথ্য ১/ অসমীয়া কৌতুক


********************
মৰা-লিনে মাজতে সাংবাদিকতা কৰিছিল।টিভি চেনেল এটাৰ লোকেল কৰেচপনদেন্স । সেয়ে সেই অঞ্চলত তাক প্ৰায় মানুহেই চিনি পায়। এবাৰ নিউজ ৰ আশাত পুলিচ ষ্টেচনৰ আগত চাধা মাৰি থাকোতে অটো ভেন এখনত কঠাল এক গাড়ী লৈ বেপাৰী এজন আহি আছিল। মৰা-লিনৰ কঠাল খাবলৈ মন গ‘ল।

অটোৱালাক ৰখাই বেপাৰীক কঠালৰ দাম সুধিলে । বেপাৰীজন আছিল আকৌ প্ৰতিভু দত্ত । বেপাৰীয়ে কলে ৬০ টকা ।
মৰা-লিন :- ৩০ টকাত দি এটা ।
বেপাৰী :- নাই দাদা নোৱাৰো , লয় যদি ৫০ টকাত দিব পাৰো
মৰা-লিন :- ৩০ টকাত দি এটা ।
বেপাৰী :- নাই নোৱাৰো ৫০ টকা লাগিব ।
মৰা-লিন :- ৩০ টকাত দিবি না নেদা ?
বেপাৰী :- নৰো মই , ৫০ টাকাৰ তলত নৰো দিবা । মই যাং ।
মৰা-লিন :- তই যি কঠাল বেছিব আহিছ তোৰ কাগজ পাতি আছে নে নাই ?
বেপাৰীঃ- কি কাগজ ?
মৰা-লিনঃ- গছৰ পৰা কঠাল পৰাৰ বাবে ফৰেষ্টৰ NOC , কঠাল বিক্ৰী কৰাৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ , TIN নং , VAT ক্লীয়াৰেন্স চাৰ্টিফিকেত , কঠাল বেপাৰী সন্থাৰ সদস্য নং ইত্যাদি ইত্যাদি ।
বেপাৰী :- দাদা , এইবোৰ নাই নহয় ।
মৰা-লিন :- চাল্লা কঠালৰ চোৰাং বেহা কৰিব আহিছ ? ৰহ , ভালদৰে ঠিয় দে , ফটো এখন তুলো , কালি পেপাৰত তোৰ ছবিৰ সৈতে বাতৰি আহিব ।
বেপাৰী :- এহ দাদা , কি কৰে এইবোৰ ? আপুনিও অসমীয়া ময়ো অসমীয়া । কিবা এটা মিলামিলি কৰক । ধৰক এই ১০০০ টকা , প্লীজ ফটো নুঠাব না ।
মৰা-লিন :- অকে (পকেটত ১০০০ টকাটো ভৰাই ) ........কঠাল এটা দিবি না ৩০ টকাত ।
বেপাৰী :- নাই দাদা লোকচান হব , ৫০ টকা লাগিবয়েই মোক ।
And the story continues..................................................

~Apurba Kalita

April 19, 2014

গাধ- Assamese Joke

এটি গাধ কান্দি কান্দি বৰালি ষ্টোৰৰ আগৰ ৰাস্তাৰে গৈ আছিলে... ওলোটা ফালৰ পৰা আন এটি বিন্দাছ গাধ ৰোমাণ্টিক গানৰ ক'লি এটি সুহুৰিয়াই আহি আছিলে... দ্বিতীয় গাধৰ ৰোমাণ্টিক সুহুৰি শুনি কান্দি থকা গাধৰ ক্ৰন্দন দুগুনে বৃদ্ধি পোৱাত দ্বিতীয় গাধৰ অন্তৰত দুখ লাগিলে...
দ্বিতীয় গাধঃ গাধভাই কান্দিছ কেলৈ... নাপায় নহয় !!!
প্ৰথম গাধঃ মই আগতে এই দোকানৰ মালিকৰ ঘৰত কাম কৰিছিলোং ।
দ্বিতীয় গাধঃ ও ও ও মালিক বোধকৰোঁ তোমাক বহুত মৰম কৰিছিল ন...? সেয়েই দোকান খন দেখিয়ে মালিকলৈ বহুত মনত পৰিছে আউ ন...? নষ্টালজিয়া বুজিলা ইয়াৰে নাম নষ্টালজিয়া (ৰোমাণ্টিক সুহুৰি)
প্ৰথম গাধঃ নাই, মৰম কৰা নাছিলে, উল্টা কমকৈ খাব দিছিলে আৰু অনবৰতে গালি পাৰি আছিলে ...!!
দ্বিতীয় গাধঃ ধুৰ গাধ, তেতিয়া হ'লে কান্দিছ কিয় বে...? নে তুৰ বাপেক মৰিল... ? এনেই তহঁতক গাধ কয়নে মানুহে...? চাল্লা গাধ ।
প্ৰথম গাধঃ নহয়ৰে গাধভাই, মালিকৰ ঘৰত মোৰ ভবিষ্যত বহুত সোনালী আছিল (হুক..হুক..হুক)
দ্বিতীয় গাধঃ কেনেকৈ বে গাধ...?
.
.
.
.
.
.
প্ৰথম গাধঃ মালিক প্ৰায়েই তাৰ জীয়ৰীক মাৰি মাৰি কৈছিলে..
''মই তোক গাধ এটাৰ লগত বিয়া দিম, তথাপিতো মুৰুলুনুক নিদিওঁ'...!!