Gajari: the Best of Indian Jokes

August 04, 2015

কাক পিটিম কোৱাচোন?

কনজুচ চেংমাৰ পুতেকৰ চিঞৰ-বাখৰ শুনি চুবুৰীয়া অৰুনদা আহিল|

অৰুণ: কি হে চেংদা, ইয়াক কেলে পিটিছে?
চেং: নক’বা হে ইহঁতে মোৰ টকাবোৰ বৰ্বাদ কৰিহে এৰিব|

অৰুণ: কি হ’ল কওকচোন|
চেং: এই মূৰ্খটোক কৈছিলো| চিৰিৰে খোজ কাঢ়িলে মাজত এটা চিৰি এৰিবি| তেতিয়া চেন্দেলজোৰে কষ্ট নাপায়| আজি
সি একেকোবে দুটা চিৰি এৰি খোজ কাঢ়ি পেণ্টটো ফালিলে| ইয়াক নিপিটি কাক পিটিম কোৱাচোন?


অৰুণ: মই যাওঁ দিয়ক ঘৰত ঢেৰ কাম আছে...........

Shasanka Medhi @Assamese Jokes

কৌতুক এটা শুনোৱা চোন

ইণ্টাৰভিউৱাৰ: তোমাৰ হবি কি কি?
মেধাই: মই মানুহক হঁহুৱাই ভাল পাওঁ

ইণ্টাৰভিউৱাৰ: দুটামান কৌতুক শুনোৱা চোন...
মেধাই: ছাৰ বায়ো-ডাটাখন চোন আপোনাৰ সন্মুখতে আছে!


ইণ্টাৰভিউৱাৰ: হে হে হে! হা হা হা! খেক খেক খেক................


- Shasanka Medhi

অলম’ষ্ট পি.কে.ৰ অসমীয়া ৰিমেক আউ....

“ছেণ্টু দা হাফপেণ্ট এণ্ড চৰ পে গামোছা” নামৰ এলিয়েন প্ৰাণীটোৰ স্পেছশ্বিপখন ক্ৰেছ হ’ল, এণ্ড্ৰমিডা গেলেক্সীত, মাত্ৰ তিনি পোহৰ বছৰৰ আগৰ কথা। হাতীপটি গেলেক্সিৰ সৌৰজগত নামৰ চ’লাৰ চিষ্টেমটোত থকা পৃথিৱী নামৰ গ্ৰহটোৰ ভাদৈ পাঁচ-আলি নামৰ ঠাইখনৰ মধ্যাকৰ্ষণ শক্তি এণ্ড্ৰমিডাতকৈ ১০০ গুন বেছি হোৱাৰ বাবে, ভাদৈয়ে ছেণ্টুক আকৰ্ষণ কৰি নিজৰ ওচৰ পোৱালেহি, মানে সেই নংগা পুংগা দোষ্ট ৰূপত। শুনামতে তেখেত ভাদৈত অৱতৰণ কৰাৰ লগে লগে ইমান শক্তি উৎপন্ন হ’ল যে নেপকো নামৰ কোম্পানী এটাই সেই শক্তিৰে বিদ্যুৎ উৎপাদন কৰা আৰম্ভ কৰিলে।
অৱতৰণ কৰিয়েই ছেণ্টুৱে হিলি থকা গাড়ীৰ পৰা পকেট মাৰি পোৱা পইচাৰে তিনিপোৱা গাহৰি ফ্ৰাই আৰু দেৰবটল সাঁজ গলাধকৰণ কৰিলে আৰু ভৱিষ্যত কাৰ্যপন্থা চিন্তা কৰি শেষত টিভিত চিনেমা চাই টাইম পাছ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু সেই চিনেমালব্ধ জ্ঞান তেওৰ ডিঙিত পিন্ধি থকা লকেট ৰিম’টটোৰে নিজৰ গ্ৰহলৈ প্ৰেৰণ কৰি থাকিল।

চাইনিজ চিনেমা চোৱাৰ পাছত
“ পৃথিৱীত মানুহে বাঁহ গছৰ ওপৰলৈকে জপিয়াব পাৰে, আৰু একে ভুকুতে পোন্ধৰ চপৰা ইটা ভাঙি দিব পাৰে। তেওলোকে বাঁহ কাঠিৰ দৰে খৰিকা দুদালেৰে পেলুৰ নিচিনা দীঘল বস্তু কিছুমান খাই আৰু মতা মাইকী সকলোৱে দীঘল চুলি আৰু মোচ ৰাখে, লিংলিঙিয়া। পৃথিৱীখন আজিকালিও ৰজা ৰাণী, কেৰাটে গুৰু আদি লোকেই চলাই থাকে। মাজে মাজে তেওলোকে এনেকুৱা কম্পিটিচন কৰে য’ত মানুহ মাৰি পেলোৱাও লিগেল।“

হলীউডৰ চিনেমা চোৱাৰ পাছত
:ওৱা কে%#×, পৃথিৱীৰ ৯০% মানুহেই দেখোন হয় চুপাৰ হিৰ', নহয় পাগল বিজ্ঞানী, নহয় ফাটাফাটি যাদুকৰ। দুই এটা নৰ্মেল মানুহ থাকিলেও, সেইকেইটাৰ কাম নাই, সিহঁত খালি এই ওপৰত কোৱাবোৰৰ পৰা হয় পলাই ফুৰে, নহয় সিঁহতৰ কৃপাতে জীয়াই থাকে। আৰু আমেৰিকাৰ ৰজাই যি মন যায় তাকে কৰিব পাৰে।

বলীউডৰ চিনেমা চোৱাৰ পাছত
“ আহা, বৰ ৰোমাণ্টিক দেই পৃথিৱীখন, পৃথিৱীৰ মানুহবোৰে দিনৰ দিনটো গান গাই থাকে, তথাপিও কোটি কোটি টকাৰ ঘটে। প্যাৰ কা দুচমন বাদ দি তেওলোকৰ জীৱনত কোনো সমস্যা নাই। পৃথিৱীৰ বেয়া মানুহ বিলাক আইডেণ্টিফাই কৰিবলে একো সমস্যা নাই, দাড়ি, মোচ আৰু চকুৰ চাৱনিতে গম পাই যোৱা যায়।আৰু লগতে................. সত্যৰ সদায় জয়।

চাউথ ইণ্ডিয়ান চিনেমা চোৱাৰ পাছত
“ আনলাইক আৱাৰ অউন প্লেনেট, পেটুৱা, চুলি পকা এণ্ড টপা পিপল আৰ ইনফেক্ট চেক্সী। ধুনীয়া ধুনীয়া ছোৱালী এওলোকৰ প্ৰেমত পৰে, তেওলোকক পতাবৰ কাৰণে সেই ছোৱালীবোৰে জলপ্ৰপাতত এখন মাত্ৰ বগা শাৰী পিন্ধি গান গাই, নাচে, অনেক কাৰচাজী কৰে। তেওলোকৰ শত্ৰুতা কৰা মানুহ বিলাকক থংগাৱল্লী বুলি কোৱা হয়। সেই ভাল মানুহ বিলাকে উৰিব পাৰে, একে ঘোচাই ৫০ টা মান মানুহ মাৰিব পাৰে, আৰু সেয়ে তেওলোকে শেষত গৈ থংগাৱল্লীক ধ্বংস কৰি দিয়ে।আকৌ সত্যৰ সদায় জয়।

বাংলা ছিনেমা চোৱাৰ পাছত
“ হে হে হে, কিনো কম, কিবা লোকৰ গা, লোকৰ গা লাগিছে দেখোন দেহাটো। পৃথিৱীত ভগৱান প্ৰদত্ত নিয়ম নচলে, ইয়াত ল’ৰাই ল’ৰাৰ লগত আৰু ছোৱালীয়ে ছোৱালীৰ লগতহে প্ৰেম কৰে। পৃথিৱীত মানুহ বিলাকে কি কাম, কিয় কৰে বুজা টান যদিও, তেওলোকক চাই থাকি ভালেই লাগে দিয়কচোন।

অসমীয়া চিনেমা চোৱাৰ পাছত
“ বৰ দুখ ঔ, পৃথিৱীত জীৱনটো বহুত দুখেৰে ভৰা। মই চুইচাইড কৰি মৰি যাও দেই দুখতে, বাই বাই ”


By Abhijit Kalita @Assamese Jokes

ইয়াত বৰ আন্ধাৰ ...........

থুলুকৰ ঘৈনীয়েক মালতীৰ ওচৰৰে হৰেনৰ লগত বহুদিনীয়া হিয়া-দিয়া-নিয়া চলি আছিল| থুলুক নোহোৱা চান্সতে হৰেনে মাজে সময়ে মালতীৰ হাতৰ চাহ একাপ খাবলৈ আহে|

এদিন কি হ’ল হৰেনে থুলুকৰ ঘৰত চাহ খাই থাকোতে থুলুকৰ দহ বছৰীয়া পুতেকতো আহি পালে| সি হৰেনক দেখি মনে-মনে সিহঁতৰ ধান থোৱা ভড়াঁলটোত সোমাই থাকিল| কিছু সময় পিছত থুলুকো আহি পোৱাত হৰেনেও চিধাই ভড়াঁলটোলৈ বুলি লৰ দিলে| তাৰ পিছত ভড়াঁলত-

থুলুকৰ পুতেক- ইয়াত বৰ আন্ধাৰ ন?
হৰেন: অ’
থুলুকৰ পুতেক- আমাৰ ধান কটা কাঁচিখন বিক্ৰী কৰিম| কিনিব নেকি?
হৰেন: নালাগে|
থুলুকৰ পুতেক: নিকিনিলে মই দেউতাক মাতি দিম|
উপায় নাপাই হৰেনে কাঁচিখন ৫০০ টকাত কিনিলে|

এসপ্তাহ পিছত আকৌ একেটা ঘটনাৰে পুনৰাবৃত্তি হ’ল| এইবাৰ থুলুকৰ পুতেকে সিহঁতৰ হালোৱাটোৰ পুৰণা চাৰ্টতো ৫০০ টকাত বিকিলে| শেষত থুকুকৰ পুতেকে ঘৰৰ বস্ত বেছা বুলি গম পোৱাত তাক নামঘৰলৈ লৈ গ’ল|
হৰেন: কি হে থুলুক| ইয়াক কেলৈ আনিলে?
থুলুক: ই বেটাই ঘৰৰ চব বস্ত বেছি তহিলং কৰিছে| ই আজিৰ পৰা এনে কাম নকৰো বুলি শপত খাব লাগিব|
থুলুকৰ পুতেক: ইয়াত বৰ আন্ধাৰ ন?
হৰেন: চুপ বেটা! একদম চুপ| মোৰ হাতত আৰু পইচা নাই|

 by Shasanka Medhi

দুৰ্বিপাক

পাণবজাৰৰ অশোকাত পেট ভৰাই চাওমিন খোৱাৰ পিছত-

চচা:- ব’লা, আজি খোজ কাঢ়ি কাঢ়িয়েই উভতি যাওঁ| এনেও তোমাৰ ঘৰ উজান বজাৰতে, ২৫-৩০ মিনিট হে লাগিব|
চচানী: - ওৱাউ! হাউ ৰোমান্টিক!!!
চচা: - হে হে| আই এইম অলৱেইজ ৰোমান্টিক....|| [ ৰোমান্টিক মাই ফুট| ইমান টকাৰ চাউমিন খালি, এতিয়া বাচ ভাৰা দিবলৈকে টকা নাই| উজান বজাৰৰ পৰা নুনমাটিলৈকে কেনেকৈ যাম ?]

ঘৰতে বহি চাইন্টিষ্ট....

সম্বন্ধীয় পেহীৰ ঘৰত এদিন

-বোপাই কত আজিকালি? ইমান ডাঙৰ হ'লি !! কি কৰ তই?
-অ তই গমেই নাপাৱ; মই চাইন্টিষ্ট !

-হে? কি কথা কৈছ? তই দেখোন মেট্ৰিক তিনিবাৰ দিছিলি?
-অ' আকৌ! একদম সচা! আগতে ধেৰ কিবা কিবি কৰিলো----আজিকালি ঘৰতে বহি বহি অক্সিজেনৰ পৰা কাৰ্বন ডাই অক্সাইড বনাওঁ !

- হেমন্ত কাকতি

Ready for Marriage or not! (Assamese Jokes)

চচাংক: মই বিয়া পাতিব খোজো ৷
দেউতাক: এতিয়াই ক্ষমা খোজ !!

চচাংক: কিন্তু দেউতা, মই দেখোন একো ভুল কৰা নাই ৷
দেউতাক: আকৌ কৈছো, ক্ষমা খোজ! !

চচাংক: ওকে, আই এম চৰি, মোৰ ভুল হৈ গৈছিল ৷
দেউতাক: (মিচিকিয়া হাহিৰে) নাও ইউ আৰ ৰেডি ফৰ মেৰিজ!

- Hemanta Kakati