একেবাৰে
মেডিকেল কলেজত নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ-ছাত্ৰীসোপাক লৈ চেংমাই ডাক্তৰ লে’বলৈ গ’ল|
চেংমাই: - ল’ৰা ছোৱালীহঁত, মই আজি তোমালোকক এজন সফল ডাক্তৰ হোৱাৰ ৰহস্য ক’ম|
প্ৰথমটো ৰহস্য- ডাক্তৰে একো বস্তুকে ঘিণ নকৰে! এইয়া মোক চোৱা...
এই বুলি কৈ চেংমাইয়ে এক বাটি বমিত আঙুলি এটা ডুবাই আঙুলিটো উলিয়াই চুপিবলৈ ধৰিলে|
ছাত্ৰ-ছাত্ৰীবোৰৰ অৱস্থা কাহিল...
চেংমাই: - এতিয়া তোমালোকেও ট্ৰাই কৰা... ঘিণ নকৰিবা
যেন তেন চেষ্টা কৰি ৪-৫ টা আহি বমি আঙুলিত লগাই চুহিবলৈ ধৰিলে| আধা ঘন্টাত প্ৰায় খিনি ছাত্ৰ-ছাত্ৰীয়েই আঙুলি বমিত ডুবাই ডুবাই কামফেৰা কৰিলে| কেইজনীমানে তো হকহকাই বমিয়েই কৰি দিলে|
চেংমাই: - অলৰাইট, এতিয়া ৰহস্য নম্বৰ দুই:
একাগ্ৰতা! নহ’লে ডাক্তৰ হোৱাটো বৃথা...| খুব ধ্যান দি কাম কৰিব লাগিব|
তোমালোকে চাগে মন কৰা নাছিলা. মই বমিৰ বাটিত ডুবাইছিলোঁ তৰ্জনী আঙুলিটো আৰু চুপিছিলোঁ অনামিকা আঙুলিটো হে| হি হি হি হি|
by Changmai
c c :-P
ReplyDelete