Gajari: the Best of Indian Jokes: জলদস্যু ভাষ্কো আৰু মিচৰ নন্দিনী

December 19, 2014

জলদস্যু ভাষ্কো আৰু মিচৰ নন্দিনী

Internetot ই-মেইলৰ যোগেদি কেতিয়াবা বহুধৰণৰ স্কেম, স্পাম মেইল পোৱা যায়| কিছুমান মেইলৰ উত্তৰ দি বহু ব্যক্তি সৰ্বস্ৰান্ত হোৱাৰ উদাহৰণো বিৰল নহয়| তেনে এক স্কেম ইমেইলৰ খুহুতীয়া ভাৰ্ছন আগবঢ়াইছে আমাৰ অভিজিত কলিতাই-

++++++++++++++++++++

মৰমৰ ভাষ্কো দাদা,

আপুনি মোক চিনি নেপাব, আচলতে মইয়ো আপোনাক আগতে চিনি পোৱা নাছিলো, কিন্তু আজি হঠাৎ ফেচবুকত আপোনাৰ প্ৰফাইল ফটোখন দেখি মোৰ এনে লাগিল, যেন, যেন, আপুনিয়েই সেই সহৃদয় , মৰমীয়াল, বিশ্বাসী, হাঁহিমুখীয়া মানুহজন; যাৰ অপেক্ষা মই জন্ম জন্মান্তৰৰপৰাই কৰি আহিছিলো। মোৰ সৰল অন্তৰৰ এই নিবেদনক আপুনি হয়তো বাতুলামি বুলিয়েই ভাবিব, তথাপি মই আপোনাক এই কথাখিনি কোৱাৰ পৰা নিজকে বিৰত কৰিব নোৱাৰিলোঁ, ভুল হ’লে ক্ষমা কৰিব।

মই আছলতে মিছৰৰ ৰাজবংশৰ এটা সৰু ঠেঙুলিৰ বংশোদ্ভৱ, আমাৰ পূৰ্বপুৰুষেই মিছৰত পিৰামিড নিৰ্মান কৰিছিল, আপুনি নিশ্চয় জানে, আৰু সেই পিৰামিডবোৰৰ কোঠালীয়ে কোঠালীয়ে আজিও শুণা যায়, সেইসকল কাৰিকৰৰ অতৃপ্ত আত্মাৰ হা-হুমুনিয়াহ, যাৰ প্ৰাণ অনায়াসে কাঢ়ি লৈছিল মোৰ পুৰ্বপুৰুষে, কাম শেষ হোৱাৰ পাছত, স্বাৰ্থ পুৰণ হোৱাৰ পাছত। আৰু সেই আত্মাৰ অভিশাপ বহন কৰিব লগা হৈছে আমি।

মোৰ দেউতাৰ কাইৰোৰ ওছৰে পাজৰে ৫৯ টা সোণৰ খনি আছিল, আৰু মই এই অপৰম্পাৰ সম্পতিৰ একমাত্ৰ উত্তৰাধিকাৰী। কিন্তু ১৯৯৫ চনত উগ্ৰপন্থীয়ে মোৰ দেউতাক অপহৰণ কৰি নিয়ে আৰু আজি পৰ্যন্ত দেউতাৰ কোনো খবৰ নাই। মই সেই সময়ত সৰু আছিলো, গতিকে আমাৰ শুভাকাংক্ষী সকলে মোক ইউৰোপলৈ পলুৱাই পঠিয়াই।

আজি মোৰ ১৮ বছৰ সম্পূৰ্ণ হ’ল, আৰু মই মোৰ দেউতাৰ সম্পত্তিৰ ন্যায়সংগত অধিকাৰ লাভ কৰিলোঁ আৰু মিছৰলৈ ঘুৰি আহিলোঁ। কিন্তু আহি দেখিলোঁ, সেই অতৃপ্ত আত্মাৰ অভিশাপে এতিয়াও মোৰ পাছ এৰা নাই, উগ্ৰপন্থী, ৰাজনৈতিক মাফিয়াৰ পৰা মোক বাৰম্বাৰ ভীতি প্ৰদৰ্শন কৰা হৈছে, মোৰ পূৰ্বপুৰুষৰ সম্পত্তি মোৰ পৰা কাঢ়ি নিয়াৰ চেষ্টা চলিছে অহৰহ, আৰু সেয়ে মই আত্মগোপন কৰিব লগা হৈছে।

সেয়ে মই মোৰ চলিচিটৰ তথা শুভাকাংক্ষী সকলৰ লগত আলোচনা কৰি সিদ্ধান্ত লৈছো যে মই মোৰ প্ৰায় ৫০০ মিলিয়ন আমেৰিকান ডলাৰ মান সম্পত্তি দেশৰ পৰা বাহিৰলৈ পঠাই দিম। আৰু সেয়ে, হয়তো ভগৱানৰ ইচ্ছা অনুসাৰে মই আপোনাক লগ পালো।আপুনি মোক সহায় কৰক!! মই সকলো ধন সম্পত্তি আপোনাৰ দৰে এজন বিশ্বাসযোগ্য আৰু মানবীয়তাসম্পন্ন মানুহৰ হাতত তুলি দিব বিছাৰিছো!!! অনুগ্ৰহ কৰি আপুনি মোক আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ, ক্ৰেডিট কাৰ্ড নম্বৰ, এটিএমৰ নম্বৰ আৰু পিন, মেইল কৰি দিব। ১৫ দিনৰ ভিতৰত মোৰ সকলো সম্পত্তি আপোনাৰ একাউণ্টত জমা কৰি দিয়া হব।

যদি কেতিয়াবা মই ইয়াৰ পৰা বাচি ওলাই যাব পাৰো, তেন্তে সেই পইচাৰ পৰা আপোনাৰ যি ইচ্ছা মোক দিব, মোৰ কোনো দাবী নাই তাত। যদি আপোনাক এই জীৱনত লগ কৰিব নোৱাৰোঁ, তেন্তে আপুনি এই অভাগিণীক মাথোঁ কেতিয়াবা মনত পেলাব ! বিদায়. ..শূভৰাত্ৰি

ইতি
মাচাবা কাঁহিবা পাদিবা ফুৰুৎফা
কাইৰো

* ভাষ্কো- ভাস্কৰজ্যোতিক মৰমত গোটে দি লোৱা নাম

No comments:

Post a Comment

Liked it? Please share with your friends.