কনজুছ শুভ্ৰ আৰু আপী এজনী ডেটিং মাৰবো গেল।
Gajari Blog is a collection of the best Indian New Jokes from Facebook, Google and others. Edited, maintained and updated by Santanu Changmai. Spread the laughter! Keep smiling.
January 06, 2024
Dating funny Assamese Joke
বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড Assamese joke
নাজিবঃ লুতফা, তোমাৰ বয়ফ্ৰেণ্ড আছেনে?
August 13, 2023
List of Assamese Blogs (2023)
List of Assamese Blogs (2023)
অসমীয়া ব্ল’গৰ/ৱেবছাইটৰ তালিকা আৰু লিংক:
1. সাহিত্য ডট অৰ্গ: https://xahitya.org/
2. জোনাক অসম: https://www.jonakaxom.in/
3. গাজাৰী ডট কম: https://gajari.blogspot.com/
4.
A comprehensive list of the best blogs in the Assamese language, that covers a wide range of topics such as technology, entertainment, literature, humor, sports, lifestyle, politics etc.
কি দেখিছা কোৱাচোন?
নৱজিত: (ৰোমাণ্টিক মুডত) মোৰ দুচকুলৈ চোৱাচোন, কি দেখিছা?
গাৰ্লফ্ৰেণ্ডঃ উম। চকু দেখিছোঁ নৱদা।
অসমীয়া কৌতুক, Assamese jokes #Jokes #Assamese Facebook jokes 2023
February 18, 2023
ভেলেণ্টাইন ডে’ কৌতুক
ভেলেণ্টাইন জুক
চুমি নিজৰ মানুহটোৰ লগত শ্বিলং ফুৰবা গেল।
মানুহটো মৰ্নিঙতে উঠি- আউ, ইমান বিউটিফুল মৰ্নিং।
চকু মোহাৰি উঠি চুমি-- অঁ... সঁচাই, ইমান ভাল পুৱা।
মানুহটো--- সঁচাই, বহুত ভাল পুৱা।
------------
অসমীয়া কৌতুক, Assamese jokes, new jokes, funny jokes 2023, fresh jokes, internet jokes, Facebook jokes, Valentine's Day jokes, Valentine Jokes 2023
কেনেকুৱা ৰুটি খাবা?
নৱস্মিতা:শুনা না, ৰুটি বনাব লৈছোঁ।
মাধুৰ্য: বনোৱা না।
নৱস্মিতা:তুমি খাবা নে নোখোৱা?
মাধুৰ্য: খাম আক’...
নৱস্মিতা:কেনেকুৱা ৰুটি খাবা কৈ দিয়া এতিয়াই- চাৰ্কুল, নে ৰেক্টেংগুল নে ট্ৰায়েংগুল?
মাধুৰ্য:হমমম.... পলিগ’ন বনাব নোৱাৰিবা নেকি?
নৱস্মিতা: এ নোৱাৰিম আজি, কম্পাছ আৰু প্ৰট্ৰেক্টৰডাল বিচাৰিয়েই পোৱা নাই।
মাধুৰ্য: ঠিক আছে। খালী ষ্ট্ৰেইট লাইন ৰুটি নবনাবা... দীঘলে দীঘলে খাবলে দিগদাৰ না.... 🤐😁😄
[অসমীয়া কৌতুক, Assamese jokes, new jokes, funny jokes 2023, fresh jokes, internet jokes, Facebook jokes]
নামৰ মহিমা
অনিতাৰ এজনী ভনীয়েক আছে- নীতা।
এতিয়া আলহী সিঁহতৰ ঘৰলৈ গ’লে দিগদাৰ।
"অনিতা" বুলি মাতিলেই দুইজনী দৌৰি আহে- অনিতাই ভাবে তাইক মাতিছে বুলি, নীতাই ভাবে (অ’ নীতা) তাইক মাতিছে বুলি।
সেইকাৰণে এজনীৰ নাম অনিতা, আনজনীৰ নাম অনিডা ৰাখিব লাগিছিল- নহয় নে?
আপুনি কি কয়?
অসমীয়া কৌতুক, Assamese jokes, new jokes, funny jokes 2023, fresh jokes, internet jokes, Facebook jokes
January 21, 2023
ধনী মানুহ
পাৰ্থ বৰ ব্যস্ত- ইফালে সিফালে ঘূৰি ফুৰিব লগা হয়।
পাৰ্থ: জান শুনাচোন, মোৰ নাইট ছুপাৰ আছে- আজি ৰাতি। আৰু পৰহিলে মোৰ ট্ৰেইন আছে।
প্ৰেমিকা: দেউতা দেউতা, মোক কিন্তু পাৰ্থলে বিয়া দিবই লাগিব, ইয়াৰ নাইট ছুপাৰো আছে, ট্ৰেইনো আছে।
___________________
অসমীয়া কৌতুক
অসমীয়া ব্লগ
assamese jokes
assamese blog
new jokes in 2023
new facebook jokes
google online jokes
funny jokes for you
What's in dinner- Chicken or Omelette?
ডিনাৰ কৰাৰ ২৫ মিনিট আগতে-
নৱস্মিতা: হেৰা, শুনা না
মাধুৰ্য: হোঁ... কি? কোৱা
নৱস্মিতা: তুমি অমলেট খাবা নে চিকেন?
মাধুৰ্য: চিকেনেই খাম দিয়া
নৱস্মিতা: অঁ, ঠিক আছে
আধাঘণ্টা পাছত ভাত খাবলৈ বহি মাধুৰ্যই দেখে, নৱস্মিতাৰ থালত অমলেট আছে, কিন্তু তাৰ থালত চিকেন নাই।
মাধুৰ্য:উৱা, মোৰ চিকেন ক’ত?
নৱস্মিতা:চিকেন নাই নহয়, তুমি কাইলে আনি ল’বা। আজি ঘৰত কণী এটাহে আছিল। সেইকাৰণে সুধিছিলোঁ- তুমি অমলেট খাবানে চিকেন? তুমি আক’ চিকেন বুলি ক’লা, সেইকাৰণে অমলেটটো মই খাইছোঁ। বুজিলানে নাই?
মাধুৰ্য: বুজিলোঁ বুজিলোঁ। অমলেটটো অলপ দিয়া, টেষ্ট কৰি চাওঁ।
নৱস্মিতা: নেলাগে দিয়া test কৰিব; অমলেটটো Testত পাছ কৰিছে।
_______________________________
Assamese jokes, Jokes 2023, funny jokes, New jokes assamese, online jokes, facebook jokes,
December 23, 2022
চুমিৰ বাবে এটা ল’ৰা চালে মাহীয়েকে
চুমিৰ বাবে এটা ল’ৰা চালে মাহীয়েকে (অসমীয়া কৌতুক)
মাহীয়েক: চুমি, তোমাৰ কাৰণে ল’ৰা এটা চাইছোঁ| সি বহুত ধনী...
জিনে দিলে তিনিটা বৰ
বিলৰ কাষৰ মাটিডৰা চহাই থাকোঁতে অগ্ৰাগ্নীয়ে এটা পুৰণি চাকি পালে
চাহৰ কথা- ২
আপোনালোকে জানেই মই মানুহটো কিমান মৰমিয়াল।
চাহৰ কথা- ১
আপোনালোকে জানেই মই মানুহটো কিমান মৰমিয়াল।
December 07, 2022
No to alcohol
December 06, 2022
ঋতুৰাজৰ কৌতুক
ৰমেনৰ মগজত এইকেইদিন সেইটো বিজিনেছ আইডিয়াই দৌৰি আছে ৷ মানে এক্কেবাৰে হাই লেভেলৰ বিজনেছ ৷ লাক ভাল থাকিলে বছৰতে কোটিপতি ৷বেয়া থাকিলে অন্তত লাখপতিতো হব্বই হব্ব ৷ এই টাউনতে থকা দীপকৰ পৰাই সি আইডিয়াটো পাইছে ৷ এক্কো প্ৰব্লেমেই নাই ৷মাত্ৰ এটা এন্ড্ৰইড ফোন লাগে ৷ আম্বানীৰ কৃপাত দিনে ডেৰ জিবি পোৱা যায়েই ৷
Assamese funny joke- বিয়া পতাৰ লাভ
কুইজ কম্পিটিছনত সত্যজিত, নয়নজিত, হীৰক নামৰ তিনিগৰাকী চোকা ছাত্ৰ শীৰ্ষত যুঁজি আছিল।
November 12, 2022
স্মাৰ্ট চোৰ
প্ৰথম চোৰ: পুলিচে আপোনাক কিয় ধৰিলে?
দ্বিতীয় চোৰ: বেংকটো ডকাইতি কৰাৰ পিছত, মই তাত বহি টকা গণনা কৰিবলৈ আৰম্ভ কৰিলোঁ। পুলিচে আহি মোক ধৰিলে। !
প্ৰথম চোৰ: তাত টকা গণনা কৰাৰ কি প্ৰয়োজন আছিল?
দ্বিতীয় চোৰ: এইটো তাত লিখা আছিল- - কাউণ্টাৰ এৰি যোৱাৰ আগতে টকা গণি লওক, পিছত বেঙ্ক দায়বদ্ধ নহ'ব...!
হে প্ৰভু
মনাই: হে প্ৰভু, অহাটো জনমত মোক জেঠীৰ ৰূপত জন্ম দিবা
ঈশ্বৰ: কি? কিন্তু কিয়?
মনাই: আমাৰ এওঁ জেঠীৰ বাদে একোকে ভয় নকৰে
_______________________
Short jokes, funny jokes, indian jokes, assamese jokes
Laughter is the best medicine to improve your immune system.
November 11, 2022
টুডে ইলেভেন নৱেম্বৰ ১১/১১/২২
নয়নজিত: আজি দিনটোৰ বিশেষত্ব কি?
অনিতা: আজি ১১ নৱেম্বৰ
নয়নজিত: তেনেকে নহয়, ইংৰাজীত কোৱা
অনিতা: টুডে ইলেভেন নৱেম্বৰ
নয়নজিত: "টুডে ইলেভেন নৱেম্বৰ" নহয় ঔ, "টুডে ইজ ইলেভেন নৱেম্বৰ" হ’ব। মাজৰ ইজ-টো খাই দিলা নেকি?
অনিতা: ইচ, ইজটো কিয় বাৰু খাম? অলপ আগতে একাঁহী ভাত খাইছো কিবা।
নয়নজিত: হ’ব হ’ব। "টুডে ইজ ইলেভেন নৱেম্বৰ"। নৱেম্বৰ মাহটো কেইনম্বৰ মাহ?
অনিতা: কেইনম্বৰ মানে? হয় আৰু ৭-৮ নম্বৰ কিবা এটা।
নয়নজিত: নৱেম্বৰটো ১১ নম্বৰ মাহ আঁকৰী। গতিকে, আজি চোৱা- তাৰিখ ১১, মাহো ১১। এতিয়া কোৱাচোন, ১১ যোগ ১১ কিমান হয়?
অনিতা: ১১ + ১১.... হমম ... ২১?
নয়নজিত: ধেত.... ১১ + ১১= ২২ আক’। তো আজি ১১ তাৰিখ ১১ মাহ ২২ চন হয় নে নাই? মানে ১১/১১/২২ হয় নে নাই?
অনিতা: অঁ হয়। কিন্তু তাতে কি হ’ল?
নয়নজিত: একো নাই হোৱা। মোক আমনি নকৰিবা এঘণ্টা। মই গাজাৰীৰ ব্ল’গটোলৈ গৈ দুটামান জ’কছ পঢ়ি আঁহো।
অনিতা: মোকো লিংকটো দিয়া, ময়ো পঢ়োঁ
নয়নজিত: https://gajari.blogspot.com/