আমাৰ অভিজিত দাদাই পাটীগণিত আৰু কুঁহিপাঠ পঢ়াৰ সময়ৰ কথা ৷ দাদাই পঢ়া প্ৰাথমিক বিদ্যালয় খনৰ চৌহদত আছিল এজোপা ধুনীয়া শিলিখা ৷ বিদ্যালয়ৰ প্ৰাৰ্থনা কৰি উঠি লৰালৰিকৈ সৰি থকা শিলিখা পেন্টত এজেপ ভৰাই লয় ৷ পানীখোৱা ছুটিলৈকে নিজেও খায় আৰু আনকো বিলাই দুই এটা থাকিও যায়গৈ ৷
এদিনা শ্ৰেণীত কনকেশ্বৰ ছাৰে সকলোকে এটা প্ৰাকৃতিক দৃশ্য পাহাৰ, নদী, চৰাই, গছ, বন আঁকিবলৈ দি "আহি চামহি" বুলি কৈ শ্ৰেণীকোঠাৰ পৰা ওলাই গ'ল ৷
তেনেতে আগৰ বেঞ্চত বহা শ্ৰেণীটোৰে সকলোতকৈ ধুনীয়া বুলি নাম থকা ছোৱালীজনীয়ে পিছলৈ ঘুৰি আমাৰ দাদাক সুধিলে - "তোমাৰ ওচৰত শিলিখা আছে নিকি এটা দিয়াচোন !"
ঘপককৈ আমাৰ দাদাই ছবি অঁকা পেঞ্চিল ডাল হাতত লৈয়ে শিলিখা উলিয়াবলৈ পেন্টৰ জেপত হাত ভৰালে ৷ জেপৰ ভিতৰৰ পাতল কাপোৰখন পেঞ্চিলৰ জোঙা আগটোৰে ভেদি গাৰ ছালত খোঁচ বহাই ৰঙা কৰি দিলে যদিও আমাৰ দাদাই আস্ বুলি মুখত মাত আহিবলৈকে নিদিলে ৷
"এইটো লোৱা" বুলি নিমজ ধুনীয়া শিলিখাটো আগবঢ়াই দিলে ৷ ছোৱালীজনীয়ে মিচিকি হাঁহি এটিৰে শিলিখাটো হাতত ল'লে৷
সেইদিন ধৰি আমাৰ দাদাই নিমজ ধুনীয়া মঙহাল চাই ভালৰ ভালটো বাচি হে শিলিখা জেপত থোৱা হ'ল ৷ মনত অপাৰ আশা- শিলিখা এটা খোজক ৷ কিন্তু দুখৰ কথা এসপ্তাহৰ পাছতে ছোৱালীজনী চহৰৰ নামী বিদ্যালয়লৈ বদলি হৈ গুছি গ'ল ৷ পিছে শিলিখাৰ প্ৰতি আমাৰ দাদাৰ মনত মায়া লগাই থৈ গ'ল ৷ আজিও আমাৰ দাদাই পেন্টৰ জেপত নিমজ ধুনীয়া শিলিখা এটা হ'লেও লৈ ফুৰে ৷
আমাৰ দাদাৰ মনৰ আশা, কিজানিবা কেতিয়াবা ক'ৰবাত এই প্ৰশ্নটোৰ সন্মুখীন হোৱাৰ শুভক্ষণ আহেই - "তোমাৰ ওচৰত শিলিখা আছে নিকি এটা দিয়াছোন ...."
- Tapan Neog