Gajari: the Best of Indian Jokes

August 04, 2015

দুৰ্বিপাক

পাণবজাৰৰ অশোকাত পেট ভৰাই চাওমিন খোৱাৰ পিছত-

চচা:- ব’লা, আজি খোজ কাঢ়ি কাঢ়িয়েই উভতি যাওঁ| এনেও তোমাৰ ঘৰ উজান বজাৰতে, ২৫-৩০ মিনিট হে লাগিব|
চচানী: - ওৱাউ! হাউ ৰোমান্টিক!!!
চচা: - হে হে| আই এইম অলৱেইজ ৰোমান্টিক....|| [ ৰোমান্টিক মাই ফুট| ইমান টকাৰ চাউমিন খালি, এতিয়া বাচ ভাৰা দিবলৈকে টকা নাই| উজান বজাৰৰ পৰা নুনমাটিলৈকে কেনেকৈ যাম ?]

ঘৰতে বহি চাইন্টিষ্ট....

সম্বন্ধীয় পেহীৰ ঘৰত এদিন

-বোপাই কত আজিকালি? ইমান ডাঙৰ হ'লি !! কি কৰ তই?
-অ তই গমেই নাপাৱ; মই চাইন্টিষ্ট !

-হে? কি কথা কৈছ? তই দেখোন মেট্ৰিক তিনিবাৰ দিছিলি?
-অ' আকৌ! একদম সচা! আগতে ধেৰ কিবা কিবি কৰিলো----আজিকালি ঘৰতে বহি বহি অক্সিজেনৰ পৰা কাৰ্বন ডাই অক্সাইড বনাওঁ !

- হেমন্ত কাকতি

Ready for Marriage or not! (Assamese Jokes)

চচাংক: মই বিয়া পাতিব খোজো ৷
দেউতাক: এতিয়াই ক্ষমা খোজ !!

চচাংক: কিন্তু দেউতা, মই দেখোন একো ভুল কৰা নাই ৷
দেউতাক: আকৌ কৈছো, ক্ষমা খোজ! !

চচাংক: ওকে, আই এম চৰি, মোৰ ভুল হৈ গৈছিল ৷
দেউতাক: (মিচিকিয়া হাহিৰে) নাও ইউ আৰ ৰেডি ফৰ মেৰিজ!

- Hemanta Kakati

গাইড বুক নহয়, গাইডৰ হে দৰকাৰ...

কালি পাণবজাৰত কিতাপ বিছাৰি আছিলো|
মই: দাদা, চৰকাৰী চাকৰিৰ কাৰণে কিবা ভাগ গাইড বুক আছে নেকি?
দোকানী: চৰকাৰী চাকৰি কৰিবা নেকি?
মই: ঠিক কৰিবলৈ বুলি নহয়| এনেয়ে আৰু...
দোকানী: গাইড বুক নালাগে| ভাল গাইড এজন হে বিচাৰা|

- Shasanka Medhi

*Assamese Jokes

কিমানটা ষ্টাৰৰ ভিতৰত ফ’ৰ ষ্টাৰ?

আমফিয়ে  সৰু থাকোতে ছবি আঁকি খুব ভাল পাইছিল|
এদিন গধুলি তাই এটা ধুনীয়া প্ৰাকৃতিক দৃশ্য আঁকিছিল|
এখন পাহাৰ, তাৰ মাজৰ পৰা এখন নৈ বৈ আহে| নৈখনৰ পাৰত চাৰিটামান ঘৰ থকা এখন গাওঁ| চাৰি-পাঁচজোপা গছ| আকাশত ‘ব্ৰেকেট’ৰ দৰে চাৰিটামান চৰাই|
যি কি নহওঁক ছবি অকাঁ হোৱাৰ পিছত তাই টিউচন বাইদেউক দেখুৱালে|

বাইদেউ: ভাল হৈছে| ফ’ৰ ষ্টাৰ দিব পাৰি|
আমফি: কিমানটা ষ্টাৰৰ ভিতৰত বাইদেউ?

বাইদেউৱে একো নকৈ মুকলি আকাশৰ তলত তাইক হেনো পাঁচমিনিট ফুৰাই আনিলে|

< হি: হি: হি: হি:>

- Shasanka Medhi

June 13, 2015

Nature and Future

কলেজৰ দিনৰ ৰিয়াল কেচ:

ইংৰাজী প্ৰফেচৰক এদিন ভাস্কোদাই সুধিলে:
চাৰ নটুৰে শব্দটোৰ অৰ্থ কি? প্ৰফেচৰ চাৰ আচৰিত।35 বছৰীয়া চাকৰি জীৱনত প্ৰথমবাৰ শুনিছে শব্দটো।তথাপি হাত সাৰিবলে ক'লে কালিলৈ ক'ম।ঘৰত আহি গোটেই বিলাক অভিধান চলাথ ।নাই শব্দটো নাই।পিচদিনা ভাস্কোদাই আকৌ প্ৰফেচাৰক সুধিলে চাৰ নটুৰে মানে কি?সেইদিনাও প্ৰফেচাৰ চাৰে কিবা এটা ফাকি দি সাৰি আহিল।কিন্তু জন্মৰ পৰাই মানুহক কামোৰ দিম বুলি অহা ভাস্কোয়ে ইমান সহজে এৰা ভকত নে?যেতিয়াই পাই তেতিয়াই প্ৰফেচাৰক সোধে চাৰ নটুৰে মানে কি?পলায় পলায় ও তত নাপায় প্ৰফেচাৰে এদিন ক'লে :-অই ভাস্কো নটুৰে শব্দটোৰ বানান টো কচোন।
ভাস্কো:-NATURE

প্ৰফেচাৰৰ খঙে চুলিৰ আগ পালেগৈ

"মুৰ্খ ,নেচাৰ শব্দটোক নটুৰে কৈ তয় মোৰ লগত ধেমালী কৰিব আহিছ।চাই থাক প্ৰিন্সিপালক কৈ তোক কলেজৰ পৰা বাহিৰ কৰি দিম।

ভাস্কো:-চাৰ প্লিজ মই ভৰিত ধৰিছো।এনেকুৱা অন্যায় কাম নকৰিব।নহ'লে যে মোৰ ফুটুৰে (FUTURE )টো বৰবাদ হৈ যাব।
প্ৰফেচাৰ জন তেতিয়াই চেটেপ।

~ Bijoy Mahanta

ৰেষ্ট ইন পীছ.....

১৪ ঘন্টা ফ্লাইটত আৰাম চে বহি আহি ৰিন্টু ডুডেই ঘৰ পালেহি|
যোৱাবাৰ আহোঁতে তেওঁ নবৌক স্পকেন ইংলিছ ক্লাছত নাম লগাই দিছিল| ত’ ৰিন্টু ডুডেই ঘৰ পাই আহি চোফাত ভৰি তুলি বাগৰি দি ক’লে- ওহ, আই এম চো টায়াৰ্ড.....

নবৌয়ে বিচি বিচি ক’লে: আই এম বিচিং, ইউ ৰেষ্ট ইন পীছ.....