Gajari: the Best of Indian Jokes

August 21, 2022

ভদ্ৰ মানুহ

চেং বা চেংমাইৰ ঘৰত ভাত খাই দুয়ো কাম এটাৰ বাবে মেট্ৰ ৰেলত উঠি ওলাই গ'লো। 

মেট্ৰ'ত আগৰে পৰাই মানুহ ধেৰ আছিল যিহেতু প্ৰথমতে বহিবলৈ আসন পোৱা নাছিলোঁ যদিও কিছু দূৰ যোৱাৰ পিছত বেলেগে বেলেগে দুয়ো বহিবলৈ চীট পালোঁ। মই গোটেই যাত্ৰাপথত মন কৰিলোঁ যে চেঙে এবাৰো কোনো এগৰাকী মহিলালৈ চকু ডাঙি চোৱা নাই। মহিলাৰ প্ৰতি  চেঙৰ সন্মান, মনোভাৱ দেখি মনটো ভাল লাগি গ'ল। আমি নামিব লগীয়া ষ্টেচনত যেতিয়া চেঙ ঠিয় হ'ল তেতিয়াহে বুজিলোঁ চেঙে কিয় কোনো মহিলালৈ মূৰ তুলি চোৱা নাছিল। 


তেখেতে ইমান দূৰ পথ মহিলাৰ বাবে সংৰক্ষিত আসনত বহি আহিছিল। 


- Sid

____________________

Assamese Funny Jokes, Indian Jokes, অসমীয়া কৌতুক

#Jokes #Assamese

বিয়াৰ পাছত...

 বিবাহিতৰ ডায়েৰীৰ পৰাঃ-  


বিয়া পতাৰ পাছত মতা মানুহ ৮-১২ বছৰীয়া হৈ পৰে।

কেনেকৈ?


৮-১২ বছৰ বয়সত আমি আবেলি বা গধূলি ফ্ৰেণ্ডৰ লগত ক'ৰবালৈ ওলাই গ'লে মাৰ পৰা পাৰমিশ্যন ল'ব লাগিছিল নে নাই?


লাগিছিল।

নহ'লে বৈদ্য মাৰ পৰিছিল।


এতিয়া, বিয়াৰ পাছতো একেই।

এখেতৰ পাৰমিশ্যন ল'ব লাগে। 

নহ'লে ... 

হুক হুক।

_________________

Assamese Jokes, Indian Jokes

May 29, 2022

চান্দমাৰী, মমো ... (Assamese Jokes)

 আবেলি দত্ত মমো খাবলৈ চান্দমাৰীৰ ফালে ওলাই গৈছিল। ফুটপাথত বহা মমোৱালাটোৰ পৰা দম দি দি সদায়েই দত্ত‍ই ২ টা মমো বেছিকৈ খায়। আজিও মমো খাবলৈ যাওঁতে দেখিলে চেংমাই মস্ত ডাঙৰ কুকুৰ এটাৰ সতে খোজ কাঢ়ি আহি আছে। মিচিকিয়া হাঁহি এটাৰে চেংমাৰ পৰা মমো একপ্লেট সৰকোৱাৰ বুদ্ধি কৰি দত্ত আগবাঢ়ি গ’ল।

দত্ত: হে হে, ভালে আছ’?

চেংমা: আছোঁ...

দত্ত: তোৰ কুকুৰটোৱে কামোৰে নেকি?

চেংমা: নাকামোৰে..

দত্ত: হে হে...

এই বুলি দত্ত‍ই কুকুৰটোৰ মূৰত হাত ফুৰাই দিবলৈ ধৰিলে....

ঘেংকৈ শব্দ এটা কৰি কুকুৰে দিলে নহয় কামুৰি হাততে। 

দত্ত: আয়াহ... ত‍ই দেখোন কৈছিলি তোৰ কুকুৰটোৱে নাকামোৰে

চেংমা: অ’ নাকামোৰে তো...

দত্ত: তেন্তে ই কেলেই কামুৰিলে? 😡😠

চেংমা: এইটো মোৰ কুকুৰ নহয় নহয়, এইটো কলিতাৰ হে কুকুৰ। মোৰ কুকুৰটো ত’ ঘৰত চিৰিয়েল চাই বহি আছে মস্তিত। হে হে.... 😁😂😁😁

দত্ত‍ই তাৰ পিছত চেংমাক দুদিন, কলিতাক তিনিদিন আৰু কুকুৰটোক দহ দিন মাতবোল নকৰিলে।

___________________________

Keep smiling

জানিবলগীয়া কথা (Latest Assamese jokes)

 কেইটিমান জানিবলগীয়া কথা:- 

১) যদি আপুনি বিচাৰিছে যে কথা এটা নিমিষতে বিয়পি পৰক, তেন্তে আপুনি ডিম্পী ডেকা বা ৰাভিছ ভূঞাক ফোন কৰি কথাটো কৈ দিয়ক আৰু লগতে বাৰে বাৰে ক’ব- "আপুনি কাকো নক’ব হাঁ" 👶

২) যদি আপুনি হীৰকক ব্যস্ত ৰাখিব খুজিছে তেন্তে তাক কওক, তোমাৰ চুলিত ওকণি এটা দেখিলোঁ... সেইটো ধৰি মোক বিকিলে ২০ টকা দিম! বাচ--- সি দিনটো ওকণিটো বিচাৰি থাকিব ২০ টকাটো পাবৰ কাৰণে! 😉

৩) যদি আপোনাৰ পকেটত কেশ্ব নাই, তেন্তে বদনকাইৰ লগত ৰেষ্টুৰেন্টলৈ খাবলৈ নাযাব! খাই উঠি, "ৰ’বা হা, ম‍ই পটকে ফোন এটা কৰি আহোঁ" বুলি দুঘন্টাৰ কাৰণে গায়েব হৈ দিব!

৪) যদি আপুনি ষ্টেটাছ এটা দিয়ে, আৰু লিখে- "আজি মোৰ বৰ দুখ লাগিছে! এনেকুৱা হ’ব বুলি ভবাই নাছিলোঁ! অনুগ্ৰহ কৰি কোনেও নুসুধিব, কি হ’ল বুলি!" তেতিয়া আনে সোধক নোসোধক, মম্পী দাসে আহি চিধাই সুধিব "কি হ’ল ন?"

৫) আপুনি যিমানেই তেল নামাৰক কিয়, চিদ দাই ভাত খাবলৈ নামাতে! 😖

৬) যিমানেই কাট নামাৰক কিয়, কাব্য আৰু চচা ভেৰি ভেৰি ভেৰি বিজি! গাজাৰীলৈ আহিবলৈ টাইম নোলায়!

৭) যদি প্ৰজনালক ব্যস্ত কৰি ৰাখিব খুজিছে, তেন্তে পোষ্টত দুই এটা বানান ভুল কৰি দিয়ক! ১৫ মিনিট তাতেই বিজি থাকিব! 😃

ৰিজাল্ট

মই ছাত্ৰ এজনক: "তোমাৰ ৰিজাল্ট ইমান বেয়া কিয় ?"

ছাত্ৰ: বাইদেউ ভাল মানুহৰ লগত সদায় বেয়াই হয়।


________

Assamese jokes by- Anuradha

চিকেন ড্ৰাই ফ্ৰাই [Assamese Jokes]

 ডিম্পী ডেকাই বিশবছৰমান আগতে নিজৰ মানুহটোক ক’লে: হেৰি, মোৰ আইচ-ক্ৰীম খাবলৈ মন গৈছে। আনি দিয়কনা।

তেওঁৰ মানুহটো আক’ ইমানেই চিধা, ইমানেই চিধা... ফ্ৰিজলৈ গৈ আইচ দুটুকুৰা উলিয়াই তাতে হিমানী ক্ৰীম ঘঁহি খাবলৈ দিলে, বোলে "তুমি খুজিলে আকাশৰ জোনটোও আনি দিম।"

ডিম্পীয়ে বোলে, "ৰ’হ, লৈ আছোঁ বদলা!"

পাছৰটো দেওবাৰে ডিম্পীয়ে মানুহটোক ক’লে "আজি চিকেন ড্ৰাই ফ্ৰাই বনাম, খাব নে?"

মানুহটোৱে বোলে, "উৱা, কিয় নাখাম? লগতে মেংগো ফ্ৰুটি এবটলো খাম।"

সেইবুলি মানুহটো বজাৰলৈ গৈ মেংগু ফূৰ্তি দুবটল কিনি আনিলে।

খাবলৈ বহি দেখে, ডিম্পীয়ে খাবলৈ দিছে বন্ধাকবি ফ্ৰাই!

মানুহটো: আয়ু ডিমা, এইথু কি আছে?

ডিম্পী: উৱা, এইটোৱেই তো চিকেন ড্ৰাই ফ্ৰাই... মই ড্ৰাই ফ্ৰাই কৰি বনাইছোঁ... আপুনিও খাই পেলাই ক’ব, ইয়া, She-can-dry-fry.


____________

By Changmai

May 17, 2022

ছেমছাং গেলেক্সী

ডিব্ৰুগড় টাউন চাৰিআলি| গাড়ীবোৰ ফাঁই-ফাঁই গৈ আছে| লাইটবোৰ জ্বলি আছে| দোকানবোৰ খোলা আছে| লোহাৰ বাইক এখন ক্ৰে.....ছকৈ ৰ’লহি মোবিলৰ দোকান এখনৰ আগত| 

বাইকৰ পৰা হীয়ক নামিল| সি দোকানলৈ সোমাই গ’ল| দোকানীক কৈ আগদিনাই বুক কৰি থোৱা ছেমছাং গেলেক্সী ফোনটো কিনিলে| মোবাইলটো বাকচৰ পৰা উলিয়াইছিল হে, তেতিয়াই খটক খটক কৈ হাইহিল পিন্ধা ধুনীয়া ছোৱালী এজনী সোমাই আহিল| 

 তাইক দেখি হীৰকে চাল মাৰি মোবাইলটোতে কথা পাতি দেখুৱাবলৈ ধৰিলে: য়া য়া, দুইলাখ টকা এডভান্স দি দিয়া| একো নাই, ম‍ই কাইলৈ তিনিলাখ দি দিম| অঁ, ডীল ফাইনেল... ছোৱালীজনী আহি তাৰ ওচৰত ৰ’ল : এক্সচকিউজ মী চাৰ হীয়ক: অঁ, য়া য়া, কোৱা.... ছোৱালী : আপুনি যিটো নতুন মোবাইলত কথা পাতি আছে, সেইটোত বেটেৰী নাই| ম‍ই বেটেৰীটো আনিবলৈ গৈছিলো | চাওঁ দিয়ক, লগাই দিওঁ... তেতিয়া বেছি ভালকৈ কথা পাতিব পাৰিব| হীয়কে জনা নাছিল যে সেইজনী সেইখন দোকানতে কাম কৰা ছোৱালী বুলি....