Gajari: the Best of Indian Jokes

October 11, 2013

শাৰদীয় শুভকামনা

আমাৰ ব্ল’গ পঢ়োঁতা সদৌটি বন্ধু-বান্ধৱী তথা শুভাকাংক্ষী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ শৰতৰ ওলগ ও দুৰ্গা-পূজাৰ শুভেচ্ছা প্ৰদান কৰিছোঁ| 

আমাৰ ব্ল’গ পঢ়ি, অনুসৰণ কৰি আৰু নিজৰ পৰিয়াল/ বন্ধুবৰ্গৰ মাজৰ বিলাই দি আজিৰ যুগৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া কৌতুকৰ আমেজ লওক| অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰক| সুখত থাকক, হাঁহি থাকক, হঁহুৱাই থাকক|

জয় আই অসমী!

শান্তনু চাংমাই আৰু সদস্যবৃন্দ

October 01, 2013

অসমীয়া কৌতুক: ফ্ৰীজ এটা কিনক না প্লিজ

দিল্লীৰ চিলেক্ট চিটিৱাক নামৰ শ্বপিং ম'লটোলৈ ডীপা এদিন ফুৰিবলৈ গ'ল| ফুৰিবলৈ মানে একো কিনাৰ মন নাই, এনেই আৰু ফুৰি ফুৰি শ্ব'ৰূমবোৰৰ বস্তু চোৱাৰ মন!

এখন দোকানৰ আগেৰে পাৰ হৈ যাওঁতে বিক্ৰেতা বয় এজনে মাতিলে: মেডাম! ফ্ৰিজ লাগিব নি ফ্ৰিজ? 20% অফ চলি আছে...
ডীপা: নালাগে পাই...

অলপ আগলৈ যোৱাৰ পিছত, আন এগৰাকী বিক্ৰেতা: মেডাম, এইটো ইটালীয়ান চালাড! খাই চাওক... ফ্ৰী ফ্ৰী!
ফ্ৰী বুলি কোৱাৰ কাৰণে ডীপাই চালাড এটুকুৰা তুলি লৈ মুখত দিলে|

... ও... ৱা...ক্...
ডীপা: এইখিনি দেখোন পচা চালাড! কিমান পুৰণা?

বিক্ৰেতা: হয় মেডাম| এইখিনি তিনিদিনৰ পুৰণি চালাড! সেইকাৰণেই তো ফ্ৰিজ কিনিব লাগে| নহ'লে খানা বেয়া হৈ যায়! বুজিলে তো? কিনক না ফ্ৰীজ এটা... 20% অফ চলি আছে! হি হি হি...

By Changmai

ফেচবুকত আমাৰ সতে যোগাযোগ কৰিবলৈ তলৰ ঠিকনাত ক্লিক কৰক:
গাজাৰী ডট কম পৰিয়াল

We are the #1 Assamese Jokes Blog at Google Search

আপুনি বা কোনোবাই Googleত এইকেইটা শব্দৰে বিচাৰিলে আমাৰ গোটৰ ব্ল'গটো এক নম্বৰ স্থানত বিচাৰি পাব: -

1/ অসমীয়া কৌতুক
2/ Assamese Jokes
3/ Assamese Joke
4/ Assamese Blog Jokes

#1 at Google.

Best Assamese jokes

Best Assamese jokes on internet
Facebook jokes, Google jokes, new jokes, latest jokes
Indian jokes, laughing jokes, 

September 10, 2013

দেবুদাক ভূতে পালে...

এদিন নিশা দেবুদা বিয়া এখন খাই ঘৰলৈ উভতি আহি আছিল| পথাৰৰ ৰাস্তা, দুই কি.মি. মানলৈকে গছ এজুপিও নাই| যাওতে দেবুদাই দত্তৰ বাইকতেই গৈছিল, কিন্তু উভতি আহোতে দত্তক বিচাৰি নোপোৱাত (দত্তই হেনো কোনোবা ষোড়শী এজনীক বাইকত ঘৰলৈ থ'বলৈ নিছিল)| যা হওক, এই কাহিনীটো দত্তক লৈ নহয়|

তো.... দেবুদা খোজ কাঢ়ি
আহি আছে
আহি আছে
আহি আছে
আহি আছে
আহি আছে
আহি আছে
তেনেতে প্ৰচণ্ড ধুমুহা আহিল...
কেৰেপ নকৰি
দেবুদা খোজ কাঢ়ি
আহি আছে
আহি আছে
আহি আছে

ধুমুহাৰ কোব বাঢ়িল... দেবুদাই ভাবিলে: ছেহ, বেছ বিপদ দেখোন| কি কৰা যায়? চেংমাইৰ পৰা গাড়ীখন ভাড়া কৰি অনাই ভাল আছিল দেখোন, 1200 টকা হে ভাড়া খুজিছিল তিনিঘন্টাৰ কাৰণে!

সো সো সো.... ধুমুহা বাঢ়ি গৈ আছে| ক'ৰবাত আশ্ৰয় ল'বলৈকো মুকলি পথাৰ|
চকু কাণ মুদি দেবু দা গৈ আছে গৈ আছে গৈ আছে...

তেনেতে হয়তো ভগবানৰ আশীৰ্বাদত এখন গাড়ী আগফালৰ পৰা আহি থকা দেবুদাই দেখা পালে|
যা হওক, গাড়ীতে বহি এই বৰষুণ আৰু ধুমুহাৰ পৰা বাচিব পৰা যাব বুলি দেবুদাই গাড়ীখনৰ ফালে কোবাকুবিকৈ গৈ পিছফালৰ ছিটটোতে বহি ল'লে|

বহি লৈ হে দেখিছে: ড্ৰাইভাৰৰ ছীটত দেখোন কোনোৱেই নাই...
ও মাই গ'ড! গাড়ীখন লাহে লাহে চলি আছে, কোনেও চলাই থকাও নাই....
ও মাই গ'ড!!!

দেবুদাৰ তো বুকু ঢিপলিং ঢিপলিং... কৰি আছে কৰি আছে কৰি আছে!
ঈশ্বৰৰ নাম লৈ দেবুদা জ্বৰ ঘমাদি ঘামি আছে ঘামি আছে ঘামি আছে....

অলপ পিছত ৰাস্তাত টাৰ্নিং এটা আহিল, দেবুদাই ভাবিলে: "চেছ... আজি তো ভূতে পালেই, এতিয়া মোক নি পথাৰত পেলাই মাৰিব"

... তেনেকৈ ভাবি থাকোতেই ক'ৰবাৰ পৰা হাত এখন খিড়িকীয়েদি সোমাই আহি ষ্টেয়েৰিং ডাল পকাই গাড়ীখন চিধা কৰি দিলে| কাণ্ড দেখি দেবুদা বেহুছ!!!

যেতিয়া দেবুদাই সাৰ পালে... টৰ্চ হাতত লৈ কেইবাজনো মানুহে দেবুদাক আগুৰি আছে|
"দেবু দা দেবু দা.... উঠক" কোনোবাই মুখত পানী ছটিয়াইছে|

"ভূত ভূত ভূ...ত!" দেবুদা তো কপি আছে|

তেনেতে দেখে জুমৰ মাজৰ পৰা কলিতা আৰু চেংমাই ওলাই আহিছে: হা ৰে দেবুদা, ভয় কিয় খাইছে?

দেবুদা: ভূতৰ গাড়ী....!!!!  নিজে নিজেই চলি আহিছিল, হে ঈশ্বৰ.....

কলিতা+ চেংমাই: "হেই দেবুদা| আমাৰ গাড়ীখন পাংচাৰ হৈছিল মাজ ৰাস্তাতে| আমি সেই কাৰণে লাহে লাহে ঠেলি ঠেলি গেৰেজলৈ নি আছিলো| হঠাতে দেখো, ধুমুহাৰ মাজতে আপুনি আহি গাড়ীত বহিলহি...| চিনি পাও কাৰণে একো নকৈ আপোনাক গাড়ীতে বহি থাকিবলৈ দি আমি ঠেলি আহি আছিলো আহি আছিলো আহি আছিলো...." হি হি হি...

by Changmai

Know Everything About Assam

ধৰমপত্নী: অসমীয়া কৌতুক

দুটা কাম কৰাটো অতি কঠিন: -

ক/ নিজৰ মতে আনক চলোৱাটো; নিজৰ আইডিয়া, চিন্তা-ধাৰণা আদি আনৰ মগজুত প্ৰোথিত কৰিব পৰাটো|
খ/ আনে কষ্ট কৰি উপাৰ্জন কৰা ধন নিজৰ পকেটলৈ আনিব পৰাটো|

* এক নং কামটো যি কৰিব পাৰে তেওক শিক্ষক বুলি কোৱা হয়|
* দুই নং কামটো যি কৰিব পাৰে তেওক ব্যৱসায়ী বুলি কোৱা হয়|
** দুয়োটা কাম একেলগে কৰিব পৰাগৰাকীক "ধৰমপত্নী" বুলি কোৱা হয়|

by Changmai

চল্লিশৰ পিছত... ?

দত্তক কলেজ চিনিয়'ৰ এজনে ফোন কৰিলে| চিন্তান্বিত চিনিয়'ৰজনক চিন্তাৰ কাৰণ সোধাত তেও ক'লে: দত্ত, তোৰ পৰা মই এটা এডভাইজ বিচাৰিছো|

দত্ত: কওক চোন, প্ৰ'বলেম টো কি?

চিনিয়'ৰ: চল্লিশৰ পিছত ল'ৰা-ছোৱালীৰ জন্ম দিব পাৰি নে?

দত্ত: (অলপ ভাবি) কেনেই নোৱাৰি, পাৰি! কিন্তু এটা কথা বুজি পোৱা নাই, ইমান গাল ল'ৰা-ছোৱালী লৈ আপুনি কৰিব কি? চল্লিশটা আছেই যদি এতিয়া আৰু অলপ ৰৈ দিয়াই ভাল হ'ব চাগে| এনেও ইমানকেইটা ল'ৰা-ছোৱালীয়ে মোক দত্ত খুড়া বুলি মাতিব, মোৰ দেখোন নাম চাম মনত ৰখাই মচকিল হৈ যাব!

by Changmai

মনোমোহা অসমৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক কৰক:  অসম আমাৰ ৰূপহী

ছোৱালীবোৰো আৰু দেই.....

মই কোৱা নাই দেই, মোলৈ এজন ল'ৰাই এইখিনি মেছেজ কৰি পঠাইছে:
"এডমিন বাবু! বৰ পৰেছান হৈ আছো, পাৰিলে কিবা উপায় দিয়ক হে|
এই যে ছোৱালীবোৰ, বিশেষকৈ মোৰ গাৰ্লফ্ৰেণ্ডজনী; কথাই কথাই তাইৰ অভিযোগ|

* যদি তাইৰ লগত ভাল ব্যৱহাৰ কৰো, তাই কয়- হৈছে হৈছে, তেল মাৰিব নালাগে|
যদি অলপ ৰাফ ব্যৱহাৰ কৰো, তেতিয়া কয়- জানু, আজিকালি তুমি মোক পাট্টাই নিদিয়া, ব্ৰেক-আপ কৰি দিম কিন্তু!

* যদি মই ভাল ভাল চাই কাপোৰ পিন্ধো, তাই কয়- হু? কোনজনী অপেচৰীক ইমপ্ৰেছ কৰিব খুজিছা হা?
যদি বেয়া কাপোৰ পিন্ধো কয়- তুমি কিয় ইমান জধলা? ব্ৰেক-আপ কৰি দিম কিন্তু!

* যদি কিবা সমস্যা হয় আৰু তাইক নকও, তাই কয়- তুমি মোক নিজৰ বুলি নাভাবাই নেকি?
যদি সমস্যাৰ কথা তাইক কও, তাই কয়- তুমি কিয় ইমানকৈ কমপ্লেইন কৰি থাকা হা? ব্ৰেক-আপ কৰি দিম কিন্তু!

* যদি তাইক্ চিনেমা চাবলৈ লগ ধৰো, তাই কয়- আচ্ছা, তুমি কেটৰিণা কাইফাক চাবলৈ যাব বিচাৰিছা, চব বুজি পাইছো|
যদি চিনেমা চাবলৈ লগ নধৰো, কয়- তুমি আজিকালি আন-ৰোমান্টিক হৈ গৈছা, ব্ৰেক-আপ কৰি দিম কিন্তু!

* ফোন কৰিলে কয়- ইমান পেনপেনীয়া কিয় তুমি? আৰু কাম নাই নেকি?
ফোন নকৰিলে কয়- আস, তুমি ইমান বিজি, কাৰ লগত বিজি হা? ব্ৰেক-আপ কৰি দিম কিন্তু!

*** মই তো কোনো উপায় দিব নোৱাৰিলো এই ল'ৰাজনক, আপোনালোকেই পাৰে যদি দিয়ক আৰু প্ৰিয় গাজাৰীয়ান ভাই বেহেন সকল!