Gajari: the Best of Indian Jokes

September 23, 2022

অসমীয়া কৌতুক: নাকৰ বিষ

ঘটনাটো শুনিলে হাঁহি হাঁহি পগলা হৈ যাব, সেয়ে খুঁটা এটাত ধৰি লওক- 

ডাঃ বিনুজনীঃ হেৰা। শুনিছানে? মোৰ নাকটো বৰ বিষাইছে।
ডাঃ বিনুজঃ অস হ'। ভিতৰত বিষাইছে নে বাহিৰত?
ডাঃ বিনুজনীঃ এক মিনিট, মই কৈ আছোঁ।
তেওঁ ঘৰৰ বাহিৰলৈ ওলাই চোতালত এক মিনিট থিয় হৈ চালে।
উভতি আহি বিনুজক ক'লেঃ ঘৰৰ ভিতৰত থাকোঁতেও বিষাইছে, বাহিৰলৈ যাওঁতেও বিষাইছে। আচৰিত বুইছা নে?

- অসমীয়া কৌতুক ২০২২, গাজাৰী ডট কম

প্ৰেমিক প্ৰেমিকা

 এহাল প্ৰেমিক প্ৰেমিকাই পাৰ্কত বহি চিপছ খাই আছে | ইটোৱে সিটোৰ ফালে চাই চাই মিচিকিয়া হাঁহিও মাৰি আছে | অলপ পিছত ল’ৰাটোৱে চকু নাঁতৰোৱাই হ’ল |

প্ৰেমিকা:- ইমানকৈ ৰ’ লাগি কি চাই আছা জান ? (লাজকুৰীয়া হাঁহি )
প্ৰেমিক:- তুমি মোতকৈ বেছি বেছি চিপছ মুখত ভৰাইছা... গেজু

স্মাৰ্ট ডগী - Assamese Jokes

 নয়নজিতে কুকুৰ এটা কিনি আনিলে।

তাক দুদিনমান ভালকৈ ট্ৰেইনিং দিলে।
তা পা অনিতাক মাতি আনি ক'লে, চাবা হাঁ‌ আমাৰ কুকুৰটো কিমান স্মাৰ্ট!
নয়নজিতঃ- ঐ টমী, ক'চোন, দাদা বেছি ভাল নে বৌ?
টমীঃ- বৌ বৌ বৌ ও ও ও বৌ।
অনিতাঃ- আয়ু মোৰ সোণামুৱা ডগীটো, কি খাবি ক'।

গৰু বন্ধু

বহুত দিনৰ মূৰত দুটা গৰু বন্ধুৱে লগ পালে।

সৰুতে একেলগে খেলি ডাঙৰ হোৱা গৰু। এতিয়া কৰ্মসূত্ৰে এটা শিৱসাগৰত থাকে, আনটো নলবাৰীত।

গৰু ১ঃ আৰু ক'চোন, তোৰ ল'ৰাটোৰ নাম কি ৰাখিছ?
গৰু ২ঃ হাম্বা। আৰু তোৰ ছোৱালীজনীৰ নাম?

বাৰ্থডে ট্ৰীট আৰু ভোক

 মঞ্জিতে বাৰ্থডে ট্ৰীট দিব বুলি জিতু বাংনা তাৰ অফিচ ওলালগৈ।

দুয়ো অফিচৰ বাহিৰ ওলাল।
মঞ্জিতে দুকাপ চাহ অৰ্ডাৰ দিলে।
জিতুঃ বহুত ভোক লাগিছে ৰে। বহুত জোৰ।
মঞ্জিতঃ ভুক লাগিছে যদি ভুক না। কোনে মানা কৰিছে?


চিংৰাৰ কামাল

 চিংৰাৰ কামাল

এও আইন্ লাক চিংৰা
চাহে দি দিলু খাবা
এও বোলে
হাও বাকালখিনি যি দিলা
মাজৰখিন্তি কি কইল্লা
মই বুলু আছে দা চিন্তা নকইৰ্বা
ৰাতি হ'লি ভাতে দিম খাবা
এও বোলে কি ক হা
ৰাতি সেই হে দি থেইথ্ লাবা
তৰকাৰীৰ ব্যৱস্থা যেনিবা কইল্লা
সানি খাবাগগেলি তে কি আইঞ্জা বনাবা
মই বুলু পূৱাৰে ভাত কৰি থৈছু পান্তা
কিহৰ লাগে হা আইঞ্জা
পিয়াজ দিম একডোখ্ৰা লগত দিম ভোটজালা
মিঠাতেল দুইফোটা দি গাম্ লাত দিম খাবা
ইম্মান সদৰ ভাতসাজত কিয়া লাগে হা আইঞ্জা
এই গৰমখানত নৰু মই বনে থাইক্ পা
খালি খাবা নহ্লি হোটেলত যাই খাই আইহ্ বা
এওঁ বোলে নালগে দা
চিংৰাৰ বাকালখিনিও থৈ দা
ৰাতিপুৱা টেপটেইপা ভাতকেটাৰ লগত
চাটনি কৰি দিবা

৫/০৯/২০২২

পুৰণি চিনাকি (কৌতুক)

 


Assamese Jokes- Gajari Dot Com Group


- ৰাজা