এই যে চাংমাই বোলা মানুহটো... , বৰ খকুৱা বুজিছে নে!!!
এনিটাইম খাওঁ খাওঁ কৈ থাকে। মানুহজনীয়ে আবদাৰ পূৰাই পূৰাই তত নাপায়।চাংমাইৰ আক’ কিবা খাবলৈ মন গ’লে লেনিয়াই মিঠাকৈ কোৱাৰ অভ্যাস এটা আছে। তাৰ দ্বাৰা দুটা কাম সমাধা হয়- মানুহজনীৰ মুডটো চেক কৰাও হয় আৰু বস্তুটো ডিমাণ্ড কৰাৰ নিচিনা নালাগি "অনুৰোধ/প্ৰাৰ্থনা" যেন হে দেখে।
এই ধৰক চাংমাইৰ খাবলৈ মন গ’ল গৰম গৰম তেলপিঠা...
চাংমাই:- হেৰা। ব.... হু... হু ... হু.... উ উ উ উ উ...ত দিন.....
মানুহজনী:- কি নো?
এই "কি নো" টোৰ উষ্ণতাটো জুখিয়েই চাংমায়ে বাকীখিনি কথা কয়।
চাংমাই:- হে হে হে, মানে বহুত দিন মই গৰম গৰম তেলপিঠা, মৰমৰীয়াকৈ ভজা যে.... খোৱাই নাই অ’ ... (মূখখন দুখতে ওলোমাই দিয়ে)
মানুহজনী:- (মিচিকিয়াই) ও আই, মোক ক’লেই হয়; এতিয়াই বনাই আছোঁ দেই :-)
পিছে যিদিনা মানুহজনীৰ মুড অফ থাকে সেইদিনাখন একা?
চাংমাই:- হেৰা!! ব.... হু... হু ... হু.... উ উ উ উ উ...ত দিন.....।
মানুহজনী:- (ঘোপাকৈ চাই) কি নো? কি হ’ল? কি বহুউউউ.....ত দিন ?
চাংমাই:- হে হে, মানে বহু-----ত দিন মই বাচন ধোৱা নাই অ’, ধুবলৈ বৰকে মন গৈ আছে!!!