Gajari: the Best of Indian Jokes: কৌতুক
Showing posts with label কৌতুক. Show all posts
Showing posts with label কৌতুক. Show all posts

June 06, 2013

অসমীয়া কৌতুক: সমস্যা

সমস্যা#

অতিপাত হেণ্ডচাম হোৱাটো‍ও এটা দুৰ্ঘোৰ অপৰাধ|
সঁচা কথা কৈছোঁ|
বেছি হেণ্ডচাম হ’লে নিজৰ মুখখনকেই থেতেলিয়াই অলপ বেঁকা কৰি ল’ব লাগে| নহ’লে ধেৰ সমস্যা| এই ধৰকচোন: -

১/ বাকী মতাবোৰে হিংসা কৰে, ভাবে- "এইটো ইমান হেণ্ডচাম, আৰু মোৰ পেটডালেই ইমান ডাঙৰ যে গাড়ী চলাওঁতেই উশাহ বন্ধ হৈ যায়"

২/ ছোৱালীবোৰে ফেচবুকত বা বাস্তৱ জীৱনত দেখি ভাবে- "এই ল’ৰাটো ইমান তুষাৰ/ অতিপাত/ ভীষণ হেণ্ডচাম, নিশ্চয়েই ইয়াৰ ১০-১৫ জনীমান গাৰ্লফ্ৰেণ্ড থাকিব‍ই| সেইকাৰণে ম‍ই চেষ্টা নকৰাই ভাল|"

এই সমস্যাটোৰ কাৰণেইতো পেটুৱা পেটুৱা মানুহৰ বিয়া হৈ গৈছে আৰু আমি হেণ্ডচামসোপা যেনে নয়ন. মনাই, শেখৰ. জ্ঞান, চেংমাই, মেৰীলিন, অপু, দীপাংকৰ, শশাংক, ভাচকৰ, কৌ-চিক, কল্লোল, গিতু আৰু কেইবাটাও অবাইচ সুপুৰুষ এতিয়ালৈকে বৰলা হৈ আছোঁ!

by Changmai

ভগৱানৰ নাম

খোৱা বোৱাৰ আগতে আপোনাৰ ঘৰত ভগৱানৰ নাম লয় নে.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.লঁও লঁও
হে ভগৱান আজিও একে সোপাকে খাব লাগিব ৷

by Bhaskor Barukial

নকল কৌতুক, আচল কৌতুক

ভবা নাছিলোঁ এনেকুৱাও কেতিয়াবা হ’বগৈ বুলি| কিন্তু হৈ গ’ল|

গাজাৰী ডট কম [http://www.facebook.com/groups/gajaridotcom/] ৰ ফেক্টৰীত উত্পাদিত হোৱা মৌলিক গাজাবোৰ (বাকী অনুদিত/সম্পাদিত খিনিৰ কথা বাদেই দিয়ক) দাৰি ক’মা পৰ্যন্ত নকল কৰি কেইবাটাও ফেচবুকৰ গোটত ৰাইজে দিনৌ পোষ্ট কৰা দেখিবলৈ পোৱা যায়| এৰা, নভবা কামো হৈ যায়, আমাৰ অনুষ্ঠানটি ইমান হিট হৈ যাব বুলি কেতিয়াও ভবা নাছিলোঁ|

FEELS AWESOME!  to be the TOP Assamese Jokes Blog & Collection on the Internet. Thank you Every one. 

ভিক্ষাৰী আৰু গাখীৰ

ভিক্ষাৰীঃ মাইনা পানী আছে নেকি দিয়া
মাইনাঃ গাখীৰ পানী খাব ?
ভিক্ষাৰীঃ বাহ দিয়া দিয়া

গাখীৰ পানী খাই উঠি...
ভিক্ষাৰীঃ  বাহ! ভাল ছোৱালী দেই ...

মাইনাঃ দেইতাই পইতাচোৰা পৰিল বুলি পেলাবলৈ কৈছিল
্কিন্তু মায়ে ক’লে-  কালু আহিলে দি দিবলে|  আপুনি
আগতে আহিলে , কালুয়ে নাপায়  এতিয়া

ভিক্ষাৰীঃ ও ক     ঔউক ......ওক

by Kausik Hazarika


অসমীয়া কৌতুক: কামকৰা বাই

ঘৰৰ মালিকনীক মন মাৰি থকা দেখি ঘৰৰ কামকৰা বাইজনীয়ে সুধিলে -

বাই :- বাইদেউ, আপুনি আজি কিয় ইমান মনমাৰি আছে ?

মালিকনী :- কি কবি, মই আজিহে গ'ম পালো, তোৰ মালিকৰ অ'ফিচৰ কোনোবা ছোৱালীৰ

লগত লিলিমাই আছে । মই আৰু জীয়াই থকাৰ একো লাভ নাই বুজিলি ......।

বাই :- কি..ই..ই, এইটো কেতিয়াও হ'ব নোৱাৰে । মালিক কেতিয়াও ইমান নিষ্ঠুৰ হ'ব নোৱাৰে ।

মালিকে মোক কেতিয়াও ধৌকা দিব নোৱাৰে .......। (শেষ )

-- পালে গ'ম?
 যদি গাজাৰীত কোনোবা কামকৰা বাই আছে তেনেহ'লে সাৱধান ---


********** আপোনাৰ আজিৰ দিনতো বিন্দাছ হওঁক ***********

by Kandarpa Borthakur

Some Text Missing

১৪+
এক ল'ৰা আৰু এক ছোৱালীয়ে
.
.
.
.
.
.
গছৰ তলত কৰি আছে কিছিং
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
.
এতিয়া চর্ম টেস্ক মি্চিং

.
.
.
.
কাৰণ এতিয়াও এই কথা জানিবলৈ ৪ বছৰ স্মলিং

by Gitu Pan

* গৃহিনী আৰু পণ্ডিত *

গৃহিনী :- ঘৰখনৰ সুখ শান্তিৰ বাবে মই আৰু কি কৰিব লাগিব ।
.
.
.
.
.
.
পণ্ডিত :- এটা ব্রত ৰাখিব লাগিব ।
.
.
.
.
.
.
গৃহিনী :- কি ব্রত ।
.
.
.
.
.
.
.
.
.
.
.
পণ্ডিত :- " মৌন ব্রত " ।

By Kandarpa Borthakur

স্বামীৰ এক্সিডেন্ট: অসমীয়া কৌতুক

পুলিচঃ বাইদেউ... দৰ্জাখন খোলকচোন, আপোনাৰ স্বামীৰ এক্সিডেন্ট হৈছে; ট্ৰাকৰ তলত পৰি তেওঁ পাপড়ৰ দৰে চেপেটা হৈ গ’ল

ভদ্ৰ মহিলাঃ (ভিতৰৰ পৰাই) তেতিয়াহ’লে দৰ্জাখননো কিয় খুলিব লাগিছে, দৰ্জ্জাৰ তলৰ ফাঁকেৰেই সৰকাই দিয়ক... 

by Jnan Jyoti

মৌনব্ৰত বনাম বিবাহ: অসমীয়া কৌতুক

চেংমাইয়ে সাধু সৈন্নাসী জীৱন আৰম্ভ কৰিলে...আৰু বহু দিনৰ পিছত ঘৰলৈ উভতি অহা পথত আমাৰ গগৈ কোৱাইদেউক লগ পালে.....
দুয়ো সুখ-দুখৰ বহুত কথা পাতিলে..কথা মাজতে ছেংমাই্য়ে কলে____

চেংমাই--আমি বছৰৰ পিছত বছৰ ধৰি কথা নোকোৱাকৈ পাৰ কৰো ,আৰু আমি ইয়াকে "মৌনব্রত" বুলি কও।
গগৈ কোৱাইদৌ--আমাৰো অভিজ্ঞতা একেই ।পিছে আমি ইয়াক "বিবাহ" বুলি কও।।

by Gitu pan

May 11, 2013

সঁচা ক’লে থুলুক বেয়া...


 এবাৰ চাকৰিসূত্ৰে থুলুক গৈ খ্ৰীষ্টীয়ান ক’লনি এখনত থাকিব লগা হ’ল|

চব ঠিকেই চলি আছিল, পিছে এবাৰ কিবা এটা উত্সৱৰ সময়ত খ্ৰীষ্টীয়ান সকলে এমাহৰ কাৰণে মাছ-মঙহ খোৱাৰ পৰা বিৰত থাকিব লগীয়া হ’ল| 

কিন্তু থুলুকে পুৱা-গধূলি মলমলাই যোৱাকৈ চিকেন ফ্ৰাই, চিকেন মাখনী, চিকেন জ্বলা য়াম য়াম কাৰী ইত্যাদি ৰান্ধি উপভোগ কৰি থাকিল| চিকেনৰ ঘ্ৰাণ নিতৌ নাসিকাৰে গ্ৰহণ কৰি খ্ৰীষ্টীয়ান লোকসকলৰ জিভাৰ পানী পৰিবলৈ ধৰিলে; কিন্তু বেচেৰাহঁতে কৰিব নো কি? নিয়ম যে নিয়মেই- এমাহলৈ লোভ সম্বৰণ কৰিব‍ই লাগিব| আৰু সিফালে থুলুকে তো নিৰৱচ্ছিন্ন ভাৱে কুকুৰা মঙহৰ সোৱাদ লৈ পৰমানন্দৰ সতে উগাৰ মাৰি ফুৰিছে|

কথাটো সাত পাঁচ গুণি খ্ৰীষ্টীয়ান কেইটাই গৈ গীৰ্জাৰ পাদ্ৰীৰ ওচৰত গোচৰ তৰিলেগৈ| 

পাদ্ৰীয়েও গমি পিতি চাই থুলুকক মতোৱাই আনি তাক দিহা দিলে: - যিহেতু তুমি আমাৰ সতেই বাস কৰা, তুমি আমাৰ ধৰ্মলৈ গুচি নাহা নো কিয়?

থুলুকেও বতৰ চাই কঠীয়া পৰাৰ দৰে “হ’ব” বুলি কৈ দিলে|

থুলুকক ধৰ্মান্তৰ কৰা হ’ল| 

পাদ্ৰীয়ে মন্ত্ৰ মাতিলে, “তুমি হিন্দু হৈ জন্ম লৈছিলা, কিন্তু তুমি আজিৰ পৰা খ্ৰীষ্টীয়ান হ’লা” এই বুলি কৈ থুলুকৰ ওপৰত পবিত্ৰ জল ছটিওৱা হ’ল| 

চবৰে মনত শান্তি; আজিৰ পৰা আৰু চিকেন টিকেন বন্ধ|

কিন্তু সেই ৰাতিও থুলকৰ ঘৰৰ পৰা মলমলীয়া সুঘ্ৰাণ বতাহৰ বিয়পিবলৈ ধৰিলে| 

মানুহবোৰ খঙত দল বান্ধি থুলুকৰ ঘৰলৈ ঢাপলি মেলিলে|
দুৱাৰ খোলা আছিল|

দেখা গ’ল… থুলুকে চিকেন ড্ৰাই ফ্ৰাই ডাইনিং টেবুলত লৈ খাবলৈ বহিছে, আৰু পবিত্ৰ জল (হোলী ৱাটাৰ) ছটিয়াই ছটিয়াই চিকেনখিনিক কৈছে: - “তুমি মুৰ্গী হৈ জন্ম লৈছিলা, কিন্তু আজিৰ পৰা তুমি আলু হ’লা” 

by Changmai