Gajari: the Best of Indian Jokes: Best Assamese Jokes
Showing posts with label Best Assamese Jokes. Show all posts
Showing posts with label Best Assamese Jokes. Show all posts

June 06, 2013

* গৃহিনী আৰু পণ্ডিত *

গৃহিনী :- ঘৰখনৰ সুখ শান্তিৰ বাবে মই আৰু কি কৰিব লাগিব ।
.
.
.
.
.
.
পণ্ডিত :- এটা ব্রত ৰাখিব লাগিব ।
.
.
.
.
.
.
গৃহিনী :- কি ব্রত ।
.
.
.
.
.
.
.
.
.
.
.
পণ্ডিত :- " মৌন ব্রত " ।

By Kandarpa Borthakur

স্বামীৰ এক্সিডেন্ট: অসমীয়া কৌতুক

পুলিচঃ বাইদেউ... দৰ্জাখন খোলকচোন, আপোনাৰ স্বামীৰ এক্সিডেন্ট হৈছে; ট্ৰাকৰ তলত পৰি তেওঁ পাপড়ৰ দৰে চেপেটা হৈ গ’ল

ভদ্ৰ মহিলাঃ (ভিতৰৰ পৰাই) তেতিয়াহ’লে দৰ্জাখননো কিয় খুলিব লাগিছে, দৰ্জ্জাৰ তলৰ ফাঁকেৰেই সৰকাই দিয়ক... 

by Jnan Jyoti

May 04, 2013

ডাক্তৰী বিদ্যাৰ কিটিপ [Assamese jokes]


একেবাৰে Clean গাজা:

মেডিকেল কলেজত নতুনকৈ এডমিশ্যন লোৱা ছাত্ৰ-ছাত্ৰীসোপাক লৈ চেংমাই ডাক্তৰ লে’বলৈ গ’ল|
চেংমাই: - ল’ৰা ছোৱালীহঁত, ম‍ই আজি তোমালোকক এজন সফল ডাক্তৰ হোৱাৰ ৰহস্য ক’ম|
প্ৰথমটো ৰহস্য- ডাক্তৰে একো বস্তুকে ঘিণ নকৰে! এইয়া মোক চোৱা...

এই বুলি কৈ চেংমাইয়ে এক বাটি বমিত আঙুলি এটা ডুবাই আঙুলিটো উলিয়াই চুপিবলৈ ধৰিলে|
ছাত্ৰ-ছাত্ৰীবোৰৰ অৱস্থা কাহিল...

চেংমাই: - এতিয়া তোমালোকেও ট্ৰাই কৰা... ঘিণ নকৰিবা

যেন তেন চেষ্টা কৰি ৪-৫ টা আহি বমি আঙুলিত লগাই চুহিবলৈ ধৰিলে| আধা ঘন্টাত প্ৰায় খিনি ছাত্ৰ-ছাত্ৰীয়েই আঙুলি বমিত ডুবাই ডুবাই কামফেৰা কৰিলে| কেইজনীমানে তো হকহকাই বমিয়েই কৰি দিলে|

চেংমাই: - অলৰাইট, এতিয়া ৰহস্য নম্বৰ দুই:
একাগ্ৰতা! নহ’লে ডাক্তৰ হোৱাটো বৃথা...| খুব ধ্যান দি কাম কৰিব লাগিব|
তোমালোকে চাগে মন কৰা নাছিলা. ম‍ই বমিৰ বাটিত ডুবাইছিলোঁ তৰ্জনী আঙুলিটো আৰু চুপিছিলোঁ অনামিকা আঙুলিটো হে| হি হি হি হি|

by Changmai

March 18, 2013

Problemo (Jokes in Assamese)


নগেন ঘৈনীয়েকৰ সৈতে বজাৰ কৰিবলৈ গৈছে 

বজাৰৰ মাজত ধুনীয়া ছোৱালী এজনীয়ে মিচিকিয়াই বজাৰ কৰিছে নগেনদা বুলি মাত দি আগ
বাঢ়ি গল..

নগেনৰ ঘৈনীয়েকৰ নাৰীসুলভ স্বাভাৱিক প্ৰশ্ন "কোন ঔ সেইজনী" 

নগেন: ৰ'বাহে ইমানকে মাথাটো খাই নাথাকিবাছোন, তাইক লগ পালে কাৰ লগত বজাৰ কৰিবলৈ আহিছিলো বুলি কম ভাবি পোৱা নাই :-(

by Dipankar Gogoi

March 04, 2013

Research Work


গাজাৰী ডট কম ইন্টাৰনেশনেল Research Committee'ৰ প্ৰতিবেদন 2:


ছোৱালী আৰু ল’ৰাৰ মাজত পাৰ্থক্য: -
পাৰ্টী এটাৰ আগতে ছোৱালীয়ে..
ফেচিয়েল কৰে
ৱেক্সিং কৰে
ব্লিচিং
হেয়াৰ কাটিং
হেয়াৰ ষ্ট্ৰিটেনিং
থ্ৰেডিং
ক্লিনজিং
ট’নিং
ম‍ইশ্চাৰাইজিং কৰে
লিপষ্টিক লগায়
লিপগ্ল’ছ লগায়
লিপলাইনাৰ
পাৰফিউম
ট’নাৰ
ল’শ্ব’ন
আই লাইনাৰ
আই শ্বেড’
মাস্কাৰা
ফাউন্ডেশ্যন
ফে’চ পাউডাৰ লগায়
আঙুঠি
নেকলেছ
ব্ৰে’ছলেট
নেইল পলিছ
হাই হিল
ধুনীয়া ড্ৰেছ
জিলিকা বেগ লয়... ইত্যাদি ইত্যাদি

আৰু লগৰজনীক কয়: "চা না, টাইমেই নেপালোঁ, যেনেকে আছিলোঁ তেনেকেই আহি দিলোঁ "

ল’ৰাৰ ক্ষেত্ৰত:-
ল’ৰা এক: ঐ ত‍ই গা ধুই আহিবি নেকি পাৰ্টীলৈ ?
ল’ৰা দুই: পাগল নেকি ইমান ঠাণ্ডাত... চুলিত অলপ পানী লগাই আহিম, বাছ...

by Changmai