Gajari: the Best of Indian Jokes

October 14, 2022

ভেকোলা আৰু এজনী ধুনীয়া ছোৱালী

 

Funny Jokes in Assamese

এবাৰ আমাৰ ভেকোলা চহৰলৈ গৈছিল ! চহৰত সি এজনী খুব ধুনীয়া ছোৱালী দেখিলে....!

ছোৱালীজনীয়ে চুটি গাউন এটা পিন্ধি আছিল ! ভেকোলাই ভাবিলে যে তাৰ ঘৈণীয়েকলৈ তেনেকুৱা কিবা এটা লৈ যাব আৰু তাৰ ঘৈণীয়েক পুতলীকো ধুনীয়া দেখা হব !
লাহে লাহে সি ছোৱালীজনীক সুধিলে.... 
“ ভন্টি, কি নাম তোমাৰ ?” 
“ কিয় লাগে ?”(ঘোপাকৈ চাই... ) 
“ নাই মানে এনেই সুধিছো ...!” 
“ ভন্টি, এইটো কত পায় ?” (গাউনটোলৈ আঙুলিয়াই) 
“ গছত লাগে...” (খঙেৰে ...) 
“ ভন্টি.... বৰ কলিতে ছিঙিলা দেই!"

___________________________________

Funny Assamese Jokes, New Jokes

গিৰিজাই মাষ্টৰ- Assamese Joke

 কেৰকনৰ বৰ ভয়... ঘৰৰ পৰা বাহিৰ হলেই গিৰিজাই মাষ্টৰে বাট আগুচি ধৰে!কথা একো নাই.. মানুহৰ উচচাৰণত ভুল ধৰি ভাল পায় গিৰিজাই মাষ্টৰে.... মানে একেবাৰে শুদ্ধ উচ্চাৰণৰ মানুহ! (কেৰকনৰ আকৌ এনেই অলপ অসুবিধা হয়..... যেনে... আৰু টো আও.... প্ৰথম টো পথম ... ইত্যাদি.. ) 

আজি ৰাতিপুৱা কেৰকন ঘৰৰ বাহিৰলৈ ওলাল..! ওলায়েই দেখিলে যে মাষ্টৰ ৰৈ আছে.. বাহিৰত....! 
মাষ্টৰ : কলৈ যাৱ কেৰকন ?
কেৰকন : পতাপৰ দোকানলৈ যাও !
মাষ্টৰ  : (মুখ বিকটাই... ) হেৰৌ.. পতাপ নহয়... ঔ.. "প্ৰতাপ" হে..... ৰ কাৰ এডাল .. থাকে নহয়...! কিবা কাম আছিল নেকি ?
কেৰকন : (সাৱধান হৈ ...) নহয় মানে ছাৰ্.. পথমতে পতাপৰ দোকানৰ পৰা চাকি দুগছ লৈ স্কুল যাম !আজি শধান্জলি পাতিছে নহয় ! 
মাষ্টৰ  : (খঙেৰে...গালি পাৰি... ) তহত.. মূৰ্খবোৰে .. অসমীয়াৰ জাত মাৰিলি....! ৰ কাৰ যোগ দিবলৈ কিমান শিকাব লাগে ? পতাপ নহয় প্ৰতাপ্.... পথম নহয় প্ৰথম্.... আৰু মাৰিলি.. ঐ মাৰিলি.... ! শধান্জলি ... নহয় ... ঐ ..গৰু .. শ্ৰদ্ধাঞ্জলি.. হে ......!
এইবাৰ কেৰকনৰ সচাই ভয় লাগিল.... ! পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ... সি ভাবিলে.... যে মাষ্টৰক  মাফ খুজি ইয়াৰ পৰা পলাব পাৰিলেই হল আৰু ....! 
কেৰকন : (অলপ চিন্তা কৰি...) ত্ৰেত্ৰিয়া হ্ৰলে ছ্ৰাৰ, আজ্ৰিৰে প্ৰৰা ম্ৰই স্ৰব্ৰত্ৰে ৰ্ৰক্ৰাৰ যোগ্ৰ দ্ৰিম্ৰেই দ্ৰিম ...!আপ্ৰুনি চ্ৰিন্ত্ৰা নক্ৰৰ্ৰিব!

 
গিৰিজাই মাষ্টৰ  খঙতে মূৰ্ছা গল... !

______________________________________________

Google Assamese blog, Facebook Assamese jokes

কোনে কিমান ফেঁকিব পাৰে

 এখন ৰেস্তোৰাত... তিনিজন বন্ধুৱে কথা পাতি আছিল্..! তাৰে এজন আমেৰিকান, এজন জাপানিজ আৰু এজন অসমীয়া ...! কথাই কথাই.. তেওলোকৰ মাজত নিজ নিজ দেশৰ টেকনলজিৰ ফুটনি আৰম্ভ হল !


আমেৰিকান : আমাৰ এমেৰিকাত এইবাৰ এখন এৰোপ্লেন বনাইছে যে, একেবাৰে মুনৰ (চন্দ্ৰ) লগে লগে উৰে ! 
জাপানিজ + অসমীয়া : কি ??? ইমান ওপৰেৰে উৰে ?
আমেৰিকান : (অলপ ভ কৰি) ... নহ মানে ... অলপ তলেদি উৰে .....
জাপানিজ : আমাৰ জাপানে আকৌ এতি এখন ছাবমেৰিন উলিযাইছে.... যিখন.. একেবাৰে সাগৰৰ তলৰ মাটিত লাগি চলিব পাৰে...!
অসমীয়া + আমেৰিকান: কি ??? সচাই নে ?
জাপানিজ : (লাজ পাই) ... নহ.... মানে ... অলপ ওপৰেদি চলে !
অসমীয়া : (অলপ ভাবি) এইবাৰ আমাৰ দেশত এনেকুৱা মানুহ আমি জন্ম দিছোঁ .... 
যে .... সেই মানুহবোৰে...... নাকেৰে ভাত খা !
জাপানিজ + আমেৰিকান : কি ??? ( আচৰিত হৈ .... )


অসমীয়া: ( বুকু ফিন্দাই ... ) নাই... মানে... অলপ তলেদি খা .....! হি হি হি

____________________________________

Assamese Jokes, Google Jokes, Latest jokes

গণেশৰ খং

 গনেশ =: (পাৰ্বতীক ঊদ্দেশ্যি ) মা .... মা .... দেউতা কত আছে ? 

পাৰ্বতী : নাজানো ... বাথৰুম .. গৈছে চাগৈ ...!
গনেশ : (খঙত) সদা সদা কিমান কৈ থাকিব লাগে ? ভাঙ খাই খাই পাহৰি থাকে ! 
কিমান বাৰ কলো .... কাঁটা চামুচ এখন লাগে লাগে বুলি.. !  আনি নিদিলে.. আৰু 
মই সদায় সদায় এইডালেৰে নুডলছ খাব লাগে..... (ত্ৰিশূল ডাল টান মাৰি ....) !

__________________________
Assamese jokes, Facebook jokes

এটিএম পিন

 

থুলুকৰ বিৰাট খং উঠি আছে। বেংকৰ ওপৰত। কাইলৈ একাউণ্ট বন্ধ কৰি জমা টকা সকলোখিনি উলিয়াই পেলাব বোলে। হয়ো দিয়কচোন, প্ৰয়োজনৰ সময়ত নিজৰ টকাকেইটাকে উলিয়াব নোৱাৰিলে বেংকত জমা থোৱাৰ কি যুক্তি আছে।
সন্ধিয়া থুলুকক ২০০.০০ টকা এটা লাগিছিল, গেলামালৰ দোকানত দিবলৈ আছিল। 
বজাৰৰ চুকত থকা বেংকৰ এটিএমটোত পইচা উলিয়াওঁ বুলি সোমাল। কাৰ্ডখন নিৰ্দিষ্ট জেগাত সুমুৱাই দিয়াৰ পছত পিন নাম্বাৰ খুজিলে। সি দিছে। শুদ্ধকৈ দিয়াৰ পাছতো ভুল বুলি কয়। তিনি নে চাৰি বাৰ পিন নাম্বাৰটো ভৰালে- 781004 
শেষত গৈ তাৰ এটিএম কাৰ্ডখনেই ব্লক হৈ থাকিল।

___________________________
Facebook Assamese Jokes, Google jokes, Internet jokes

ভেকুলী পৰীক্ষা

 

FACEBOOK jokes

আপোনালোকে জানেনে থুলুকে কলেজত বিজ্ঞান পঢ়িছিল? প্ৰিয় বিষয় আছিল জীৱ বিজ্ঞান। ডাৰউইনৰ কথা পঢ়ি পঢ়ি থুলুকেও ধেৰ কিবা কিবি চেষ্টা কৰিছিল সেই তাহানিতে। তাৰেই কপাল বেয়া, অসম মুলুকত জন্ম ল'লে। নহ'লে ইমানদিনে তাৰ বিভিন্ন পৰীক্ষাৰ খবৰ গোটেই হাতীপটিয়ে জানিলে হয়। বিশ্বাস নকৰিব বুলি জানিয়েই মই থুলুকৰ তেনে এটা পৰীক্ষাৰ সবিশেষ গোটাই আনিছোঁ।
লক্ষ্যঃ ভেকুলীৰ ঠেঙৰ জোৰ হিচাপ
আপোনাক লাগিব: ১) এটা বেং ভেকুলী
২) এখন সৰু তক্তা
৩) কেইটামান আলপিন
৪) এটা ভিডিঅ' কেমেৰা (নহ'লেও চলিব)
৫) স্কেল বা ফিটা (ওচৰৰ বেৰত আঁকি ল'ব পাৰিলে একদম সঠিক হিচাপ পাই যাব)


প্ৰণালী:
ভেকুলীটোক তক্তাখনৰ ওপৰত বহাই লওক। আলপিন এটা হাতত লৈ "এক, দুই, তিনি" বুলি মুখেৰে জোৰেৰে চিঞঁৰক আৰু ভেকুলীৰ টিকাত লাহেকৈ খুচি দিয়ক। বেং ভেকুলীটোৱে কিমান ওপৰলৈ জপিয়াই স্কেল বা ফিটা বা ভিডিঅ' কেমেৰাৰ ফুটেজ চাই হিচাপ কৰক আৰু লিখি ৰাখক। এতিয়া এখন এখনকৈ ভেকুলীটোৰ ঠেং কাটি গৈ থাকক আৰু একদ'ৰেই প্ৰতিবাৰ কিমান ওপৰলৈ জপিয়াই হিচাপ কৰি লিখি যাওক।


থুলুকে নিজে কৰা এই 
ভেকুলীটোৰ ফলাফল এখন প্ৰকাণ্ড নোটবুকত লিখি ৰাখিছিল। ময়ো আপোনালোকৰ সুবিধাৰ কাৰণে যেনেকৈ আছিল তেনেকৈয়ে তলত দি দিছো।


ফলাফলঃ
১) চাৰিটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ৪ ফুট জপিয়াব পাৰে।
২) তিনিটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ৩.২৫ ফুট জপিয়াব পাৰে।
৩) দুটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ২ ফুট জপিয়াব পাৰে।
৪) এটা ঠেঙৰ বেং ভেকুলীয়ে (পিঠিত বগা ফুট ফুট থকা প্ৰজাতিটো) ১.২৫ ফুট জপিয়াব পাৰে।
৫) চাৰিওটা ঠেং কাটি দিলে বেং ভেকুলীৰ শ্ৰৱণ শক্তি নোহোৱা হৈ সম্পূৰ্ণ কলা হৈ পৰে। বিষ অনুভৱ কৰিব পৰা ক্ষমতাও নোহোৱা হৈ পৰে। 

**থুলুকে এতিয়াও দুখ কৰে অসমত বিজ্ঞানৰ পৰীক্ষা নিৰীক্ষাৰ আদৰ নাই বুলি।


Facebook Jokes, Gajari Dot Com, Latest Assamese Jokes

by Rajib Ranjan

Assamese joke- MP sir

 অফিচাৰ: আপোনাৰ নাম কি?

প্রার্থীঃ M.P চাৰ ৷ 
অফিচাৰ: এম.পি ? তাৰ মানে কি?
প্রার্থীঃ মোহন পাল চাৰ ৷
অফিচাৰ:আপোনাৰ পিতাৰ নাম কি ?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ:তাৰ মানে কি?
প্রার্থীঃ মদন পাল চাৰ ৷
অফিচাৰ: আপোনাৰ যোগ্যতা?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ: (খং কৰি) এইটো কি?
প্রার্থীঃ মেট্রিক পাচ চাৰ ৷
অফিচাৰ:আপুনি কিয় কাম বিচাৰিছে ?
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ: (অঅহহ) তাৰ মানে কি?
প্রার্থীঃ মানি প্রব্লেম চাৰ ৷
অফিচাৰ: আপোনাৰ PERSONALITY বর্ণনা কৰক ৷ 
প্রার্থীঃ এম.পি চাৰ ৷
অফিচাৰ:খুলি কওঁকচোন ৷ 
প্রার্থীঃ MAGNANIMOUS PERSONALITY চাৰ ৷
অফিচাৰ: আপুনি এতিয়া আহিব পাৰে ৷ 
প্রার্থীঃ এম.পি চাৰ ?
অফিচাৰ: এইটো কি আকৌ ?
প্রার্থীঃ MY PERFORMANCE …?
অফিচাৰ: M.P !!!
প্রার্থীঃ তাৰ মানে কি চাৰ ?
অফিচাৰ: MENTALLY PUNCTURE
__________________________________
Google Jokes, Assamese jokes, Latest Facebook jokes