Gajari: the Best of Indian Jokes

September 10, 2013

ছোৱালীবোৰো আৰু দেই.....

মই কোৱা নাই দেই, মোলৈ এজন ল'ৰাই এইখিনি মেছেজ কৰি পঠাইছে:
"এডমিন বাবু! বৰ পৰেছান হৈ আছো, পাৰিলে কিবা উপায় দিয়ক হে|
এই যে ছোৱালীবোৰ, বিশেষকৈ মোৰ গাৰ্লফ্ৰেণ্ডজনী; কথাই কথাই তাইৰ অভিযোগ|

* যদি তাইৰ লগত ভাল ব্যৱহাৰ কৰো, তাই কয়- হৈছে হৈছে, তেল মাৰিব নালাগে|
যদি অলপ ৰাফ ব্যৱহাৰ কৰো, তেতিয়া কয়- জানু, আজিকালি তুমি মোক পাট্টাই নিদিয়া, ব্ৰেক-আপ কৰি দিম কিন্তু!

* যদি মই ভাল ভাল চাই কাপোৰ পিন্ধো, তাই কয়- হু? কোনজনী অপেচৰীক ইমপ্ৰেছ কৰিব খুজিছা হা?
যদি বেয়া কাপোৰ পিন্ধো কয়- তুমি কিয় ইমান জধলা? ব্ৰেক-আপ কৰি দিম কিন্তু!

* যদি কিবা সমস্যা হয় আৰু তাইক নকও, তাই কয়- তুমি মোক নিজৰ বুলি নাভাবাই নেকি?
যদি সমস্যাৰ কথা তাইক কও, তাই কয়- তুমি কিয় ইমানকৈ কমপ্লেইন কৰি থাকা হা? ব্ৰেক-আপ কৰি দিম কিন্তু!

* যদি তাইক্ চিনেমা চাবলৈ লগ ধৰো, তাই কয়- আচ্ছা, তুমি কেটৰিণা কাইফাক চাবলৈ যাব বিচাৰিছা, চব বুজি পাইছো|
যদি চিনেমা চাবলৈ লগ নধৰো, কয়- তুমি আজিকালি আন-ৰোমান্টিক হৈ গৈছা, ব্ৰেক-আপ কৰি দিম কিন্তু!

* ফোন কৰিলে কয়- ইমান পেনপেনীয়া কিয় তুমি? আৰু কাম নাই নেকি?
ফোন নকৰিলে কয়- আস, তুমি ইমান বিজি, কাৰ লগত বিজি হা? ব্ৰেক-আপ কৰি দিম কিন্তু!

*** মই তো কোনো উপায় দিব নোৱাৰিলো এই ল'ৰাজনক, আপোনালোকেই পাৰে যদি দিয়ক আৰু প্ৰিয় গাজাৰীয়ান ভাই বেহেন সকল!

August 30, 2013

ডকাইতৰ সতে এনকাউন্টাৰ

এদিন এটা নিৰ্জন ৰাস্তাইদি চেংমাই বজাৰলৈ গৈছিল । হঠাৎ ডকাইতে তাক ধৰিলে ।

ডকাইত :-- ঐ বেটা, তোৰ লগত যি য'ত টকা আছে সকলো দে !

চেংমাই :-- দাদা, মোৰ হাতত একো নাই !

ডকাইত :-- একো নাই, সঁচাই কৈছনে ? এইবাৰৰ পৰা এই ৰাস্তাইদি আহিলে লগত টকা আনিবি ! ভাগ চাল্লা......

ডকাইত :-- ঐ ৰ'হ...!

চেংমাই :-- কি হ'ল দাদা ?

ডকাইতটোৱে চেংমাইৰ দীঘল চুলি এডাল টানি চিঙি পেলালে ।

চেংমাই :-- কি বে' ভাই ? মাথাৰপৰা চুলি চিঙিচ্ কেলেই ?

ডকাইত :-- চুলি এডাল চিঙি নিদিলেতো, ফেচবুকত আপদেট দিবিগৈ যে গাজাৰীত গৈ কবিগৈ নহয় বুলে ডকাইতে ধৰিছিল কিন্তু মোৰ সামান্য চুলি এদালো একো কৰিব নোৱাৰিলে ।

by চাবোন চন্দ্ৰ চৌদাখাৰ

চেংমাৰ গান

(by Joy Chakroborty)

Find us on Facebook

এটা দেশ ভক্তিমূলক গীতৰ কিমান শক্তি থাকে বাৰু… ???
মাথো এটা দেশ ভক্তিমূলক গীতেৰেই এবাৰ চেংমাই খতৰণাখ উগ্ৰপন্থীৰ পৰা কেৱল নিজৰ জীৱন ৰক্ষা কৰাই নহয়, এই গীতৰ বাবেই বিবেক দংশনত ৩ জনকৈ উগ্ৰপন্থী আত্মঘাতী হৈ মৰে আৰু তাৰেই ফলত চৰকাৰে মহান চেংমালৈ “গৰমবীৰ চক্ৰ” বটা প্ৰদান কৰে। মহাশয় আমাৰ গাজাৰীৰ এডমিন হোৱাৰ বাবে মই গৰ্বিত, বোলো জয় গৰমবীৰ চেংমাৰ জয়…......


An Onion tale

দেবুদা: পিয়াজ কেনেকৈ দিছা?
বেপাৰী: জুখি জুখি দিছো

দেবুদা: মানে, দাম কিমান?
বেপাৰী: এক কেজিত 70 টকা

দেবুদা: বেছি কৈছা, কম নকৰা নেকি?
বেপাৰী: কৰিম

দেবুদা: কিমান কমত দিবা
বেপাৰী: আধা কেজি 40 টকাত লৈ যাওক

দেবুদা: হি হি, দিয়া দিয়া, আধা আধা কেজিৰ চাৰিটা টোপোলা বান্ধি দিয়া!

by Changmai

মেগা ছিৰিয়েলৰ মেগা কাহিনী [Assamese Jokes]

এখন মেগা ছিৰিয়েল
(আজিকালি মই মাজে মাজে টি.ভি. চাবলৈ সময় পাইছো ৷ মেগা ছিৰিয়েল এখন চোৱাৰ পাছত মনলৈ অহা কথা কিছু আৰু ইন্টাৰনেটত পোৱা আন এক লেখাৰ সহায় লৈ )
(মেগা ছিৰিয়েল মূল গল্প
মালি আৰু মালিৰ পৰিবাৰ মালা ৷ এদিন মালাৰ মন গ’ল বাহঁগাজৰ সৈতে গাহৰি খাবলৈ ৷ মালি পালে গৈ গনেশগুৰি বজাৰ ৷ গোটাই আনিলে গাহৰি আৰু গাজ ৷)

পর্ব ১ : মালি আৰু মালাৰ দেখা দেখি ৷ পানবজাৰত ৷
পর্ব ২ : মালি আৰু মালা প্রেমত পৰিল।
পর্ব ৩ : মালাৰ প্ৰাক্তন প্ৰেমিকে কথাটো জানিব পাৰিলে ।
পর্ব ৪ : প্ৰাক্তন প্ৰেমিকে মনে মনে প্লেন তৈয়াৰ কৰিলে।
পর্ব ৫ : মালি আৰু মালাৰ মাজত ভুল বুজা-বুজি হ’ল।

পর্ব ৫১ : মালি আৰু মালাৰ বিয়া ৷
পর্ব ৫২ : মালিহঁতৰ প্ৰতিবেশীৰ ঘৰত এদিন বাহঁগাজৰ সৈতে গাহৰি আঞ্জা ৰান্ধিলে ৷
পর্ব ৫৩ : সেই কথা জানিব পাৰিলে মালাই ৷
পর্ব ৫৪ : মালাই মালিক বাহঁগাজৰ আৰু গাহৰি কিনি আনিবলৈ অনুৰোধ কৰিলে।
পর্ব ৫৫ : মালিয়ে জনালে যে তেওঁ গাহৰি কিনিব নোৱাৰিব ৷ কাৰণ গাহৰিৰ দাম অনেক ৷

পর্ব ১৫১ : গাহৰি কিনিব নোৱাৰৰ বাবে মালি আৰু মালাৰ বিবাহ বিচ্ছেদ হ’ল ৷
পর্ব ১৫২ : দুয়োৰে মাজাত এতিয়া অহি-নকুলৰ সম্পর্ক।
পর্ব ১৫৩ : মালি আৰু মালা এতিয়া বেলেগে বেলেগ থাকে ৷

পর্ব ২০১ : মালা আন এজন যুৱকৰ প্ৰেমত পৰিল ৷
পর্ব ২০২ : মালি আন এগৰাকী যুৱতীৰ প্ৰেমত পৰিল ৷
পর্ব ২০৩ : মালি মালাৰ প্ৰেম পৃথক পৃথককৈ চলি থাকিল ৷

পর্ব ৫০১ : মালা দ্বিতীয়বাৰৰ বাবে বিয়াত বহিল ৷
পর্ব ৫০২ : মালি দ্বিতীয়বাৰৰ বাবে বিয়াত বহিল ৷
পর্ব ৫০৩ : দুই নিজৰ নিজৰ সংসাৰত ব্যস্ত হ’ল ৷

পর্ব ১০০১ : মালি বজাৰ কৰিবলৈ গনেশগুৰি বজাৰ পালে গৈ।
পর্ব ১০০২ : মালা বজাৰ কৰিবলৈ গনেশগুৰি বজাৰ পালে গৈ।
পর্ব ১০০৩ : মালি মালাৰ দেখা দেখি হ’ল ৷
পর্ব ১০০৪ : বাহঁগাজ আৰু গাহৰিৰ জটিলতাৰ ফ্লছেবেক ।

পর্ব ১২০১ : মালিয়ে মালাক সুধিলে, ‘‘মই তোমাক বাহঁগাজ আৰু গাহৰি কিনি দিওঁ নেকি’’?
পর্ব ১২০২ : মালাৰ চকুত চকুপানী ৷
পর্ব ১২০৩ : মালাই সুধিলে ‘‘সঁচাকৈ কিনি দিবা ?’’

পর্ব ১৩০১ : মালিৰ চকুত চকুপানী ৷
পর্ব ১৩০২ : মালিয়ে থোকাথুকি মাতেৰে জনালে, ‘‘অ কিনি দিম ৷’’
পর্ব ১৩০৩ : মালি মালা দুয়োৰে চকুত চকুপানী ৷

পর্ব ১৫০১ : বাহঁগাজ আৰু গাহৰি কিনিবলৈ দুয়ো আগবাঢ়িল ৷
পর্ব ১৫০২ : হঠাৎ এখন গাড়িয়ে চেপি দিলে মালিক ৷
পর্ব ১৫০৩ : আআআআআআ কৰি চিৎকাৰ কৰি উঠিল মালা ৷
পর্ব ১৫০৪ : হস্পিতললৈ লৈ যোৱা হ’ল মালিক ৷

পর্ব ৮৬৬১ : (এই পৰ্বত কি হ’ল মই ভালকৈ বুজি নাপালো ৷ আজিকালি মই চকুৰে ভালকৈ নেদেখো, কানেৰেও কম শুনো )...........................

by Pratibhu Dutta

পাৰ্টী এট দেবুদাৰ হাউছ

দেবুদাৰ ঘৰত অলপ মিহিকে পাৰ্টী চলি আছে- ভূ দা, চেংমাই, কলিতা, দত্ত, নষ্ট, জ্যোতি চব বহি আছে/ দুঘন্টামান হ'ল/ নিশা 11 বাজে আৰু/ জমি আছে/ তেনেতে দেবুদাৰ ছোৱালীজনীয়ে আহি কাণে কাণে দেবুদাক কিবা ফুচফুচাই ক'লেহি...

একোকে বুজিব নোৱাৰি দেবুদাই ক'লে: মাজনী, যি ক'ব আছে, স্পষ্টকৈ জোৰেৰে ক'ব লাগে/ এনেকৈ ফুচফুচাই ক'লে কি বুজি পাম?

ছোৱালীজনীয়ে এইবাৰ জোৰে জোৰে ক'বলৈ ধৰিলে: পাপা, পাপা, মায়ে তোমাৰ আটাইকেইটা বন্ধুকে ঘৰলোই খেদাই দিবলৈ কৈছে/ কৈছে যে কাম নাইকিয়াৰ নিচিনাকৈ আনৰ ঘৰত মাজনিশালৈকে বহি থাকে/ খুন্দনাত খুন্দিব লাগে ইহতক/

দেবুদা: হি হি

by Changmai

**Assam আৰু Assamese মানুহৰ বিষয়ে জানিবলৈ এই ব্ল'গটি অনুসৰণ কৰক: ৰূপহী অসম

August 17, 2013

বাদাম খালে বাঢ়ে ব্ৰেইন

কলিতাই গনেশগুৰিত বাদাম বেচি আছিল ...

চেংমাই : এইবোৰ খালে কি হয়??
কলিতা : মগজ হয় ..
চেংমাই : কেনেকৈ ??
কলিতা : ক'ওকচোন, ১ কেজি চাউলত কিমানটা চাউলৰ দানা থাকে ?? 
চেংমাই : নাজানো নহয়...

কলিতাই বাদাম এটা খাবলৈ দি সুধিলে এতিয়া ক'ওকচোন, এক ডজনত কেইটা কল থাকে ?
চেংমাই : বাৰটা 
কলিতা : হে হে হে, য়, আপোনাৰ মগজ বাঢ়িল নে ? 
চেংমাই : ওকে, ওৱাও, আইলা... এক পোৱা বাদাম দিয়ক ... বান্ধি নিদিব, ইয়াতে খাম, আৰু আমাৰ দীপা বেঙীৰ কাৰণেও দুই কিলো বান্ধি দিবচোন... হি হি হি

By Dipa Moni