Gajari: the Best of Indian Jokes

October 14, 2022

সঁচা কথা ক'লে থুলুক বেয়া

 হিটলাৰ- মোৰ অভিধানত 'অসম্ভ বুলি কোনো শব্দ নাই।


থুলুক- এতিয়া কৈ কি লাভ? অভিধানখন কিনাৰ সময়ত চাই ল'ব লাগিছিল ভালকৈ। হিঃহিঃহিঃহিঃ...
_____________________

ল'কৈ আৰু ডাক্তৰ

ল'কৈৰ প্রচণ্ড পেটৰ বিষ.. ডাক্তৰৰ ওচৰলৈ গ'ল.. ডাক্তৰো ডাক্তৰ আৰু.. কিবা বিলাতী টাইপ.. অসমীয়াতে কথা পাতে যদিও মাজে মাজে দুই এটা ইংৰাজী শব্দ নক'লে নিজকে ডাক্তৰ যেন নালাগেচোন.. ল'কৈক চালে কিবাকিবি যন্ত্র পাতি লগাই.. ঔষধ দিলে দুপালি.. 

মাজতে ইংৰাজী শব্দ ভৰোৱাৰ বিলাসিতাৰে ল'কৈক কলে, "এই দুপালি ল'.. এপালি মিল'ৰ (meal-food) আগত আৰু এপালি মিলৰ পাছত খাবি.." 
ল'কৈয়েও বুজি পোৱা যেন দেখুৱাই আহি ৰত্ন মহাজনৰ ধান বনা মিলটোৰ আগফালে গৈ এপালি আৰু মিলটোৰ পাছফালে গৈ এপালি ঔষধ খালে বাপ্পেকে!

Facebook Jokes


কবিতাটো ক'লৈ গ'ল?

 স্বামী : হেৰা, কালি মই লিখা কবিতাটো ক'লৈ গ'ল ?

পত্নী : মই কেনেকৈ জানো!

স্বামী : মাইনাই ফালি পেলালে নেকি ?
পত্নী : সি পঢ়িব নজনা ল'ৰাটোৱে কিয় আপোনাৰ কবিতা ফালিব?
_______________________________________

১০ বছৰ জেইলত

 কথা পাতি পাতি গাড়ী চলাই থাকোতে দুজন মানুহক খুন্দিয়াই নিহত কৰাৰ অপৰাধত দুগৰাকী মহিলাৰ ১০ বছৰ জেইল হৈছিল।


দুয়ো সম্পুর্ণ ১০ বছৰ জেইলত একেলগে কটাই মুকলি হোৱাৰ দিনা জেইলৰ গেটৰ পৰা ওলাইয়ে ইজনীয়ে সিজনীলে চাই মিচিকিয়ালে আৰু ক'লে- "বাকী কথা ঘৰত গৈ ভাল কে পাতিম গে আৰু দেই "
____________________________

Assamese #Facebook #Jokes

মদ খালে গুছি যাব নেকি?

গগৈ:- কুহুৰ কুহুৰ, ইমান কে কাহ হৈ আছে চাৰিদিনমানৰ পৰা- অশান্তি পাইছোঁ দেই একদম...

দত্ত:- ল’ মোৰ বটলটোৰ পৰাই দুই চিপ মাৰি দে লাহেকে!

গগৈ:- ধেত, কি কৱ? মদ খালে মোৰ কাহটো গুছি যাব নেকি কিবা?

দত্ত:- হুইট, কেলে নেযাব? মদ খোৱাৰ পিছত মোৰ চাকৰিটো গ’ল, গাড়ীখন গ’ল, ঘৈণীজনীও গুছি গ’ল... তোৰ কাহটো নো কেলে নেযাব ?
গগৈ:- বাত মে লেকিন দম হ্যায় দেই- ঠিকেই
__________________________________________

Consumption of alcohol is injurious to health.
This is for pure laughter, not assamese porn or not assamese xxx videos. Please comment sensibly. 

Assamese to English Translation

ইংৰাজীলৈ অনুবাদ কৰ:


১/ কালি তোক পাণ্ডেৰ দোকানত চিগাৰেট টানি থকা দেখিছিলো 
ইয়েস্তাৰদে আই চ’ ইউ পুলিং চিগাৰেট ইন পাণ্ডে চপ | 

২/ছোৱালীৰ পিছে পিছে কিয় ঘূৰ? লাজ নাই?
হুৱাই ইউ ৰ’টেট আফটাৰ গাৰ্ল- ন’ চেম ?

৩/কাগজখন তুলি ডাষ্টবিনত পেলা !
আফটাৰ লিফ্টিং দা পেপাৰ ফল ইন ডাষ্টবিন ! 

৪/মই বিচাৰোঁ মোৰ ল’ৰাটোৱে পঢ়ক আৰু ছোৱালীজনীৰ বিয়া হৈ যাওক |
আই ৱান্ট টু ষ্টাডী মাই চান এন্ড মেৰী মাই ড’টাৰ | 

৫/অনুগ্ৰহ কৰি চিৰিয়াখানাৰ জন্তুবোৰক খাবলৈ নিদিব |
প্লীজ ডু নট ট্ৰাই টু ইট দা এনিমেলচ অব দা জু | 

৬/কি খবৰ?
হুৱাট ইজ নিউজ?

৭/হেল্লো, আপুনি কোনে কৈছে?
হেল্লো, হু উ টেলিং?

____________________________________

Google Assamese jokes, Funny translation Assamese, Hilarious jokes, Latest jokes, Facebook jokes

থুলুকৰ টেমা গৰম

 থুলুকৰ টেমা গৰম হৈ আছে। আগৰ দিনেই ভাল আছিল। মাহৰ মূৰত দস্তুৰমত ঘৰলৈ কাগজ আহিব। কাগজত লিখা থাকিব কিমান টকা দিব লাগিব। আৰু সি দি থৈ আহিব। আৰু ফোনটো সদায় নিজৰ জেগাত বিদ্যমান। বিচাৰি ফুৰিব নালাগে। এই ম'বাইলডাল অহাৰ পৰাই চব নষ্ট হ'ল। বিল কিমান আহিব কোনো হিচাপ নাই। এমাহত ৭০০ টকা যদি পাছৰ মাহত ১২০০ টকা। আৰু ফোনটো বেছিভাগ সময় বিচাৰি থাকোতেই টাইম যায়। বিলখনো ঘৰলৈ নাহে। পইচা কিমান হৈছে জানিবলৈ ফোন কৰিব লাগে। তাকো আকৌ ইংৰাজীতহে কথা ক'ব লাগে। সিফালে থকাকেইটাই যিহে পটৰ পটৰ ইংৰাজীত কয়। সিও কম ভকত নহয়। সিও শিকি লৈ আজি ফোনালে: "মাই ম'বাইল বিল হাউ মাছ?"।

আৰে ভাই তোক ফোনৰ বিল শুধিছো, তই উলিয়াই মেলি ক'।

তাই উত্তৰ দিয়ে: "চাৰ, জাষ্ট ডায়েল 123 টু ন' ইয়'ৰ কাৰেণ্ট বিল।"

দি দিলে থুলুকেও: "ইষ্টুপিট, ননচেন্চ!! ফোন বিল, নট্ কাৰেণ্ট বিল। কাৰেণ্ট বিল পেইড্।"